Assamese comedy story

   চোৰক মোৰে পালে
      কনিষ্টবল বিনয় চলিহাৰ মনত চিন্তা এটাই দোলা দি উগুল-থুগুল লগাইছে ৷ কিছুদিনৰ পৰা পত্নী কেতেকীয়ে খেচখেচাই কাণ ঘোলা কৰিছে ৷ পাটৰ শাড়ী এখন লাগে ৷ সিদিনা অ' চি চাৰৰ ঘৈণীয়েকে পিন্ধি আহিছিল, বৰ ধুনীয়া লাগিছিল, যেন অসমীয়া ছবিৰ খাটি নায়িকা ৷ তাইও যদি তেনে সাজ পিন্ধে নিশ্চয় ধুনীয়া লাগিব ৷
    এৰা ! সেয়াতো হয় ৷ পৃথিৱীৰ কোনজন মানুহেনো নিজৰ লগৰীজনীক ভালকৈ খোৱাই-পিন্ধাই ৰম্ভা-মেনকাৰ দৰে হোৱাটো নিবিচাৰে  !  পিছে আয় চাই ব্যয় কৰিবলৈ যাওতে লাগে কৰুক্ষেত্ৰখন ৷ সাত নমস্কাৰ একেলগে জনাই টালি-টোপোলা বান্ধি যাবলৈ ওলায় মাকৰ ঘৰলৈ সস্তীয়া বাহাদুৰী ৷ বছৰেকীয়া উৎসৱ সমূহত বিচৰা মতে কাপোৰ-কানি দিব নোৱাৰিলে তেতিয়া কথাই বেলেগ— " উৎসৱৰ দিনতো যদি কাপোৰ এযোৰকে দিব নোৱাৰে তেন্তে বিয়া পাতিছে কিয়  ! বিয়াৰ আগত বোলে হেন  আছে তেন আছে, অমুক দিম তমুক দিম এতিয়াহে ... ঘটি-বটি-লটি-ঘোটা ৷ ইপিনে টানিলে সিপিনে উদং,  সিপিনে টানিলে ইপিনে উদং হুঁ ৷" কেতেকীয়ে আজি কৈ পঠিয়াইছে  শাড়ী এখন আনিব নোৱাৰিলে চৌকাত জুই নজ্বলে, ঘৰৰ দুৱাৰ মেল নাখায় ৷ 
   কনিষ্টবল বিনয় চলিহাৰ ডিউটি আজি যিহেতু মেইন ৰাস্তাতে পৰিছে গতিকে ব্যৱসায় বেয়া হ'ব নালাগে ৷ বাহিৰা উপাৰ্জন দুহেজাৰ টকা ঘৰৰ পৰা লৈ আহিছে,  আৰু দিনটোত যদি দুহাতৰ কঠোৰ কচৰৎ কৰে তেন্তে পাঁচ-ছশ টকা ঘটিব পাৰিব ৷  শাড়ীখনৰ দাম হৈ যাব কিবাকে আৰু ৷ আজিৰ ডিউটিটো অলপ কাঢ়া দিব লাগিব ৷ 
       ফুৰ..... ৰ .....ৰ... কৈ পখৰা পুলিচৰ কায়দাত হৰ্ন বজাই চলিহাই মাল গাড়ী সমূহৰ পৰা দহ-বিশ টকাকৈ আদায় কৰিছে ৷ এয়া তেওঁৰ সংবিধান প্ৰদত্ত অধিকাৰ আৰু কৰ্তব্য বুলি ভাৱে ৷
   আজি দেওবাৰ ৷ বজাৰৰ দিন ৷ মানুহৰ সমাগম বেছি ৷ কৰিম চাচাই অটোভানখনৰ পৰা তিনি বস্তা কেঁচা চবজি নমাই ছাগলী দাড়ি কেইটা খজুৱাই খজুৱাই ইফাল-সিফাল চাইছে ৷ দূৰত ৰৈ থকা ঠেলাৱালাজনলৈ চাই হাতেৰে মাল তিনি বস্তা  থকাৰ কথা বুজাই ইংগিতেৰে মাতিলে ৷ ঠেলাৱালাজন আগুৱাই আহিব ধৰিলে ৷ চলিহাই লাঠিডাল ঘূৰাই ঘূৰাই ৰুদ্ৰ মূৰ্তি ধৰি চাচাৰ আগত আৱিৰ্ভাৱ হ'ল ৷
  ঃ বস্তাত কি আছে ?— বস্তাত কোবাই কোবাই কৰ্কশ মাতেৰে এক অনন্য ভংগীৰে সুধিলে চলিহাই ৷ 
  ঃ বাবু বন্ধাকবি ৷— ভয় ভাৱেৰে ক'লে তেওঁ ৷ 
  ঃ এই বুঢ়া,  মিছা কথা নক'বি ৷ আজিকালি সকলোতে দেৱালী মাৰ্কা বোম ফুটিছে ৷ কোনে জানে বস্তাৰ ভিতৰত বোম আছে নে বন্ধাকবি ৷ 
   কৰিম চাচা উচপ খাই উঠি ক'লে - "আল্লাগো তৌবা তৌবা, বাবাজী আমি চৰত থাকি , গৰিব - দুখীয়া মানুচ, সেই বিলাক বস্তুৰ নাম শুনিনা গো ৷" 
  ঃ এই বুঢ়া মনে মনে থাক ৷ আমি নাজানো বুলি ভৱিছ ৷ আমি সাঁতোৰিব নাজানো বাবে নদী পাৰ হৈ চৰত নাযাওঁ আৰু তহঁতে সুযোগ বুজি ভাং-গাঁজাৰ কোম্পানী খুলি ৰজা হৈ গৈছ ৷ 
  ঃ আল্লা আল্লা কয় কি  ! তৌবা তোবা ভাংতো হাৰাম ৷
  ঃ থ' তোৰ হাৰামৰ কেঁথা পোৰো ৷ এতিয়াই বস্তা খুলি ঢালি দে ৷ বোম আছে নে বন্ধাকবি সকলো জলজল পট্পট্কৈ ওলাই পৰিব  ৷ 
  ঃ বাবু বস্তা খুলি মাল ঢালি দিলে সাৰাটা দিন আমাৰ এহানেই যাব ৷ মাল বেচিম কেতিয়া  ? বাবাগো অলপ দয়া কৰা ৷ ঘৰত তেৰটা ল'ৰা-ছোৱালী ৷
  ঃ শগুনৰ কাৰ্বন কপি চেহেৰা তাৰ ছলি-পলি তেৰটা ৷ হাফ চেঞ্চুৰী কৰ না তাতে মোৰ কি আহে যায় ৷ যদি বস্তা খুলি ঢালি দিব নোৱাৰ তেন্তে দে পাঁচশ টকা ফাইন ৷ 
  ঃ মা গো পাঁচশ টেহা  ? — কৰিম চাচা থত্মত্ খাই গ'ল ৷ অনুনয়ৰ সুৰত ক'লে— বাবু এতিয়া ফেনাল খোৱা টেহাও নাই ৷ মাল বিক্ৰি কৰি যাওতে নগদ পঞ্চাচ টেহা দি যাম ৷ 
  ঃ কি ! পঞ্চাশ টকা ?  মোক ভিখাৰী বুলি ভাৱিছ  ? এতিয়াই বাংলাদেশী বুলি লকাপত ভৰাই পিঠিত মিঠা তেল মালিচ কৰি বেতৰ লাঠিৰে কোবাই পিঠি বহল কৰিলেহে বুজিবি ৷ দস্তৰমত গম পাই যাবি কি কৰিব পাৰো বাপ্পেকে ৷ 
  ঠেলাৱালাজন আহি পৰিস্থিতিৰ বুজ ল'লে ৷ কৰিম চাচা কিংকৰ্তব্যবিমূঢ় হৈ থিয় হৈ আছে ৷ তিনি বস্তা কবি বিক্ৰি কৰিলে পাঁচশ টকা ওলাব নে নাই সন্দেহ আছে ৷ ঠেলাৱালাজনে মধ্যস্থতাকাৰীৰ ৰূপত ক'লে—
  ঃ লাগি থাকিব নালাগে ছাৰ ৷ দুখীয়া মানুহ, যোৱাৰ সময়ত এশ টকা এটা দি যাব বাৰু ৷
   চলিহাই ঠেলাৱালাজনক নিৰীক্ষণ কৰি সন্মতি সূচক ভাৱে চাচালৈ চালে ৷ চাচাই মূৰ জোকাৰি সন্মতি সূচক ইংগিত দিলে ৷ চলিহাই ক'লে - " ঠিক আছে, চাচা মানুহ বুলি বিশ্বাস কৰি যাব দিলো ৷ মই যেন টকাটো পাওঁ ৷ কথাৰ ওলট-পালট হ'লে কিন্তু লাঠিৰ কোবত পিঠি বহল হৈ যাব, ছাগলী মাৰ্কা দাঢ়ি কিন্তু নাথাকিব ৷ " — চলিহাই মনে মনে ভাৱিলে—" ধেৎ যমদূতে টনা-আজোৰা কৰা বুঢ়াক পিটি মই জে'লৰ ভাত খাম নেকি ?   গান্ধী মাৰ্কাটো পালেই ৰক্ষা ৷"  বস্তা তিনিটা ঠেলাত তুলি দুয়ো আঁতৰি গ'ল ৷
  পশ্চিমবংগৰ গাড়ী এখন ৰখাই বিশ টকা হাতত লৈ চলিহাই আৱিস্কাৰ কৰিলে যে তেওঁক কোনোবাই গভীৰ ভাৱে লক্ষ্য কৰি আছে ৷ হয়, ঠিকেই ৷ দুগৰাকী চফল ডেকা ল'ৰাই তেওঁক যেন গৱেষণা দৃষ্টিৰে অধ্যয়ন কৰিছে ৷ তেওঁ সিহঁতক কেয়াৰ নকৰি ৰাজকীয় ভঙ্গীৰে টকা বিশটা জেপত ভৰাই থ'লে ৷ ল'ৰা দুজনে অৱশ্যে চলিহাৰ মনত চিন্তাৰ খোৰাক জগাইছে ৷ কিয় বাৰু ছাল-ছিগা ৰাহু-কেতুহালে তেওঁক নিৰীক্ষণ কৰিছে ৷ ল'ৰা দুজন লাহে লাহে আঁতৰি আহি ছয়গাওঁ বেউলা অফছেটত সোমাল ৷ 
   ৰক্ষা !  কি যে আপদীয়া বোৰ আহে ! চলিহাই স্বস্তিৰ নিঃশ্বাস পেলালে ৷ আজি ব্যৱসায় বেয়া হ'ব নালাগে ৷ মোটামোটি ভালেই কালেকচন হৈ আছে ৷
  চলিহাই তিনিবাৰ পৰীক্ষা দি মেট্ৰিকৰ ডেওনা পাৰ হ'ব নোৱাৰিলেও সন্মান আছে  ,বহু মানুহে তেওঁক ছাৰ বুলি মাতে ৷ তাতেই তেওঁৰ গৌৰৱ ৷ গাঁওবুঢ়াৰ জীয়েক  মালতীৰ প্ৰেমত নপৰিলে কিজানি পৰীক্ষাৰ ফলাফল বেয়া নহ'লহেঁতেন ৷ বাঘেখাঁতীয়ে তেওঁৰ বুকুত বেলচা মাৰি হৰেন মাষ্টৰৰ ডাঙৰ ল'ৰাৰ লগত পলাই গ'ল ৷ এতিয়া হেনো তাই এহাল ল'ৰা-ছোৱালীৰ মাক হ'ল ৷ তাইৰ নামত কম খৰচ হৈছিল নে !  টকাক টকা বুলি নকৈ কঁঠালৰ পকা পাতৰ দৰে ভাৱি লিপষ্টিক,পাউদাৰ, কেপ, নকল সোণৰ খাৰু-আঙুঠি দস্তৰমত কিনি দিছিল ৷ আনকি জীৱনৰ প্ৰতি ভাবুকি লৈ জান্তিপ মাৰ্কা ঘুগুলী বুঢ়ীৰ গছৰ পৰা কম তেঁতেলি টেঙা চুৰি কৰি আনি খোৱাইছিল নে  ! তাইক নাকী লগাই শদিয়াৰ পৰা ধুবুৰী লৈ চোঁচোৰালেও চলিহাৰ খং নকমে ৷ অৱশ্যে এই কথা বোৰ কেতেকীয়ে নাজানে ৷
  বেলি পৰি আহিছে ৷ উদ্বিগ্নতাৰে ৰৈ আছে চলিহা ৷ বুঢ়াই ঠগ নিদিলেই ৰক্ষা, ঠগ দি পলাই সাৰিব ক'ত ? দাড়ি-চুলি এডাল এডাল কৈ গণি-বাছি টানি উভালিব ৷ চিনি পোৱা নাই চলিহাক  ! 
  মুখত কৃত্ৰিম হাঁহি এটা ফুটাই কৰিম চাচা চলিহাৰ পিনে আগুৱাই আহি পাঞ্জাৱীৰ সোঁ জেপৰ পৰা এশ টকীয়া নোট এখন আগবঢ়াই ক'লে —"নেও গো বাবাজী ৷" চলিহাই এনে ভাৱত ল'লে যেন আগতে চাচাক  ধাৰ দি থৈছিল ৷ 
  ঃ বাবাজী আমি এক কথাৰ মানুচ ৷ খাৰাব-চাৰাব নাপাব আহোঁ ৷— চলিহাই হুঁঃ বুলি কৈ যাবলৈ ইংগিত দিলে ৷ কৰিম চাচা ঘৰলৈ খোজ ল'লে ৷ 
  আজিৰ চান্দাখিনি সোঁ জেপত ভৰাই থ'লে ৷ তেওঁ জেপত সোঁ হাতখন সোমাই দি  এক অনামী আমেজ অনুভৱ কৰিলে ৷ জেপ ভৰ্তি হওঁ হওঁ ৷ আজি ডিউটি শেষ কৰি পাটৰ শাড়ী এখন লৈ যাব পাৰিব যেন লাগিছে ৷ 
  চলিহাৰ সন্মুখেৰে ডেকা ল'ৰা এজন পাৰ হওঁতেই হাঁচিয়ালে ৷ চলিহাই ল'ৰাজনক ক'ৰবাত দেখা যেন লাগিছে ৷ ক'ত নো দেখিলে  ? ওহো মনত পৰা নাই ৷ ল'ৰাজনে জেপৰ পৰা টান মাৰি ৰুলাম এখন উলিয়ালে, ৰুমালখনৰ লগত টকাৰ সৰু বাণ্ডিল এটা সৰি পৰিল ৷ ল'ৰাজনে গমকে নাপায় ৷ ল'ৰাজনে নাক-মুখ মচি মচি আঁতৰি গ'ল ৷ চলিহাই খৰখেদাকৈ বাণ্ডিলটো বুটলিব গ'ল যদিও তেওঁৰ আগতেই আন এজন ডেকা ল'ৰাই বাণ্ডিলটো বুটলি জেপত ভৰালে ৷ চলিহাৰ ৰুদ্ৰ মূৰ্তি দেখি ল'ৰাজন থত্মত্ খালে ৷ চলিহাই ল'ৰাজনৰ হাত থাম মাৰি ধৰি বৰ্মনৰ পান দোকানৰ পিছ ফালে লৈ যায় ৷  চলিহাই কৰ্কশ মাতেৰে ক'লে—"দে দে, বাণ্ডিলটো দে ৷ থানাত  জমা দিব লাগিব ৷ এইটো কেচ হ'ব, ডাঙৰ সন্ত্ৰাসবাদী-জেহাদীৰ কেচ ৷"
  ঃ মই পাইছো কিয় দিম  ?— ল'ৰাজনৰ স্পষ্ট উত্তৰ ৷ 
  চলিহাই লাঠিডাল দাঙি কোব দিবলৈ লোৱাত সি বাণ্ডিলটো উলিয়াই দিলে ৷ চলিহাই ইফাল-সিফাল চাই বাণ্ডিলটো বাঁও জেপত ভৰাই থৈ সুধিলে — " তোৰ নাম কি ?"
  ঃ ওস্তাদ চেন্টু ৷ সকলোৱে মৰমতে চেন্টু বুলি মাতে ৷— সি জেপৰ পৰা ম'বাইল উলিয়াই নাম্বাৰ ডায়েল কৰাত ব্যস্ত হ'ল ৷ চলিহাই উৎসুক ভাৱে সুধিলে - " কাক ফোন কৰিবি ?" 
     সি বেপৰুৱা ভাৱে ক'লে— অ' চি মামাক ৷ — চলিহাৰ বুকুখন মোচৰ খাই উঠিল ৷ সৰু কৈ কাঁহ এটা মাৰি ল'লে ৷ মনতে ভাৱিলে— "অ' বাবা অ' চি ছাৰৰ ভাগিন ৷ ই বেটাই জহান্নামৰ বাট মুকলি কৰিহে এৰিব ৷ কি কৰা যায়,  যিহে মাখি চোচ অ' চি ছাৰ ৷"— চলিহাই চেন্টুৰ লগত সহজ হ'ব বিচাৰি তাৰ কান্ধত হাত থৈ ক'লে — " অ' তুমি আমাৰ অ' চি ছাৰৰ ভাগিন ৷ ফোন কৰিব নালাগে দিয়া ভাগিন ৷ আগতে নক'লা কিয় তুমি যে অ' চি ছাৰৰ ভাগিন বুলি ছেঃ ৷ সৰুতে তোমাক দেখিছিলো, কতো চুমা খাইছিলো ৷ এতিয়া একেবাৰে কলগছৰ দৰে বাঢ়ি গ'লা যে সেয়ে ধৰিবকে পৰা নাই ৷ তুমি বঢ়িয়া হেণ্ডছেট লৈছে চেমচাং বাঃবাঃ ৷ ময়ো তোমাৰ মামা হওঁ হাঃ হাঃ হাঃ ৷"— চলিহা হাঁহিবলৈ চেষ্টা কৰিলে যদিও হাঁহি ফুটি নুঠিল ৷ 
  ঃ কিয় ফোন নকৰিম,  মামাক কথাটো জনাই থওঁ ৷ যিহেতু থানাত মানে মামাৰ হাততে টকাখিনি জমা দিব ৷ আজি নেটৱৰ্কৰ বাপ মৰিল চাগে ফোন নালাগেহে নালাগে ৷ 
  ঃ নাই নাই ফোন নকৰিবা তেওঁক কথাটো জনালে ওপৰঞ্চি জামেলা এটা হয় ৷ সদ্যহতে ব'লাচোন চাহ-তাহ কিবা এটা খাই লওঁ মামা ভাগিনে ৷ তুমি মোৰ মুখলৈ চাই কিবা এটা হেস্ত-নেস্ত কৰিবা আৰু ৷ মইনো মৰমৰ ডেকা ভাগিনৰ কথা অমান্য কৰিব পাৰিম নে  ! 
  ঃ মই চাহ নাখাওঁ ৷ 
  ঃ কিয় বাবাটো ?— আগ্ৰহেৰে সুধিলে তেওঁ ৷ 
  ঃ এনে ৷ এটা কথা কাণৰ পৰ্দা খুলি শুনক মামাৰ হাতত বাণ্ডিলটো পৰিলে আপুনি কিন্তু এটকাও নাপায় গেৰান্টি ৷ 
  ঃ ওঁ ওঁ ৷ তুমি খাটি কথা কৈছা মানুহজন বৰ জটিল ৷ অক্টপাছৰ দৰে ৷ দুই এক পইচা আমাকো দি খাব লাগে, নাই ৷ তুমি কিন্তু বেলেগ মানুহ দেই হাঃ হাঃ হাঃ  ৷ 
  ঃ ঠিক আছে বাৰু ৷ বাণ্ডিলটো মোক দিয়ক মই মিলাই আছো ৷— চলিহাই থেৰো-গেঁৰো কৰি বাণ্ডিলটো চেন্টুৰ হাতত দিলে ৷ এশ টকীয়া নোটৰ বাণ্ডিল, দুডাল ৰবৰৰে টান কৈ বান্ধি থোৱা ৷ নোটৰ বগা অংশত থকা সংখ্যা কেইটা দেখুৱাই সি ক'লে —
  ঃ দেখিছে পূৰা দহ হেজাৰ টকা লিখা আছে ৷ ফিফটি ফিফটি কৰিম ৷ পাঁচ হেজাৰ টকা মোক দি আপুনি পূৰা বাণ্ডিলটো লৈ লওক ৷ গন্তি কৰাৰ সময় নাই আন্ধাৰ হৈ আহিল ৷— চলিহাই ঘৰৰ পৰা লৈ অহা দুহেজাৰ আৰু আজিৰ উপাৰ্জনৰ গোটেইখিনি তাক দি বাণ্ডিলটো হাত কৰি পেলালে ৷ জেপত ভৰাই ক'লে—
  ঃ ঘৰৰ পৰা তিনি হেজাৰমান আনিছিলো গাড়ী-ঘোঁৰাৰ মানুহ বোৰে সন্তুষ্ট হৈ হাজাৰ মান টকা দিছিল,  তোমাক একেবাৰে জেপ দুটা নাঙঠ কৰি দি দিলো ৷ আৰু নাই  ৷ হয়তো পাঁচ হেজাৰৰ দুই এটকা কম হ'ব পাৰে পিছত কেতিয়াবা মিলাই লম বাৰু ৷ মামা ভাগিন বুলি কথা ৷ 
  চেন্টুই চলিহাৰ কথাত মিছাৰ গোন্ধ পাইছে ৷ সি ঠাট্টাৰ সুৰত ক'লে— আপোনালোকক চৰকাৰী সন্ত্ৰাসবাদী আখ্যা দিব পাৰি ! 
  চলিহাই লাজ ভাৱেৰে সেমেনা-সেমেনি কৰি ক'লে— " কি কৰিবা,  দিনৰ দিনটো মৰাশৱ পহৰা দিয়া দি থিয় হৈ থাকিব লাগে ৷ বস্তুৰ যিহে দাম , দৰমহাৰ টকাৰে সংসাৰ নচলে ৷ সেই কাৰণে অলপ ইফালে-সিফালে মাথা মাৰিব লাগে ৷"
  ঃ কথা কিন্তু খাটি কৈছে ৷ আন্ধাৰো হৈ আহিল,  আহো দিয়ক, পিছত কথা হ'ম ৷
  ঃ ওঁ ওঁ যোৱা গৈ ৷ 
  চেন্টু লাহে লাহে আঁতৰি আহিল ৷ চলিহাই স্বস্তিৰ নিশ্বাস পেলাই মূত্ৰগাৰলৈ বুলি খোজ ল'লে ৷ তাতেই নিৰাপদ ঠাই ৷ মূত্ৰগাৰত বাণ্ডিলটো খুলি-মেলি ভাগে ভাগে থ'ব লাগিব ৷ লগৰ নীলা শিয়াল বোৰে জেপত হাত সোমাই দিলেই সকলোকে ভাগ দিব লাগিব ৷ আজি আৰু ডিউটি কৰাৰ দৰকাৰ নাই ৷ মনে মনে ঈশ্বৰক ধন্যবাদ জনালে চলিহাই ৷ 
  ঃ হে মা লক্ষ্মী ! সকলো তোমাৰে মায়া ৷ তোমাৰ বৎস্য আজি বহুত সুখী ৷ এনেকুৱা দিন তুমি মাজে মাজে ৰিপিট কৰিবা মা ! জয় মা লক্ষ্মী দেৱী ৷— তেওঁ বাণ্ডিলৰ এডাল ৰবৰ খুলি পেলালে ৷ তেওঁৰ চকুহাল ডাঙৰ ডাঙৰ হৈ গ'ল ৷ এয়া তেওঁৰ চকুৰ সন্মুখত কি ?   সপোন দেখা নাইতো  ! তেওঁ চকুহাল মুদি দিলে,  নাই নাই এয়া চূড়ান্ত বাস্তৱ ৷ তেওঁ বাৰু অচেতন হৈ গ'ল নেকি ?  নিজৰ গাত নিজে চিকুটি দিলে, নাই নাই তেওঁ অচেতনো হোৱা নাই ৷ তেন্তে এইবোৰ কি  ? টান মাৰি আন ৰবৰডালো ছিঙি পেলালে ৷ ওপৰত এশ টকা আৰু তলত এশ টকা , এয়া মাথো নগদ দুশ টকা বাকীখিনি উকা কাগজ ৷ চলিহাৰ সন্মুখত চক্ৰাকাৰে ঘূৰি থাকিল পৃথিৱীখন ৷
      SHABNAM CHOUDHURY

Comments

Popular posts from this blog

কনকলতা বৰুৱা

অসমৰ মুছলমান