Assamese comedy story
চোৰক মোৰে পালে কনিষ্টবল বিনয় চলিহাৰ মনত চিন্তা এটাই দোলা দি উগুল-থুগুল লগাইছে ৷ কিছুদিনৰ পৰা পত্নী কেতেকীয়ে খেচখেচাই কাণ ঘোলা কৰিছে ৷ পাটৰ শাড়ী এখন লাগে ৷ সিদিনা অ' চি চাৰৰ ঘৈণীয়েকে পিন্ধি আহিছিল, বৰ ধুনীয়া লাগিছিল, যেন অসমীয়া ছবিৰ খাটি নায়িকা ৷ তাইও যদি তেনে সাজ পিন্ধে নিশ্চয় ধুনীয়া লাগিব ৷ এৰা ! সেয়াতো হয় ৷ পৃথিৱীৰ কোনজন মানুহেনো নিজৰ লগৰীজনীক ভালকৈ খোৱাই-পিন্ধাই ৰম্ভা-মেনকাৰ দৰে হোৱাটো নিবিচাৰে ! পিছে আয় চাই ব্যয় কৰিবলৈ যাওতে লাগে কৰুক্ষেত্ৰখন ৷ সাত নমস্কাৰ একেলগে জনাই টালি-টোপোলা বান্ধি যাবলৈ ওলায় মাকৰ ঘৰলৈ সস্তীয়া বাহাদুৰী ৷ বছৰেকীয়া উৎসৱ সমূহত বিচৰা মতে কাপোৰ-কানি দিব নোৱাৰিলে তেতিয়া কথাই বেলেগ— " উৎসৱৰ দিনতো যদি কাপোৰ এযোৰকে দিব নোৱাৰে তেন্তে বিয়া পাতিছে কিয় ! বিয়াৰ আগত বোলে হেন আছে তেন আছে, অমুক দিম তমুক দিম এতিয়াহে ... ঘটি-বটি-লটি-ঘোটা ৷ ইপিনে টানিলে সিপিনে উদং, সিপিনে টানিলে ইপিনে উদং হুঁ ৷" কেতেকীয়ে আজি কৈ পঠিয়াইছে শাড়ী এখন আনিব নোৱাৰিলে চৌকাত জুই নজ্বলে, ঘৰৰ দুৱাৰ মেল ...
Comments
Post a Comment