গল্প (STORY)

মৰমৰ দেউতা ( গল্প )
পৱনৰ মূৰটো গৰম হৈ গৈছে ৷ দেউতাকে তাৰ লগত ল'ৰা-ধেমালিহে যেন কৰিছে ৷ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'লেই দেউতাকে পালচাৰ এখন কিনি দিম বুলি কৈছিল কিন্তু আজি লৈ তাৰ কোনো উমঘামেই নাই ৷ কেইদিন মান পিছতেই ডিগ্ৰীৰ 2nd semester আৰম্ভ হ'ব ৷ গতিকে সি এতিয়াই বাইকখন দেউতাকৰ পৰা আদায় কৰিবই লাগিব ৷ পৰীক্ষা নিদিওঁ বুলি ভাবুকি দিয়াৰ সিদ্ধান্ত ল'লে সি ৷
"লীজা ষ্টুডিও" নামৰ সৰু দোকানৰ গৰাকী পৱনৰ দেউতাক ৷ সন্ধিয়া ভাতৰ পাতত বহা দেউতাকক সি ধমকিৰ সুৰত ক'লে:
মোৰ বাইকখন কিনাৰ বিষয়ে কি কৰিলা? লগৰ ল'ৰা বোৰে মোৰ চকুৰ আগেৰে মাৰুতি ঘূৰাই ফুৰে আৰু মোক এখন বাইক কিনি দিব নোৱাৰা ?
দেউতাকে অপৰাধী ভাৱত ক'লে: চেষ্টা কৰি আছো, চাওচোন কি হয় ৷
: চেষ্টা কৰিলে নহ'ব, তুমি এইখন মুখেৰেই কৈছিলা বাইক দিবা বুলি এতিয়া ফাংফুং কৰিলে নহ'ব ৷ বাইক দিব নোৱাৰিলে মই এইবাৰ পৰীক্ষাত ন'বহো কৈ দিলো ৷
: খং নকৰিবা বোপা ৷ মাইনাৰ মেট্ৰিকৰ বছৰ, তাইৰ টিউশ্যানৰ নামত বহু টকা খৰচ হয় ৷ দোকানতো আগৰ দৰে বিক্ৰি নাই, অলিয়ে গলিয়ে বহু দোকান হ'ল ৷ আমাৰ মাটি বাৰীও তেনেকৈ নাই যে বিক্ৰি কৰি বাইক কিনি দিম ৷ বাইক কিনিবলৈ মই বৰ্তমান অৱস্থাত অসমৰ্থ ৷
: এখন সাধাৰণ বাইককে কিনি দিব নোৱাৰা যদি জন্ম দিছিলা কিয়! মাথোঁ দৈহিক কামনাৰ বাবে ৷ - সি উচাট মাৰি আঁতৰি গ'ল ৷ দেউতাক লজ্জাত মিয়্ৰমান হৈ গ'ল ৷ মাকে ট ট কৈ তালৈ চাই ৰ'ল , কয় কি সি এইবোৰ !
তিনি দিন হ'ল দেউতাক ঘৰত নাই ৷ পৱনে দেউতাকলৈ ফোন কৰিছিল ৷ গুৱাহাটীত আছে ৷ কোনোবা বন্ধু এজনৰ হেনো বেমাৰ তাকে পহৰা দি আছে ৷ পৱনৰ খঙত চুলিৰ আগ পালে গৈ ৷ ঘৰত খাবলৈহে নাই এওঁ আকৌ ফুটনি মাৰি বন্ধু দৰদী হৈ গাঁঠিৰ ধন ভাঙি গুৱাহাটীত ফ্ৰী চকিদাৰী কৰিছে ৷ সি উপায়ন্তৰ হৈ দেউতাৰ দোকানখনকে খুলিলে ৷ টেবুলৰ ওপৰত থকা কিতাপখন "মদন গুপ্তাৰ পুঞ্জিকা " বুলি ভৱি হাতত ল'লে ৷ কিন্তু এয়া দেখুন বাকী দিয়া খাতাহে ছে: ৷ দৈনিক খৰচৰ বহীখনো হাতৰ কাষতে পাই মেলি চালে ৷ চেনী,দাইল,তেল,চবজী,কাপোৰ জোতা, ঔষধ, কিতাপ, বহী,টিউশ্যান ফিচ,আদি হিচাপ ছে: কি যে লিখে না এইবোৰ ৷ পিছে দেউতাকে নিজৰ খৰচখিনিহে লিখি ৰখা নাই, বাকী সকলোৰে নামত খৰচৰ হিচাপ তন্ন তন্ন কৈ ৰাখিছে, নিলাজ কৰবাৰ ! কাষৰ কাপোৰৰ দোকানীয়ে পৱনক মাত লগাই সুধিলে -
: কি অ' পৱন তোমাৰ দেউতা ক'লৈ গৈছে?
: এহ নক'ব আৰু কিবা বুলি গেচট্ৰিক নে ফেচটিক হৈছে তাকে দেখুৱাবলৈ গুৱাহাটী পালে ৷ - আক্ৰোশেৰে কিবা এটা ক'ব লাগে বুলিহে সি ক'লে ৷
: তোমাৰ দেউতাৰ গেচট্ৰিক কেনেকৈ হ'ব হে ৷ ভোক লাগিলেই আমি নিতৌ দুই তিনিবাৰ কৈ চাহ খাওঁ আৰু তেওঁ খায় পানী ৷ - চুৰিদাৰ চাই থকা ছোৱালী দুজনীয়ে খিলখিলাই হাঁহি দিলে ৷ " ভোক লাগিলে পানী খায় " ৷ তাৰ ইজ্জত কিবা ৰ'ল নে ৷ ইমান কৃপণ মানুহো পৃথিৱীত জীয়াই থাকেনে! দেউতাকৰ বাবে সি আজি দুগৰাকী গাভৰু ছোৱালীৰ আগত ঘোৰ অপমানিত হ'ব লগা হ'ল ৷ ঘৰলৈ আহক না মজাপালি দিব লাগিব ৷
দিনটো কাষ্টমাৰৰ লগত কেচকেচাই তিনিশ টকা মান বিক্ৰি কৰিলে ৷
: ছে: কি যে জঘন্য বিজনেচ এটকাৰ কাৰণে খেচখেচ কৰিব লাগে ৷ ইয়াতকৈ ভিক্ষা বৃত্তিও ভাল ৷
পৱনৰ মোবাইলত ৰিংটন বাজি উঠিল -"ভিগে ওঁঠে তেৰা,,,,,৷" দেউতাকৰ ফোন ৷ সি বিৰুক্তি ভাৱেৰে ৰিচিভ কৰি ক'লে: কি হ'ল ?
: বোপা অ ' তোমাৰ বাবে ছয়গাঁও বাইক শ্বো ৰূমত ৰঙা ৰঙৰ পালচাৰ এখন ঠিক কৰিছো তুমি আহি লৈ যোৱা ময়ো গুৱাহাটীৰ পৰা ঘৰলৈ বুলি ওলাইছো ৷
: হ'ব দেউতা মই গৈ আছো ৷
পৱনৰ মনত আনন্দৰ জোৱাৰ, সপোন যেন জীৱন ৷ সি বন্ধু বিট্টুক লগত লৈ গৈ শ্বো ৰূমৰ পৰা চিকচিকিয়া বাইকখন লৈ আহিল ৷ ঘৰত মানুহৰ জুম বান্ধি গ'ল ৷ দেউতাকেও ঘৰ আহি পালে ৷ এৰা! পৱনে সঁচাকৈয়ে বাইকখন কিনিলেই ৷
সি বাইকখন লৈ এনেই কেইবাবাৰো বজাৰলৈ গ'ল ৷ ওচৰতে দৈনিক বজাৰ ৷
তাৰ দেউতাৰ মলিন হেতাশ পৰা মুখনিত সৰু হাঁহি এটা লাগি আছে ৷ মোনাৰ পৰা ঔষধৰ টোপোলা এটা উলিয়াই দুবিধ ঔষধ খালে ৷ পৱনে সুধিলে -তোমাৰ গা বেয়া নেকি ?
: নাই অ' বোপা ঠিকেই আছে ৷ অলপ জ্বৰ জ্বৰ অনুভৱ হৈছে ৷ এটা কাম কৰাচোন ৷ - পৱনক ইংগিত দি ক'লে ৷ সি আগুৱাই আহিল ৷ জেপৰ পৰা দুহেজাৰ টকা উলিয়াই দি ক'লে -" বোপা টকাকেইটাৰে এযোৰ জোতা, এটা জেকেট লোৱা গৈ, হাড় কঁপোৱা ঠাণ্ডাত জেকেট নোহোৱাকৈ গাড়ী চলালে কষ্ট পাবা ৷ পাৰিলে মাইনাৰ কাৰণে গৰম কাপোৰ এটা আনিবা ৰাতি জাগি পঢ়ে তাই ৷ পইচা বাচিলে মাৰাৰ কাৰণে কিবা এটা আনিবা ৷"
সি টকা হাতত লৈ ক'লে - তোমাৰ বাবে কিবা?
: নাই নাই মোৰ সকলো আছে ৷
সি দাঁত কামুৰি ৰূমৰ পৰা ওলালে ৷ দুহেজাৰ টকাত বিশ্ব ব্ৰাহ্মণ্ডখন কিনিব লাগে ৷ সি ভুলতে তাৰ মোবাইল এৰি দেউতাকৰ মোবাইলটো জেপত ভৰাই লৈ বজাৰলৈ গ'ল ৷
বজাৰৰ পৰা ওভোতাৰ পথত ৰিংটন বাজি উঠিল সি গাড়ী ৰখাই মোবাইল উলিয়াই চালে, ছে: কাৰ মোবাইল লৈ আহিল , তাকো নতুন নাম্বাৰৰ কল ৷ সি ৰিচিভ কৰিলে : হেল্ল ৷
: হয় খুড়া , ভালে ভালে ঘৰ পালে নে ? - নাৰীৰ কোকিল কন্ঠ ৷ সি ভাৱিলে বঢ়াু বয়সত দেউতাই প্ৰেম- চ্ৰেম কৰা নাইতো ৷ কথা চলাই যাওঁ চোৰ ধৰা পৰিবই ৷
: অ' পালো ৷
: খুড়া আপোনৰ ওচৰত আমি চিৰদিন ঋণী হৈ থাকিম, আপোনাৰ বাবে আজি দেউতা জীয়াই আছে ৷ দেউতাক মই খুব ভাল পাওঁ ৷ মোৰ জন্মৰ সময়তে মা ঢুকাল, তেওঁ কেতিয়াও মাৰ অভাৱ মোক বুজিবলৈ নিদিলে ৷মোৰ সুখৰ বাবে দেউতাই দ্বিতীয় বিয়া নাপাতিলে ৷ দেউতাই মোৰ সকলো ৷ পিছে খুড়া বাইকখন কিনি থৈ আহিছো ৷ মোৰ হাতত টকা নাছিল বাবে আপোনাক মাত্ৰ দুহেজাৰ টকাহে দিছো ৷ ফল-মুল কিনি খাব, শৰীৰৰ যতন ল'ব ৷ আপুনি বহু দুৰ্বল হৈছে ৷ অহা সপ্তাহত আকৌ মেডিকেল চেকআপত আহিব কিন্তু ৷ আপোনাৰ এটা কিডনি দানেৰে দেউতা আকৌ সুস্থ হৈ উঠিছে ৷ এতিয়া আৰু আমাৰ টকাৰ অভাৱ নহ'ব ৷ কাৰণ দেউতা সুস্থ হৈ উঠিছে ৷ খুড়া কোনো অসুবিধা হ'লে মোক ফোন কৰিব ৷ মোৰ ভগৱানক জীয়াই তুলা আপুনি এক ভগৱান!
সি ফোনৰ লাইন কাটি হুকহুকাই কান্দি উঠিল ৷ নীলা আকাশখন তাৰ মূৰৰ ওপৰত যেন ভাঙি পৰিল ৷ ভোকত চাহ নাখাই পানী খোৱা, ভাল মাছ মাংস টুকুৰা পাতৰ পৰা তুলি দিয়া ,বছৰত নিজৰ নামত এটকাও খৰচ নকৰা ,সন্তানৰ আনন্দৰ বাবে কিডনি বিক্ৰি কৰা এয়া কেনে মানুহ ! সি তীব্ৰ বেগেৰে ঘৰলৈ আহিল ৷
দেউতা শুই থকা কোঠাৰ দুৱাৰখন লাহে লাহে মেলিলে ৷ তেওঁ চকুহাল মুদি শুই আছে ৷ সি 'লাহে কৈ মাত লগালে - দেউতা !
তেওঁ লাহে লাহে চকুহাল মেলিলে - অ' বোপা আহিলা ৷ চাও কি কি আনিলা ৷ - সি সকলো উলিয়াই দিলে ৷ তেওঁ মাত লগালে - অ' মাজনী চোৱাহি তোমাৰ বাবে কিমান সুন্দৰ চুৱেটাৰ আনিছে ৷ হেৰা ! শুনিছানে আমাৰ বোপায়ে তোমাৰ বাবেও উলৰ ব্লাউজ আনিলে ৷ বোপাৰ জেকেটখনো ভাল লগা ৷ বোপা জোতাজোৰ পিন্ধি আৰু জেকেট গাত দি গাড়ীত উঠি একপি ফটো তুলি মোক দেখুৱাচোন ৷
সি মাটিত থেকেচ কৈ বহি পৰি
দেউতাকৰ দুভৰিত ধৰি হুকহুকাই কান্দি উঠিল - দেউতা মোক ক্ষমা কৰা ,মই পাপী, মোক একো নালাগে, মোকো মাথোঁ তোমাক লাগে দেউতা ৷ তুমি কিহেৰে তৈয়াৰী মানুহ ৷ তুমি বুকুৰ মাজত ইমান দুখ কেনেকৈ ধৰি ৰাখা ৷
: বোপা কি হৈছে কোৱা! বোপা অ' তুমি নাকান্দিবা তুমি কান্দিলে মোৰ বৰ কষ্ট হয় ৷ সন্তানৰ স্থান ভৰিত নহয় বোপা, বুকুত, বুকুলৈ আহা ,বুকুৰ মাজলৈ আহা !
**সবনম চৌধুৰী **

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান