Posts

Showing posts from September, 2018

মুখ্যমন্ত্ৰী মহোদয়লৈ মুকলি চিঠিঃ

Image
মুখ্যমন্ত্ৰী মহোদয়লৈ মুকলি চিঠিঃ * সবনম চৌধুৰী* সন্মানীয় জাতীয় নায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়, টোপনি অহা নাই বাবেই আপোনালৈ বুলি একলম লিখিলো ... মহাশয়, আমি কোনো নপুংশক কিম্বা কাপুৰুষক জাতীয় নায়কৰ আসনত প্ৰতিষ্ঠিত কৰা নাই নতুবা কোনো বাংলাদেশীক মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিব দিয়া নাই ৷ তিনি কোটি বাৰ লাখ জনতাই শৰাইঘাটৰ অপ্ৰতিৰোধ্য অসমীয়া যুদ্ধাৰ হৃদয়ৰ স্পন্দনৰ নিশ্বাসক বিশ্বাসত লৈ অভিভাৱক হিচাপে নিৰ্বাচিত কৰিছে ৷ আপুনি আমাৰ অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ জাতিৰ আশা-ভৰষা,ভ ৱিষ্যতৰ ৰূপ ৰেখা ৷ আপোনাৰ সহায় অবিহনে আমি নিঃস্ব, ইতৰ, অতি দুৰ্বল ৷ শদিয়াৰ পৰা ধুবুৰী লৈ দুনাই অসম আন্দোলনৰ সূচনা হৈছে ৷ আপুনি নিশ্চয় পাহৰি যোৱা নাই 1983 গণহত্যাৰ কথা ৷ হেজাৰ হেজাৰ নিৰুপৰাধী লোকে প্ৰাণ আহুতি দিছিল স্বতঃস্ফুৰ্ত ভাৱে ৷ অসমীয়া জাতিটো স্বভিমান তথা আত্ম-সন্মান থকা জাতি ৷ কাৰো পদানত হৈ জীয়াই নাথাকে ৷ ৰুদ্ৰ সিংহই কৈছিল-“বঙালৰ হাতৰ ভাত খোৱাত কৈ মৰি যোৱাই শ্ৰেষ্ট ৷" আপুনি যিখন আসন বৰ্তমান শুৱনি কৰিছে এই সন্মানীয় মুখ্যমন্ত্ৰীৰ আসনখন লাভ কৰিছে একমাত্ৰ বিদেশী খেদাৰ নামত ৷ আজি কিয় আপুনি ভিজা মেকুৰী নিজা

অব্যক্তঃ

Image
*সবনম চৌধুৰী * নীলাকাশৰ চোতালত সাত ৰঙী ৰামধেনুৱে বিহাৰ কৰিছে ৷ মনটো ফৰকাল বাবেই স্পেইনৰ পখিলাবোৰে চৌপাশে মলয়া বা দি উৰিছে ৷ আজি তোমালৈ বৰকৈ মনত পৰিছে জানা নে ! তুমি যেতিয়া মোৰ চকুত চকু থৈ প্ৰেমৰ চিৰন্তন প্ৰশ্নটি কৰিছিলা---" তুমি মোক ভাল পোৱা নে ? " ৷ মই বাক্-ৰুদ্ধ হৈ গৈছিলো ৷ অহংকাৰি হৈ ভাৱিছিলো --- "ভালপোৱা মনোহাৰি দোকানৰ পন্য সামগ্ৰী নহয় যে দুটকাৰ বিনিময়ত যাৰ তাৰ হাতত তুলি দিব পাৰি ৷" মোৰ নীৰৱ উত্তৰত তুমি হতাশ হৈ আঁতৰি গৈছিলা ৷ চাৰিআলি পাৰ হওঁত ে মোৰ জানা বৰ ভয় হৈছিল, খোজ বোৰ একে-বেঁকাকৈ পৰিছিল ৷ তুমি বাৰু মোৰ অমাবস্যাৰ নিশাৰ দৰে ঘন চুলিটাৰি লৈ কিয় ৰ লাগি চাই আছিলা, ধেনুভিৰীয়া চেলাউৰি, সজল চকু, আৰু লাহি ওঁঠ যোৰিও ভয়তে কঁপি উঠিছিল ৷ তোমাৰ ছাঁৰ ভয়ত মই কুচি-মুচি খাই গৈছিলো ৷ কিজানিবা তোমাৰ নিশ্বাস বোৰে মোক ব্যাকুল কৰি তুলে আৰু মই নীড় ভঙা পক্ষীৰ দৰে কামিহাড় ওলোৱা নদীৰ তীৰৰ বাসিন্দা হৈ ক্ষত টাইটানিকৰ অপেক্ষাত থাকিব লগা হয় ৷ মোৰ অভিমান ভাঙিবলৈ তুমি আনৰ লগত প্ৰেমৰ আখৰা কৰিছিলা ৷ মৰমে মৰমৰ জন্ম দিয়ে ৷ মোৰ জানা বৰ দুখ লাগিছিল মই ভাৱিছিলো --- " তুমি মানসিক ৰোগৰ চিক

অভিশপ্ত অবোধ মাংস পিণ্ড

Image
মৰমৰ মা/দেউতাঃ— বিধাতাৰ কৃপাত তোমালোকে চাগে ভালেই আছা ! মা/দেউতা মোৰ কি ভুলৰ বাবে মায়াময় পৃথিৱীৰ প্ৰথম আলোক পায়েই কুকুৰৰ খাদ্য হ'ব লগা হ'ল ? তোমালোকৰ দহ মিনিটৰ দৈহিক শান্তিৰ বাবে মোক দহ মাহ আবদ্ধ কোঠাত ৰাখি শেষত ক'লা পলিথিনক ধাত্ৰী সজাই কেনেকৈ ডাষ্টবিনলৈ পেলাই দিলা মা ! নৰ্মানে কৈছিলঃ" মৃত্যুৱেই জীৱনৰ বৃহৎ ক্ষতি নহয়, জীয়াই থাকোতেই যিটো ভিতৰতে মৰি শেষ হয় সেইটোৱেই বৃহৎ ক্ষতি ৷" মা/দেউতা বুকুত হাত থৈ ক'ব পাৰিবা নে তোমালোকৰ কোনো ক্ষতি হোৱা নাই ! দেউতাৰ মন্ত্ৰণাত তোমাত এটুকুৰা মাংস পিণ্ডৰ আধাৰশিলা স্থাপন কৰি আঁতৰি গ'ল ! মা ! তুমিতো দহ মাহ মোক তোমাৰ দেহৰ তেজ-পানীৰে জীয়াই ৰাখিলা,তোমাৰ কিয় দয়া-মমতা নহ'ল মা ! গান্ধীজীয়ে কৈছে— "মৰিবা কিন্তু নামাৰিবা ৷" গান্ধীৰ দেশৰ মানুহ হৈ কেনেকৈ মোক পেলাই দিলা মা ! সমাজৰ ভয়ত ? পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থান হ'ল মাতৃৰ কোলা; কিন্তু মোৰ স্থান ক'ত মা ! তুমি জানো ফুলনদেৱীতকৈয়ো ভয়ানক ? জানানে ভূমিষ্ঠ হৈয়ে মই বৰ ঠাণ্ডা অনুভৱ কৰিছিলো মা, তোমাৰ উমাল বুকুত মূৰ গুজি সুখ নিদ্ৰাত নিমজ্জিত হ'বৰ মন আছিল, কান্দি কান্

সুখী হোৱাৰ কৌশলঃ

Image
সুখী হোৱাৰ কৌশলঃ https://www.facebook.com/pg/shabnamchoudhury83/posts/?ref=page_internal *সবনম চৌধুৰী*® 1/ টোপনিৰ পৰা উঠি প্ৰকৃতিৰ নিৰ্মল পৰিৱেশত 30 মিনিট খোজ কাঢ়ক ৷  2/ নিৰ্জন ঠাইত অকলশৰে অন্তত দহ মিনিট সময় কটাওক ৷ 3/ দিনটোত কি কি কাম কৰিব তাৰ বাবে মনতে এখন তালিকা প্ৰস্তুত কৰি লওক ৷  4/ যিমান সম্ভৱ ঘৰতে উৎপাদিত খাদ্য সামগ্ৰী গ্ৰহণ কৰক ৷ 5/ পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱা পানী পান কৰক ৷ আহাৰ গ্ৰহণ কৰিয়ে পানী পান নকৰিব ৷ দিনত এবাৰ হ'লেও ৰঙা চাহ খাওক ৷ 6/ অলীক কল্পনা,বেয়া চিন্তা অথবা স্মৃতি ৰোমান্থন কৰি সময় অপচয় নকৰি ভৱিষ্যতৰ চিন্তা কৰক ৷ 7/ ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে,দুপৰীয়াৰ আহাৰ প্ৰজাৰ দৰে আৰু নিশাৰ আহাৰ দৰিদ্ৰৰ দৰে খাওক ৷ 8/ নিতৌ অন্তত তিনিজন ব্যক্তিৰ মুখত হাঁহি ফুটাই তোলক ৷ 9/ জীৱনৰ বেয়া দিনৰ সময়ত নিৰাশ নহৈ ভাল দিনৰ অপেক্ষা কৰক ৷ 10/ শত্ৰুক ঘীণ কৰাতকৈ ক্ষমা কৰিবলৈ শিকক ৷ 11/ একেলগে কেইবাটাও সমস্যা থাকিলে এটা এটাকৈ সমাধান কৰক ৷ 12/ তৰ্ক যুদ্ধত জয়ী হ'বই লাগিব বুলি কোনো কথা নাই, সত্যৰ সৈতে মকাবিলা কৰাৰ শক্তি ৰাখক ৷ 13/ সদায় ৰাস্তাত পৰি থকা আৰ্তজনৰ লগত নিজৰ তুলনা কৰি চাওক আপুনি

এখনি ঠিকণা বিহীন চিঠিঃ

Image
এখনি ঠিকণা বিহীন চিঠিঃ--- হে প্ৰাণ প্ৰিয়তম, নীৰৱ পৃথিৱীক সাক্ষী কৰি নীলাকাশৰ ঠিকণাত তোমালৈ বুলি একলম লেখিবলৈ ল'লোঁ ৷ বিশ্বব্ৰহ্মাণ্ড নিদ্ৰাত নিমগ্ন, কাৰণ এয়া যে দুপৰ নিশা ৷ সাৰে আছোঁ মই আৰু মোৰ বুকুৰ মাজত উমি উমি জ্বলা নিস্তব্ধ একুৰা জুই ৷ তুমি ভালে আছা নে ? মোলৈ বাৰু মনত পৰে নে তোমাৰ ? তুমি যিদিনা পৃথিৱীৰ মায়া এৰি গুচি গ'লা, তোমাৰ নিথৰ দেহাটি বাৰাণ্ডাত পৰি আছিল ৷ শত শত জনে তোমাৰ মুখৰ কাপোৰ আঁতৰাই এপলক চাই হুকহুকাই কান্দোনত ভাগি পৰিছিল ৷ মই জানা ! তেতিয়া কান্দা নাছিলোঁ, মই বিশ্বাস কৰা নাছিলোঁ তুমি আৰু নাহিবা বুলি ! ভাৱিছিলোঁ সন্ধিয়া হ'লে তুমি আহি মাত দিবা --শাসনৰ সুৰত ক'বা "সন্ধিয়াতে টোপনি গ'লা যে ! পোনাকণক কিবা খোৱালা নে ! কাপোৰ-কাণি বোৰ ইমান ছেদেলি-বেদেলি হৈ আছে কিয় ! " ---মই অপৰাধ বোধত সকলো দৌৰা-দৌৰিকৈ পৰিপাটি কৰিলোঁহেতেন ৷ কিন্তু তুমি পাষাণৰ দৰে মোক অথাই সাগৰত পেলাই অকলে পলাই গুচি গ'লা আৰু কোনো দিনেই নাহিলা ৷ পদুলিমুখত কোনোবাই গাড়ীৰ হৰ্ণ বজালে বা কাৰোবাৰ মাত শুনিলে মোৰ বুকুখন চিৰিং কৈ উঠে, জানোচা তুমি আহিছা ! তোমাৰ গাৰুখন নিতৌ পাৰি থওঁ, আন্ধ

পৱিত্ৰ কোৰান আৰু গাণিতিক ধাৰণা‌‌

Image
*সবনম চৌধুৰী* পৱিত্ৰ কোৰান আৰু গাণিতিক ধাৰণা‌‌:: গোটেই কোৰান জুৰি, পৃথিৱীৰ জীৱনৰ বিষয়ে উল্লেখ আছে 115 বাৰ আৰু মৃত্যুৰ পিছৰ জীৱনৰ বিষয়ে উল্লেখ আছে 115 বাৰ । শাস্তিৰ বিষয়ে উল্লেখ আছে 117 বাৰ আৰু ক্ষমাৰ বিষয়ে উল্লেখ আছে 234 বাৰ(117×2=234) । ( পৰম দয়ালু আল্লাহ তালাই শাস্তিতকৈ দুগুণ বেছি ক্ষমা কৰি ভাল পায় ।) চয়তানৰ বিষয়ে উল্লেখ আছে 88 বাৰ আৰু ফিৰিস্তাৰ বিষয়ে উল্লেখ আছে 88 বাৰ । বেহেস্তৰ(স্বৰ্গ) কথা উল্লেখ আছে 77 বাৰ আৰু দোজোখৰ (নৰক) বিষয়ে উল্লেখ আছে 77 বাৰ । জাকাতৰ বিষয়ে উল্লেখ  আছে 32 বাৰ আৰু জাকাতৰ মঙ্গল বিষয়ে উল্লেখ আছে 32 বাৰ । গৰমৰ বিষয়ে উল্লেখ আছে 5 বাৰ আৰু ঠাণ্ডাৰ বিষয়ে উল্লেখ আছে 5 বাৰ । সচ্ছলতাৰ (ধনী) সকলৰ বিষয়ে উল্লেখ আছে 26 বাৰ আৰু দৰিদ্ৰ সকলৰ বিষয়ে উল্লেখ আছে 13 বাৰ ।( কিয়ামতৰ দিনাখন দৰিদ্ৰ সকলৰ হিচাপ-নিকাচ অতি সহজ হ'ব ) । নাৰীৰ বিষয়ে পৱিত্ৰ কোৰানত উল্লেখ আছে 23 বাৰ আৰু পুৰুষৰ বিষয়ে উল্লেখ 23 বাৰ । 23+23= 46 । আচৰিত কথা টো হ'ল মানৱ দেহ গঠিত হয় 46 টা বেলেগ বেলেগ ক্ৰমজমেৰে । আধুনিক বিজ্ঞানৰ মতে 23 টা ক্ৰমজম পুৰুষৰ আৰু 23 টা ক্ৰমজম নাৰীৰ সংমিশ্ৰণ হৈ প্ৰথমে আলাকা(জোকৰ দৰে আ

অসমৰ মুছলমান

Image
** সবনম চৌধুৰী**  জ্ঞতাৰ্থে— অসমৰ লাঞ্চিত বঞ্চিত নিপীড়িত এটা সম্প্ৰদায় হ'ল মুছলমান ৷ সদায় মুছলমানক তুচ্ছ - তাচ্ছিল্য কৰি অতি অসমীয়া হোৱাৰ নিৰ্লজ্জ বীৰত্ব দেখুৱাই আহিছে এদল অন্ধ ৰাজনৈতিক নীলা শিয়াল ৷ মুছলমান দেখিলেই গাত ৰাৱনৰ তেজ প্ৰবাহিত হোৱা ভণ্ড ( ছদ্মবেশী ) তথা উগ্ৰ হিন্দুত্ববাদী অসমীয়া বোৰে বাৰু নেজানে নে - 1/ বিশিষ্ট কবি, লেখক ,ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি চান্দ খাঁ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম শিষ্যৰ কথা ৷ 2/ প্ৰথমজন অসমীয়া এম ডি উপাধিকাৰী কৰ্ণেল জালনুৰ আলী আহমেদ  কথা ৷ 3/ বিদেশী কাপোৰ দাহ কৰা প্ৰধান অসমীয়া ও অসমৰ প্ৰথম ফাৰ্মাচিষ্ট ডা: আবুবক্কৰ আয়াজ ৷ 4/ উচ্চ ন্যায়লয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আব্দুল মজিদ ৷ 5/ অসম বিধান পৰিষদৰ প্ৰথম অসমীয়া অধ্যক্ষ ফৈজনুৰ আলী ৷ 6/ আলি ওৰিয়েণ্টল কলেজত পঢ়িবলৈ যোৱা প্ৰথম অসমীয়া ৰহিমুদ্দিন আহমদ ৷ 7/ বি টি ডিগ্ৰীধাৰী প্ৰথম অসমীয়া চাইফুদ্দিন আহমদ ৷ 8/ দ্বিতীয়জন অসমীয়া আই চি এছ বিষয়া ইনামুল মজিদ ৷ 9/ অসমৰ প্ৰথম অসমীয়া মুখ্য সচিব আবু নাচেৰ মহম্মদ ছালেহ ৷ 10/ প্ৰথম অসমীয়া আৰক্ষী মহা পৰিদৰ্শক আৰু চি আৰ পি এফৰ সঞ্চালক প্ৰধান ইমদাদ আলি ৷ 11/ কলিকতা উ

ধৰ্মীয় ৰাজনৈতিক নেতা সকললৈ এটা প্ৰশ্ন ঃ

Image
ইংৰাজ সকল ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত শক্তিশালী দেশ আছিল ৷ বগা বণিক সকল ভাৰতত প্ৰৱেশ কৰি সহজ সৰল মানুহৰ মাজত বিভাজনৰ নীতি( কাৰ্টিজ সমূহত গৰু/গাহৰিৰ চৰ্বি থকা বুলি কৈ) প্ৰয়োগ কৰি 1857 চনত চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল ৷ মানুহৰ মাজত ধৰ্মীয় আৱেগৰ বিষ বাষ্প বিয়পাই ভাৰতৰ সম্পদ লুটি নিজ দেশ চহকী কৰিছিল ৷ লাখ লাখ ছহিদৰ তেজৰ বিনিময়ত 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰে যদিও তেওঁলোকৰ কু-কীৰ্তিক আদৰ্শ হিচাপে লৈ বহুতে ৰাজনৈতিক খেল পথাৰত নামি পৰিল ৷ তেওঁলোকে ধৰ্মৰ নাম ত বেপাৰ আৰম্ভ কৰি দিছে ৷ পৱিত্ৰ সংসদ ভৱনৰ প্ৰশ্ন-উত্তৰ কালতো বিকাশৰ পৰিৱৰ্তে বিনাশৰহে আলোচনা হয় ৷ সাম্প্ৰতিক সময়ত হিন্দু ধৰ্ম হেনো সংকটত পৰিছে ৷ 800 বছৰ মুছলমানে ভাৰতবৰ্ষ শাসন কৰিছিল তেতিয়া হিন্দু ধৰ্ম সংকটত পৰা নাছিল কিন্তু আজি ধৰ্মান্ধ সকলৰ হাতত ক্ষমতা থকাৰ পিছতো হিন্দু ধৰ্ম সংকটত পৰিছে হেনো, সেয়ে সকলোৱে তেওঁলোকক ভোট ভিক্ষা দি ধৰ্ম ৰক্ষাৰ সুযোগ দিয়ে যেন ৷ হিন্দু ধৰ্ম উদ্ধাৰৰ বাবে কট্টৰ হিন্দুত্ববাদী নেতা সকলে মিছা কথা, ভুৱা তথ্য কিছুমানেৰে মানুহক প্ৰকৃত বিকাশমুখী পথৰ পৰা আঁতৰাই ৰাখিছে ৷ হিন্দু ধৰ্মৰ চিৰ কালৰ যু

কনকলতা বৰুৱা

Image
সবনম চৌধুৰী® 1942 চনৰ 20 চেপ্টেম্বৰত  ইংৰাজৰ হাতত প্ৰাণ আহুতি দিছিল অসমৰ সাহসী কন্যা তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম গৰাকী অসমীয়া মহিলা শ্বহীদ কনকলতা বৰুৱা । কনকলতা বৰুৱাৰ জন্ম হয়  ১৯২৪ চনৰ  ২২ ডিচেম্বৰত বৰঙাবাৰী, গহপুৰ , দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা)। পিতৃ বগাৰাম বৰুৱা আছিল এজন খেতিয়ক। কনকলতা সৰু থাকোঁতেই তেখেত ঢুকায়  কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী 'ত  যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা বৃটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল ৷ তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল ৷ গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱীকা গৰাকী আছিল কনকলতা বৰুৱা ৷ থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে৷ এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁ
Image
সবনম চৌধুৰী¤¤¤ 1969 চনৰ 20 জুলাই : যি সময়ত নীল আৰ্মস্ট্ৰং চন্দ্ৰত মানৱৰ প্ৰথম খোজ আঁকিছিল , সেই সময়ত আমি ভাৰতবাসীয়ে কণ্যা সন্তানক অভিশাপ বুলি ভাৱি ডিঙি চেপি হত্যা কৰিছিলোঁ ৷ 2004 চনৰ 4 ফেব্ৰুৱাৰীত Google ৰ শুভাৰম্ভ কৰা হৈছিল কেনিৰ্ফনীয়াত, ঠিক সেই সময়ত আমি ভাৰতবাসী ব্যস্ত আছিলোঁ দলিত শ্ৰেণীৰ সৈতে ব্ৰাহ্মণৰ বিয়া হ'ব পাৰিব নে নাই তাৰে গৱেষণাত ! 2006 চনৰ 21 মাৰ্চত Twitter ৰ শুভাৰম্ভ কৰা হৈছিল , সেই সময়ত আমি ব্যস্ত আছিলোঁ হিন্দুৱে মুছলিমক মাৰিবলৈ আৰু মুছলিমে সন্ত্ ৰাসবাদী হ'বলৈ ৷ 2010 চনত শুভাৰম্ভ হৈছিল Whatsapp ৰ সেই সময়ত আমি ব্যস্ত আছিলোঁ সংৰক্ষণৰ অজুহাতত আনৰ ঘৰ-দুৱাৰ, দোকান জ্বলোৱাত ৷ 2012 চনৰ 12 জুনত Mr.Bean game য়ে বিশ্বত আলোড়ন সৃষ্টি কৰিছিল, সেই সময়ত আমি নিৰ্লজ্জ ভাৱে ধৰ্মৰ নামত ৰাজনৈতিক খেল খেলিছিলোঁ ৷ 2014 চনত ডলাৰ শক্তিশালী হৈছিল ঠিক সেই সময়ত আমি ব্যস্ত আছিলোঁ কিমান মানুহ পাকিস্তান লৈ যাব আৰু কিমান মানুহ ভাৰতত থাকিব তাৰেই গণনাত ৷ যি সময়ত মানুহে মঙ্গল গ্ৰহত ঘৰ সজাৰ পৰিকল্পনা কৰিছে আৰু আমি কাৰ ঘৰত কিহৰ মাংস ৰান্ধিছে তাৰেই ঘ্ৰাণ লৈ হাহাকাৰ কৰি চাহৰ কাপত ভূঁইকঁপৰ জোকাৰনি তু

kobita

Image
Obekta

প্ৰাণ-প্ৰিয় জন্মভূমি !

Image
সবনম চৌধুৰী® হে মোৰ প্ৰাণ-প্ৰিয় জন্মভূমি ! স্বাধীন ভাৰতৰ স্বপ্ন প্ৰথমে আমিয়েই দেখিছিলো ৷ তথাপি কিয় আজি আমাক সন্ত্ৰাসবাদীয়ে দেশপ্ৰেমৰ ছাৰ্টিফিকেট দিব বিচাৰে ৷ 1857 চনত আমিয়ে প্ৰথম আজীম উল্লাহৰ ৰূপত কৈছিলো - “মাদাৰে ওয়াতান", “ভাৰত কী জয়" ৷ আমিয়েই প্ৰথম শ্লো-গান দিছিলো আবিদ হাচান হৈ-“জয় হিন্দ" ৷ মৌলানা হজৰত মোহানী হৈ আমিয়ে প্ৰথম কৈছিলো- “ইনক্লাৱ জিন্দাবাদ" ৷ হে মোৰ প্ৰাণ-প্ৰিয় জন্মভূমি ! প্ৰথমে আমিয়ে ইউচুপ মেহেৰ আলী হৈ কৈছিলো -“ ভাৰত ছোৰো" আৰু “চাইমন গো বেক ৷" 1 921 চনত বিসমিল আজীম হৈ আমিয়ে প্ৰথম গাইছিলো -“ছাৰফৰছি কি তামান্না আব হামাৰে দিল মে হ্যায় ৷" আল্লামা ইকবাল হৈ আমি গাইছিলো-“ছাৰে জাহাছে আচ্ছা হিন্দুস্থান হামাৰা" ৷ সুৰাইয়া তৈয়ব হৈ আমিয়ে নিৰ্বাচিত কৰিছিলো গেৰুৱা, শুকুলা আৰু শ্যামল ৰঙৰ তিনিবৰণীয়া জাতীয় পতাকা ৷ হে মোৰ স্নেহৰ জনম ভূমি ! কিয় আমি বাৰে বাৰে দেশপ্ৰেমৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ? হে মোৰ প্ৰাণ-প্ৰিয় জন্মভুমি যি সকলে তোমাৰ স্বাধীনতাৰ বাবে এটোপাল ঘাম বলিদান দিব নোৱাৰিলে ওলটাই বগা বনিকৰ ভৰি চেলেকিলে তোমাৰ সতীত্ব নিলাম কৰিলে তেওঁলোক

আৱেগ গাঁথা একলম

Image
সবনম চৌধুৰী®   স্বাধীনতা দিৱসৰ হিয়াভৰা শুভেচ্ছা জনাই লগতে ক্ষমা বিচাৰি আৱেগ গাঁথা একলম লেখিলো ....ইংৰাজৰ কু-শাসন তথা নিৰ্মম অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি খিলাফৎ আন্দোলন, খোদায়ে খিৎমতগাৰ আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন কৰিব লগা হৈছিল ৷ ইতিহাসৰ পাতত সশস্ত্ৰ বিপ্লৱী হিচাপে সাধাৰণতে পোৱা যায় সুভাস চন্দ্ৰ বসু, ক্ষুদিৰাম, সূৰ্যসেন, ভগত সিং আদিৰ নাম ৷ দুখৰ বিষয় ইংৰাজৰ ভৰি চেলেকি দাসত্ব স্বীকাৰ কৰা কিছুমানে ইতিহাসৰ পাতৰ কিছুমান নাম সহ্য কৰিব পৰা নাই ৷ স্বাধীন ভাৰতৰ স্বপ্ন দেখা মানুহৰ ভিতৰত মুছলামনৰ কেঁচা তেজৰ অৱদান আছিল আটাইতকৈ বেছি আৰু সেই বিপ্লৱী জাতিটোকে ইংৰাজৰ চুৱা-পাতনি চেলেকা সকলে কয়- “দেসকে সৰ বাচ্ছা ছিয়া ৰাম কহেগা, ইচ দেৱ ভূমি পৰ না ইচলাম ৰহেগা "৷ ইতিহাস সাক্ষী 1 কোটি মুছলমানৰ আত্ম-বলিদান ও জেললৈ যোৱা আৰু 5 লাখ মুছলিম ছহীদৰ তেজৰ বিনিময়ত আজি আমি স্বাধীন ৷ ইতিহাসে চেঁপি ৰখা অথবা কিছুমান ব্যক্তিৰ নাম মচি পেলোৱাৰ ক্ষড়যন্ত্ৰ চলিছে অহৰহ ৷ মৌলানা কাসেম চাহাবৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী পৰিকল্পনা সমূহ কৰা হৈছিল

মনত ৰাখিব

Image
SHABNAM CHOUDHURY বগা চেহেৰা থাকিলে ধুনীয়া নুবুজায় , আৰু ক'লা চেহেৰাই কুৎসিত নহয় । মৃত্যুৰ কাপোৰ খন বগা কিন্তু ভয়ানক, Black bord খন ক'লা কিন্তু গুণ অপৰিসীম । মানুহৰ সৌন্দৰ্য বাহ্যিক দৃশ্য নহয় , চৰিত্ৰৰ দ্বাৰা মানুহ এজন সুন্দৰ হয় ____________________________ ৮ কথা মনত ৰাখিব ======================= 1. ডাঙৰ গছ লৰে কম। 2. ডাঙৰ মাছৰ কাঁইট কম। 3. জ্ঞানী মানুহৰ কথা কম। 4. সৎ মানুহৰ সংখ্যা কম। 5. খঙাল মানুহৰ ধৈৰ্য কম। 6. সুস্থ মানুহে খায় কম। 7. শিশুৰ হিংসা কম। 8. সৎ মানুহৰ বন্ধু কম ৷ ___________________________ * টকাৰে বিচনা কিনিব পাৰি ---- টোপনি কিনিব নোৱাৰি । * টকাৰে ঘড়ী কিনিব পাৰি ---- সময় কিনিব নোৱাৰি ।* টকাৰে কিতাপ কিনিব পাৰি --- জ্ঞান কিনিব নোৱাৰি । * টকাৰে ৰক্ত কিনিব পাৰি --- প্ৰাণ কিনিব নোৱাৰি । * এৰাতিৰ সুখ কিনিব পাৰি --- সঁচা প্ৰেম কিনিব নোৱাৰি । ------------------------------------------------- 1. ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে কিন্তু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে, সেইদৰে আত্মবিশ্বাসে সফল হোৱাটো নিশ্চিত নকৰে কিন্তু জীৱন যুঁজত যুঁজাৰ প্ৰেৰণা দিয়ে । 2. প

স্মৃতি শক্তি বৃদ্ধি কৰাৰ সহজ উপায়

সবনম চৌধুৰী® স্মৃতি শক্তি বৃদ্ধি কৰাৰ সহজ উপায়ঃ বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ স্মৃতি শক্তি কমি আহে, কিছুমান শিশুৰ স্মৃতি শক্তি কম দেখা যায় ৷ মানসিক চাপ, খং, উদ্বেগ, বিভিন্ন ৰোগ নতুবা যথোপযুক্ত খাদ্যপ্ৰণালীৰ অভাৱত পৰিও স্মৃতি শক্তি কমি যায় ৷ স্মৃতি শক্তি বৃদ্ধি কৰা সম্ভৱ ৷  1/ নিয়মিত ভাৱে কিছু সময় ব্যায়াম কৰক ৷ মুছলিম সকলে নামাজ পঢ়িলেও স্মৃতি শক্তি বৃদ্ধি পায় ৷ 2/ অতিৰিক্ত আহাৰ গ্ৰহণৰ পৰা বিৰত থাকক ৷ মেদবহুলতা অৰ্থাৎ শৰীৰৰ ওজন বয়স অনুযায়ে ৰাখক ৷ 3/ নিয়মিত ভাৱে আঠ ঘন্টাকৈ নিদ্ৰা যাওক ৷ যাৰ জীৱনৰ পৰা নিদ্ৰা হেৰাই গৈছে তেওঁহে উপলব্ধি কৰিব পাৰে নিদ্ৰা সৃষ্টিকৰ্তাৰ কিমান ডাঙৰ বৰদান ! 4/ গান,গজল,ভজন আদি নিৰ্ধাৰিত সময়ত শুনক ৷ 5/ কোলাহল পূৰ্ণ ঠাই পৰিত্যাগ কৰক ৷ 6/ লেচু,আঙুৰ, কলাজাম,ষ্ট্ৰেবেৰি,ব্লুবেৰি আদি ফল খাওক ৷ 7/ নিতৌ দুই তিনিবাৰ কফি খাওক ৷ 8/ যিকোনো ৰাগিয়াল দ্ৰব্যৰ পৰা বিৰত থাকক ৷ 9/ দৈ গাখীৰৰ টেঙা পানী পান কৰক ৷ 10/ খাদ্য তালিকাত মাছৰ ব্যঞ্জন তৈয়াৰ কৰি খাওক ৷ 11/ সদায় আনন্দত থাকিবলৈ চেষ্টা কৰক ৷ 12/ নিতৌ অনন্ত আঠ গিলাছ বিশুদ্ধ পানী পান কৰক ৷ 13/ নিতৌ নিৰ্দিষ্ট সময়ত একান্ত মনে প্ৰাৰ্থ

গল্প (STORY)

মৰমৰ দেউতা ( গল্প ) পৱনৰ মূৰটো গৰম হৈ গৈছে ৷ দেউতাকে তাৰ লগত ল'ৰা-ধেমালিহে যেন কৰিছে ৷ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'লেই দেউতাকে পালচাৰ এখন কিনি দিম বুলি কৈছিল কিন্তু আজি লৈ তাৰ কোনো উমঘামেই নাই ৷ কেইদিন মান পিছতেই ডিগ্ৰীৰ 2nd semester আৰম্ভ হ'ব ৷ গতিকে সি এতিয়াই বাইকখন দেউতাকৰ পৰা আদায় কৰিবই লাগিব ৷ পৰীক্ষা নিদিওঁ বুলি ভাবুকি দিয়াৰ সিদ্ধান্ত ল'লে সি ৷ "লীজা ষ্টুডিও" নামৰ সৰু দোকানৰ গৰাকী পৱনৰ দেউতাক ৷ সন্ধিয়া ভাতৰ পাতত বহা দেউতাকক সি ধমকিৰ সুৰত ক'লে: মোৰ বাইকখন কিনাৰ বিষয়ে কি কৰিলা? লগৰ ল'ৰা বোৰে মোৰ চকুৰ আগেৰে মাৰুতি ঘূৰাই ফুৰে আৰু মোক এখন বাইক কিনি দিব নোৱাৰা ? দেউতাকে অপৰাধী ভাৱত ক'লে: চেষ্টা কৰি আছো, চাওচোন কি হয় ৷ : চেষ্টা কৰিলে নহ'ব, তুমি এইখন মুখেৰেই কৈছিলা বাইক দিবা বুলি এতিয়া ফাংফুং কৰিলে নহ'ব ৷ বাইক দিব নোৱাৰিলে মই এইবাৰ পৰীক্ষাত ন'বহো কৈ দিলো ৷ : খং নকৰিবা বোপা ৷ মাইনাৰ মেট্ৰিকৰ বছৰ, তাইৰ টিউশ্যানৰ নামত বহু টকা খৰচ হয় ৷ দোকানতো আগৰ দৰে বিক্ৰি নাই, অলিয়ে গলিয়ে বহু দোকান হ'ল ৷ আমাৰ মাটি বাৰীও তেনেকৈ নাই যে বিক্ৰি কৰি বাইক

সুখী হোৱাৰ কৌশলঃ

*সবনম চৌধুৰী*® 1/ টোপনিৰ পৰা উঠি প্ৰকৃতিৰ নিৰ্মল পৰিৱেশত 30 মিনিট খোজ কাঢ়ক ৷  2/ নিৰ্জন ঠাইত অকলশৰে অন্তত দহ মিনিট সময় কটাওক ৷ 3/ দিনটোত কি কি কাম কৰিব তাৰ বাবে মনতে এখন তালিকা প্ৰস্তুত কৰি লওক ৷  4/ যিমান সম্ভৱ ঘৰতে উৎপাদিত খাদ্য সামগ্ৰী গ্ৰহণ কৰক ৷ 5/ পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱা পানী পান কৰক ৷ আহাৰ গ্ৰহণ কৰিয়ে পানী পান নকৰিব ৷ দিনত এবাৰ হ'লেও ৰঙা চাহ খাওক ৷ 6/ অলীক কল্পনা,বেয়া চিন্তা অথবা স্মৃতি ৰোমান্থন কৰি সময় অপচয় নকৰি ভৱিষ্যতৰ চিন্তা কৰক ৷ 7/ ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে,দুপৰীয়াৰ আহাৰ প্ৰজাৰ দৰে আৰু নিশাৰ আহাৰ দৰিদ্ৰৰ দৰে খাওক ৷ 8/ নিতৌ অন্তত তিনিজন ব্যক্তিৰ মুখত হাঁহি ফুটাই তোলক ৷ 9/ জীৱনৰ বেয়া দিনৰ সময়ত নিৰাশ নহৈ ভাল দিনৰ অপেক্ষা কৰক ৷ 10/ শত্ৰুক ঘীণ কৰাতকৈ ক্ষমা কৰিবলৈ শিকক ৷ 11/ একেলগে কেইবাটাও সমস্যা থাকিলে এটা এটাকৈ সমাধান কৰক ৷ 12/ তৰ্ক যুদ্ধত জয়ী হ'বই লাগিব বুলি কোনো কথা নাই, সত্যৰ সৈতে মকাবিলা কৰাৰ শক্তি ৰাখক ৷ 13/ সদায় ৰাস্তাত পৰি থকা আৰ্তজনৰ লগত নিজৰ তুলনা কৰি চাওক আপুনি সুখী হয় নে নহয় ! 14/ কোনেও আপোনাক সুখী কৰাৰ ঠিকা নলয় সেয়ে নিজৰ দুহাতেৰে সুখ আঁজুৰি আনক ৷ 15/

ৰোজাৰ উপকাৰিতাঃ

*সবনম চৌধুৰী* মস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পিটাৰ ভেনিয়ামিনভে ৰোজা সম্ভন্ধে কৈছে যে- “ৰোজা ৰাখিলে পৰিপাকতন্ত্ৰই নিৰ্দিষ্ট সময়ৰ বাবে বিশ্ৰাম লাভ কৰে ফলত পৰিপাকতন্ত্ৰ অধিক কাৰ্যক্ষম হৈ উঠে ৷" ডাঃ পি জি স্পাসকাৰৰ মতে- "ৰোজাৰ জৰিয়তে কলাজ্বৰ আৰু কিছুমান পুৰণি ৰোগ আপোনা-আপুনি ভাল হয় ৷" ইংৰাজ ডাক্টৰ তাশিনে কয়-“প্ৰষ্টেন্টাইন খ্ৰীষ্টান সকলে অধিক আহাৰ গ্ৰহণ কৰে সেয়ে বহু ৰোগীক মই ৰোজাৰ দ্বাৰা চিকিৎসা কৰো ৷" জাৰ্মান ডাক্টৰ ফেডাৰিক হ্যানিমেনে কয়- “ৰোজাৰ জড়িয়তে মৃগী ৰোগ , আলছাৰৰ চিকিৎসা কৰা হয় লগতে পেটৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ ৰোজা ৰখা অতি জৰুৰী ৷" ইটালীৰ বিখ্যাত শিল্পী মাইকেল এঞ্জেলোৱে 90 বছৰৰো অধিক কাল কাৰ্যক্ষম আৰু শক্তিশালী হৈ থকাৰ ৰহস্যৰ বিষয়ে কয়- “মই প্ৰতি বছৰৰ একমাহ আৰু প্ৰতি মাহত এক সপ্তাহ ৰোজা ৰাখি আহিছো ৷" আমেৰিকাৰ চিন্তাবিধ গ্ৰেগৰিয়ে কয় যে - "ৰোজাৰ দ্বাৰা শৰীৰ পৱিত্ৰ হয় লগতে শৰীৰৰ ক্ষতি কৰিব পৰা বীজানু সমূহ ধ্বংস হয় ৷" মস্কোৰ মানসিক ৰোগ ইনিষ্টিটিউডৰ এম ডি নিকোলাইডে কয়- "মই বিগত 50 বছৰ ধৰি ৰোজা ৰাখি আছো ৷ ৰোজাই মানুহক দীৰ্ঘ জীৱি কৰে ৷&q

ধৰ্ষণ

**সবনম চৌধুৰী**® মহাশয়, বিৰক্ত নহ'ব দুটামান কথা কওঁ- আপোনাৰ ভন্টিয়ে পাতল নাইটি নতুবা মিনি স্কাৰ্ট পিন্ধি নাইট ক্লাবলৈ বা বন্ধুৰ সৈতে সন্ধিয়া পাৰ্কত যাবৰ বাবে আপোনাৰ পৰা অনুমতি বিচাৰিলে কি কৰিব? নিশ্চয় কাণতলিয়া চৰ এটা সোধাবলৈ ইচ্ছা হ'ব কিন্তু হাত তুলিব নোৱাৰিব কাৰণ হাজাৰ হওক নাৰী হ'লেও তাই আপোনাৰ মৰমৰ ভন্টি ! কিমান দিন আপোনাৰ মা' প্ৰচণ্ড গৰমত গামি জুৰুলি-জুপুৰি হৈ বুকুৰ পৰা আঁচল আঁতৰাই থৈছে নতুবা ক্লান্ত হৈ বিছনাত বাগৰি পৰিছে আৰু শাৰীখন আঁঠুৰ ওপৰলৈ উঠিছে ৷ কি ভাৱিছে মা' নিৰ্লজ ্জা, অসভ্য,বৰ্বৰ ৷ ওহো, এবাৰো মনলৈ অহা নাই কাৰণ হাজাৰ হওক নাৰী হ'লেও তেখেত আপোনাৰ মা'৷ নিজৰ সদ্যজাত নাঙঠ কণ্যা সন্তানক কোলাত তুলি কপালত চুমা আঁকি দিছে, কিমান দিন-ৰাতি হাগিছ/পেম্পাৰছ সলনি কৰি দিছে ! গালত, কপালত, পেটত, বুকুত চুমা খাইছে, বুকুত সাৱটি চেঁপি ধৰিছে ৷ আপোনাৰ কিন্তু কোনা বিলাতী নীলা ছবিৰ কথা মনলৈ অহা নাই ৷ সেয়া কোনো মাংস পিণ্ড নহয়, আপোনাৰ কলিজাৰ টুকুৰা ৷ কাৰণ নাৰী হ'লেও তাই আপোনাৰ হৃদয়ৰ স্পন্দন ৷ আপোনাৰ স্ত্ৰীয়ে বৰষুণত তিতি-বুৰি নতুবা ছাৱাৰত,পুখুৰীত গা ধুই তিতা কাপোৰত শৰীৰ