ধৰ্মীয় ৰাজনৈতিক নেতা সকললৈ এটা প্ৰশ্ন ঃ

ইংৰাজ সকল ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত শক্তিশালী দেশ আছিল ৷ বগা বণিক সকল ভাৰতত প্ৰৱেশ কৰি সহজ সৰল মানুহৰ মাজত বিভাজনৰ নীতি( কাৰ্টিজ সমূহত গৰু/গাহৰিৰ চৰ্বি থকা বুলি কৈ) প্ৰয়োগ কৰি 1857 চনত চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল ৷ মানুহৰ মাজত ধৰ্মীয় আৱেগৰ বিষ বাষ্প বিয়পাই ভাৰতৰ সম্পদ লুটি নিজ দেশ চহকী কৰিছিল ৷ লাখ লাখ ছহিদৰ তেজৰ বিনিময়ত 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰে যদিও তেওঁলোকৰ কু-কীৰ্তিক আদৰ্শ হিচাপে লৈ বহুতে ৰাজনৈতিক খেল পথাৰত নামি পৰিল ৷ তেওঁলোকে ধৰ্মৰ নামত বেপাৰ আৰম্ভ কৰি দিছে ৷ পৱিত্ৰ সংসদ ভৱনৰ প্ৰশ্ন-উত্তৰ কালতো বিকাশৰ পৰিৱৰ্তে বিনাশৰহে আলোচনা হয় ৷ সাম্প্ৰতিক সময়ত হিন্দু ধৰ্ম হেনো সংকটত পৰিছে ৷ 800 বছৰ মুছলমানে ভাৰতবৰ্ষ শাসন কৰিছিল তেতিয়া হিন্দু ধৰ্ম সংকটত পৰা নাছিল কিন্তু আজি ধৰ্মান্ধ সকলৰ হাতত ক্ষমতা থকাৰ পিছতো হিন্দু ধৰ্ম সংকটত পৰিছে হেনো, সেয়ে সকলোৱে তেওঁলোকক ভোট ভিক্ষা দি ধৰ্ম ৰক্ষাৰ সুযোগ দিয়ে যেন ৷ হিন্দু ধৰ্ম উদ্ধাৰৰ বাবে কট্টৰ হিন্দুত্ববাদী নেতা সকলে মিছা কথা, ভুৱা তথ্য কিছুমানেৰে মানুহক প্ৰকৃত বিকাশমুখী পথৰ পৰা আঁতৰাই ৰাখিছে ৷ হিন্দু ধৰ্মৰ চিৰ কালৰ যুৱ নেতা স্বামী বিবেকানন্দই বেদৰ বাণী বিশ্বজুৰি প্ৰচাৰ কৰিছিল, মানুহক আপোন কৰি লোৱাৰ মন্ত্ৰনা দিছিল আৰু কৈছিল ইছলামত শান্তি আছে বাবেই মানুহে ইয়াক গ্ৰহন কৰিছে ৷ ৰাজাৰাম মোহনৰায়, দয়ানন্দ সৰস্বতী আদি হিন্দু পণ্ডিত সকলে সমাজৰ পৰা কু-সংস্কাৰ দূৰ কৰি মানুহক সৰল পথৰ দিশা দিছিল ৷ কিন্তু আজিৰ দিনত ধৰ্মৰ ঠিকাদাৰ সকলে ধৰ্ম প্ৰচাৰৰ নামত চলাইছে ৰাহাজানি ৷ বেদ, পুৰাণ,উপনিষদ, ভাগৱত গীতাৰ নাই অকনো জ্ঞান, কিন্তু নামি পৰিছে ধৰ্ম ৰক্ষাৰ জেহাদত ৷ আমি সাধাৰনতে পাকিস্তানক সন্ত্ৰাসবাদীৰ দেশ বুলি ভাৱো কিন্তু সাম্প্ৰতিক সময়ৰ সমীক্ষাত পৃথিৱীৰ সুখী দেশৰ তালিকাত ইয়াৰ স্থান 80 আৰু ভাৰতৰ স্থান হ'ল 122 যিটো বাংলাদেশকৈয়ো তলত ৷ 2003 চনত জাপানে কৈছিল ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ হ'বলৈ গৈ আছে কিন্তু সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ বিকাশৰ ক্ষেত্ৰত নেপালতকৈয়ো পিছ পৰি গৈছে ৷ ইয়াৰ মূল কাৰণ বিলাতী মাৰ্কা বিভাজনৰ নীতি ৷ যিখন দেশৰ প্ৰধান মন্ত্ৰীয়ে ৰাজহুৱা সভাত ভোট বেংকৰ লালসাত কবৰস্থান আৰু শ্মশান নামত ভোট ভিক্ষা কৰে, তেনে দেশ কেনেকৈ অগ্ৰগতি পথত অগ্ৰসৰ হ'ব! প্ৰত্যেক ধৰ্ম গ্ৰন্থত উল্লেখ থকা মূল নীতি সমূহৰ লগতে আন ধৰ্মত উল্লেখ থকা নীতিৰ সাদৃশ্য সমূহ মানি চলিলেই দেশত শান্তিৰ আলয় হ'ব ৷ দেশৰ ধৰ্মীয় ৰাজনৈতিক নেতা সকললৈ এটা প্ৰশ্ন ঃ মনুস্মৃতিৰ 9ম অধ্যায়ৰ 235/238নং ধাৰাত উল্লেখ আছে যে -" মদাহী সকল মহাপাপী ৷ এওঁলোকৰ লগত জলপান কৰা,বিবাহ কৰা, অধ্যয়ন কৰা অনুচিত ৷" ধৰ্মক সন্মান জনাই , বুকুৰ পটাত সাহস আছে যদি ভাৰতবৰ্ষত মদ নিষিদ্ধ কৰি নিজকে প্ৰকৃত হিন্দু বুলি পৰিচয় দিয়ক ???

SHABNAM CHOUDHURY

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান