সুখী হোৱাৰ কৌশলঃ

সুখী হোৱাৰ কৌশলঃ
https://www.facebook.com/pg/shabnamchoudhury83/posts/?ref=page_internal
*সবনম চৌধুৰী*®

1/ টোপনিৰ পৰা উঠি প্ৰকৃতিৰ নিৰ্মল পৰিৱেশত 30 মিনিট খোজ কাঢ়ক ৷ 
2/ নিৰ্জন ঠাইত অকলশৰে অন্তত দহ মিনিট সময় কটাওক ৷
3/ দিনটোত কি কি কাম কৰিব তাৰ বাবে মনতে এখন তালিকা প্ৰস্তুত কৰি লওক ৷ 
4/ যিমান সম্ভৱ ঘৰতে উৎপাদিত খাদ্য সামগ্ৰী গ্ৰহণ কৰক ৷
5/ পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱা পানী পান কৰক ৷ আহাৰ গ্ৰহণ কৰিয়ে পানী পান নকৰিব ৷ দিনত এবাৰ হ'লেও ৰঙা চাহ খাওক ৷
6/ অলীক কল্পনা,বেয়া চিন্তা অথবা স্মৃতি ৰোমান্থন কৰি সময় অপচয় নকৰি ভৱিষ্যতৰ চিন্তা কৰক ৷
7/ ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে,দুপৰীয়াৰ আহাৰ প্ৰজাৰ দৰে আৰু নিশাৰ আহাৰ দৰিদ্ৰৰ দৰে খাওক ৷
8/ নিতৌ অন্তত তিনিজন ব্যক্তিৰ মুখত হাঁহি ফুটাই তোলক ৷
9/ জীৱনৰ বেয়া দিনৰ সময়ত নিৰাশ নহৈ ভাল দিনৰ অপেক্ষা কৰক ৷
10/ শত্ৰুক ঘীণ কৰাতকৈ ক্ষমা কৰিবলৈ শিকক ৷
11/ একেলগে কেইবাটাও সমস্যা থাকিলে এটা এটাকৈ সমাধান কৰক ৷
12/ তৰ্ক যুদ্ধত জয়ী হ'বই লাগিব বুলি কোনো কথা নাই, সত্যৰ সৈতে মকাবিলা কৰাৰ শক্তি ৰাখক ৷
13/ সদায় ৰাস্তাত পৰি থকা আৰ্তজনৰ লগত নিজৰ তুলনা কৰি চাওক আপুনি সুখী হয় নে নহয় !
14/ কোনেও আপোনাক সুখী কৰাৰ ঠিকা নলয় সেয়ে নিজৰ দুহাতেৰে সুখ আঁজুৰি আনক ৷
15/ পাঁচ বছৰীয়া পৰিকল্পনা কৰক আৰু শেষত কৃতকাৰ্য আৰু অকৃতকাৰ্য্যতাৰ জোখ-মাখ কৰক ৷
16/ সদায় আৰ্তজনৰ কাষত থিয় হওক, সাহাৰ্য প্ৰদান কৰক, দাতা হওক ৷
17/ আনে আপোনাক কি ভাৱিছে তাক লৈ ভৱাৰ দৰকাৰ নাই আপুনি নিজৰ বাবে নিজে কি কৰিছে তাৰ মূল্যায়ন কৰক ৷
18/ কষ্ট বুকুত চেঁপা দি নাৰাখি আনৰ লগত আলোচনা কৰক ৷ কষ্ট ভগালে কমে আৰু সুখ ভগালে বাঢ়ে ৷
19/ যিমানেই বেয়া দিন নাহোক কিয় এদিন পৰিৱৰ্তন নিশ্চিত ৷
20/ বিপদত পৰিলে আপোনাক কোনেও সহায় নকৰিব প্ৰকৃত বন্ধু,নিকটাত্মীয় বাহিৰে ৷ সেয়ে তেওঁলোকৰ লগত সু-সম্পৰ্ক বজাই ৰাখক ৷
21/ নিতৌ টোপনি যোৱাৰ আগতে মা-দেউতা তথা গুৰুজনালৈ মনত পেলাই ধন্যবাদ জ্ঞাপন কৰক ৷
22/ যি ভুলৰ বাবে আপুনি ক্ষমা পাইছে দুনাই সেই ভুল নকৰিব ৷
23/ ছচিয়েল মিডিয়াৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰন কৰক ৷
24/ দুওঁঠ সংযত ৰাখক ৷ নীৰৱতাৰ মাজত হেজাৰটা কল্যান আছে ৷
25/ ভাগ্য কৰো দান নহয়, নিজ হাতে লিখা এখন ফলক বুলি বিশ্বাস কৰক ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান