কনকলতা বৰুৱা

সবনম চৌধুৰী®

1942 চনৰ 20 চেপ্টেম্বৰত 
ইংৰাজৰ হাতত প্ৰাণ আহুতি দিছিল অসমৰ সাহসী কন্যা তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম গৰাকী অসমীয়া মহিলা শ্বহীদ কনকলতা বৰুৱা । কনকলতা বৰুৱাৰ জন্ম হয়  ১৯২৪ চনৰ ২২ ডিচেম্বৰত
বৰঙাবাৰী, গহপুৰ , দৰং জিলা (বৰ্তমান
শোণিতপুৰ জিলা)। পিতৃ বগাৰাম বৰুৱা আছিল এজন খেতিয়ক। কনকলতা সৰু থাকোঁতেই তেখেত ঢুকায়  কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী 'ত  যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা বৃটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল ৷ তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল ৷ গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱীকা গৰাকী আছিল কনকলতা বৰুৱা ৷ থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে৷ এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে ৷ ফলত কনকলতা মাটিত বাগৰি পৰি শ্বহীদ হয় ৷ একে ঠাইতে শ্বহীদ হয় মুকুন্দ কাকতি ৷ দেশৰ কাৰণে শ্বহীদ হোৱা অসম কন্যালৈ সত কোটি প্ৰণাম। শ্বহীদ প্ৰনামো তোমাক ।

Comments

  1. কলপ দীঘলীয়া দিলে ভাল হৈছিল

    ReplyDelete

Post a Comment

Popular posts from this blog

Assamese comedy story

অসমৰ মুছলমান