মুখ্যমন্ত্ৰী মহোদয়লৈ মুকলি চিঠিঃ

মুখ্যমন্ত্ৰী মহোদয়লৈ মুকলি চিঠিঃ
*সবনম চৌধুৰী*
সন্মানীয় জাতীয় নায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়, টোপনি অহা নাই বাবেই আপোনালৈ বুলি একলম লিখিলো ... মহাশয়, আমি কোনো নপুংশক কিম্বা কাপুৰুষক জাতীয় নায়কৰ আসনত প্ৰতিষ্ঠিত কৰা নাই নতুবা কোনো বাংলাদেশীক মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিব দিয়া নাই ৷ তিনি কোটি বাৰ লাখ জনতাই শৰাইঘাটৰ অপ্ৰতিৰোধ্য অসমীয়া যুদ্ধাৰ হৃদয়ৰ স্পন্দনৰ নিশ্বাসক বিশ্বাসত লৈ অভিভাৱক হিচাপে নিৰ্বাচিত কৰিছে ৷ আপুনি আমাৰ অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ জাতিৰ আশা-ভৰষা,ভৱিষ্যতৰ ৰূপ ৰেখা ৷ আপোনাৰ সহায় অবিহনে আমি নিঃস্ব, ইতৰ, অতি দুৰ্বল ৷ শদিয়াৰ পৰা ধুবুৰী লৈ দুনাই অসম আন্দোলনৰ সূচনা হৈছে ৷ আপুনি নিশ্চয় পাহৰি যোৱা নাই 1983 গণহত্যাৰ কথা ৷ হেজাৰ হেজাৰ নিৰুপৰাধী লোকে প্ৰাণ আহুতি দিছিল স্বতঃস্ফুৰ্ত ভাৱে ৷ অসমীয়া জাতিটো স্বভিমান তথা আত্ম-সন্মান থকা জাতি ৷ কাৰো পদানত হৈ জীয়াই নাথাকে ৷ ৰুদ্ৰ সিংহই কৈছিল-“বঙালৰ হাতৰ ভাত খোৱাত কৈ মৰি যোৱাই শ্ৰেষ্ট ৷" আপুনি যিখন আসন বৰ্তমান শুৱনি কৰিছে এই সন্মানীয় মুখ্যমন্ত্ৰীৰ আসনখন লাভ কৰিছে একমাত্ৰ বিদেশী খেদাৰ নামত ৷ আজি কিয় আপুনি ভিজা মেকুৰী নিজাম উদ্দিনৰ ভাও লৈছে ? আপোনাৰ সহযোগী নেতা ড° হিমন্ত বিশ্ব শৰ্মা, তপন গগৈ, চন্দ্ৰ মোহন পাটোৱাৰী আদি সকলো জাতীয়তাবাদী নেতা ৷ তেন্তে কিহৰ ভয়! আপোনাসৱে খিলঞ্জীয়া সকলক উদ্ধাৰৰ নামত যি কৌশল ৰচনা কৰিছে , এই কৌশলে বঙালী সম্প্ৰদায়ৰ লোকক য'তে ত'তে গৰু পিটন খোৱাৰ ব্যৱস্থাহে কৰিছে ৷ খিলঞ্জীয়া বঙালীখিনিক অসমীয়াৰ সৈতে চিৰ বৈৰী হিচাপে গঢ়ি তুলিছে ৷ আমি নিবিচাৰো অসম আন্দোলনৰ পুনৰাবৃত্তি, ৰক্তাক্ত অসম কিম্বা তেজৰ ফাকু ৷ নিবিচাৰো পুত্ৰহাৰা মাতৃৰ বুকু ভঙা ক্ৰন্দন, স্বামীহাৰ বিধৱাৰ ৰক্তিম আৰ্তনাদ ৷ তিনি কোটি সদস্যৰ পৰিয়ালটোৰ ৰক্ষণাবেক্ষণ তথা নিৰাপত্তাৰ দায়িত্ব আপোনাৰ হাতত ৷ এই মহুৰ্তত আপুনি নাগৰিকত্ব সংশোধনী বিল 2016 ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ক ৷ অসমতো দূৰৰে কথা ভাৰতবৰ্ষৰ কোনো স্থানতে বিদেশীক সংস্থাপিত কৰিব দিয়া নহ'ব ৷ ভাৰতৰাষ্ট্ৰৰ সহযোগত বাংলাদেশলৈ বাৰ্তা প্ৰেৰণ কৰক যে বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত কোনো ধৰনৰ অত্যাচাৰ চলালে পৃথিৱীৰ মানচিত্ৰৰ পৰা বাংলাদেশ নিঃচিহ্ন কৰি দিয়া হ'ব ৷ এনে বাক্য শুনিলে সেখ হাচিনাই সাত মগ পানী একেলগে পি খাব তৰণি নাপাব ৷ যিবিলাক নীলা শিয়াল হিন্দু বাংলাদেশী আমদানিৰ পক্ষত সেই জাতিদ্ৰোহী, নিৰ্লজ্জ,বেহায়া,বেশ্যাবজাৰৰ ফাপৰে ধৰা দুটকীয়া দালাল সকলৰ DNA পৰীক্ষা কৰাওক ! ওলাই পৰিব কোন লম্পটৰ ঔৰষত জন্মা জাৰজ সন্তান এওঁলোক ! ক্ষমতাৰ লোভ সামৰিব নোৱাৰি জাতিটোক চিতাত তুলি আপোনাৰ দৰে বীৰ পুৰুষে যদি ভিজা মেকুৰীৰ ভাও লয় তেন্তে আপোনাৰ DNA ও পৰীক্ষা কৰাৰ সময় সমাগত ৷ জাতি ধংস কৰি শ বছৰ জীয়াই থকাতকৈ জাতিৰ নামত জীৱনটো উচৰ্গা কৰি এক মিনিট জীয়াই থাকক, অমৰ হৈ ৰ'ব ৷ মুছলিনী,হিটলাৰ,ফেৰাউন কোনেও অমৰ হোৱা নাই মৃত্যুৰ টিকট কাটি জন্ম লৈছে সকলোৱে ৷ গতিকে ক্ষমতাৰ লালসাত অসমীয়া জাতিৰ সতীত্বক বেশ্যাৰ বজাৰত বন্ধকত নথ'ব ৷ হে মহাশয়, মুখ্যমন্ত্ৰীৰ আসনৰ পৰা অসমীয়া জাতিৰ হৈ এটা বাক্য ব্যক্ত কৰাৰ সাহস গোটাব পাৰিব নে ??? জাতীয় নায়কৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব নে??? আপোনাৰ ক্ষীপ্ৰ প্ৰতিক্ৰিয়া আশা কৰি শেষত সকলো ভুলৰ ক্ষমা প্ৰাৰ্থনা বিচাৰি লেখনিৰ ইতি ৰেখা টানিলো ৷...সবনম চৌধুৰী ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান