এখনি ঠিকণা বিহীন চিঠিঃ

এখনি ঠিকণা বিহীন চিঠিঃ---
হে প্ৰাণ প্ৰিয়তম,
নীৰৱ পৃথিৱীক সাক্ষী কৰি নীলাকাশৰ ঠিকণাত তোমালৈ বুলি একলম লেখিবলৈ ল'লোঁ ৷ বিশ্বব্ৰহ্মাণ্ড নিদ্ৰাত নিমগ্ন, কাৰণ এয়া যে দুপৰ নিশা ৷ সাৰে আছোঁ মই আৰু মোৰ বুকুৰ মাজত উমি উমি জ্বলা নিস্তব্ধ একুৰা জুই ৷ তুমি ভালে আছা নে ? মোলৈ বাৰু মনত পৰে নে তোমাৰ ? তুমি যিদিনা পৃথিৱীৰ মায়া এৰি গুচি গ'লা, তোমাৰ নিথৰ দেহাটি বাৰাণ্ডাত পৰি আছিল ৷ শত শত জনে তোমাৰ মুখৰ কাপোৰ আঁতৰাই এপলক চাই হুকহুকাই কান্দোনত ভাগি পৰিছিল ৷ মই জানা ! তেতিয়া কান্দা নাছিলোঁ, মই বিশ্বাস কৰা নাছিলোঁ তুমি আৰু নাহিবা বুলি ! ভাৱিছিলোঁ সন্ধিয়া হ'লে তুমি আহি মাত দিবা --শাসনৰ সুৰত ক'বা "সন্ধিয়াতে টোপনি গ'লা যে ! পোনাকণক কিবা খোৱালা নে ! কাপোৰ-কাণি বোৰ ইমান ছেদেলি-বেদেলি হৈ আছে কিয় ! " ---মই অপৰাধ বোধত সকলো দৌৰা-দৌৰিকৈ পৰিপাটি কৰিলোঁহেতেন ৷ কিন্তু তুমি পাষাণৰ দৰে মোক অথাই সাগৰত পেলাই অকলে পলাই গুচি গ'লা আৰু কোনো দিনেই নাহিলা ৷ পদুলিমুখত কোনোবাই গাড়ীৰ হৰ্ণ বজালে বা কাৰোবাৰ মাত শুনিলে মোৰ বুকুখন চিৰিং কৈ উঠে, জানোচা তুমি আহিছা ! তোমাৰ গাৰুখন নিতৌ পাৰি থওঁ, আন্ধাৰৰ মাজতে হাতেৰে খেপিয়াই চাও জানোচা তুমি নাক বজাই কাষতে শুই আছা ! কিন্তু নাই ! মাথোঁ মৰীচিকা ৷ তুমি ছলনা কৰি ভাল পোৱা ন ! কিয় বাৰে বাৰে তুমি মোৰ বুকু ভাঙি দিয়া ! কিয় মোৰ কোমল হৃদয় পুৰি এঙাৰ কৰি দিলা ! কান্দিলেও জানা এতিয়া চকুলো ওলাই নাহে, মাথোঁ মাতষাৰ ভাঙি যায় ৷ যেতিয়া মই কৰ্মস্থলীলৈ যাওঁ ঘৰৰ মানুহখিনিয়ে মোলৈ তীক্ষ্ণ অনুসন্ধিৎসু দৃষ্টিৰে চায় ৷ তুমি থাকোতেতো তেনেকুৱা নাছিল ৷ মই বাৰু বৰ অসহায় নেকি ? নহ'লেনো আবাল-বৃদ্ধ সকলোৱে মোলৈ উপযাচি সহায়ৰ হাত আগবঢ়াবলৈ সাজু থাকে ৷ সকলোকে মোবাইল নাম্বাৰ লাগে, যাতে বিপদে-আপদে সহায় কৰিব পাৰে ৷ কিছুমানে আকৌ ট্ ট্ কৈ চাই থাকে, যেন খাইয়েই পেলাব ৷ মই মাথোঁ জানো -- আছিলোঁ তোমাৰ ,আজিও তোমাৰ, তোমাৰ চৰণত পাবলৈ ঠাই ব্যাকুল ই মোৰ প্ৰাণ ৷ বছৰেকীয়া উৎসৱৰ দিনাখন আত্মীয় সকলে মোলৈ কাপোৰ-কানি প্ৰসাধন সামগ্ৰী লৈ আহে ,মই ড্ৰেচিঙৰ সমুখত থিয় হৈ উচুপি উঠোঁ, কাৰ বাবে এই সাজোন-কাচোন, কোনে চাব মোৰ ৰং ৰূপ, তুমি যে নাই ! মই যে পাখি কটা মাছৰোকা ৷ বিধৱা এগৰাকীয়েহে জানে তেখেতৰ জীৱনৰ কিমান মূল্যবান সম্পদ হেৰুৱাইছে ৷ জানানে আঁচোলেৰে দুগাল মচি সকলোৰে সৈতে সহজ হ'বলৈ চেষ্টা কৰোঁ ৷ কাৰণ মোৰ দুখৰ বাবে আনৰ আনন্দ নষ্ট কৰিব নিবিচাৰোঁ ৷
জানা নে আমাৰ পোনাকণ ডাঙৰ হ'ল, স্কুললৈ যায় ৷ সি বৰ দুষ্ট হৈছে, তুমিও হেনো সৰুতে বৰ দুষ্ট আছিলা, তোমাৰ দৰেই হৈছে ৷ তাৰ চকুহাল সাইলাখ তোমাৰ চকুহালৰ দৰে ৷ সি সোধে- "সকলোৰে আব্বা আছে , মোৰ আব্বা ক'লৈ গ'ল মা ?"-- মই উচপ খাই উঠোঁ কি উত্তৰ দিম ! সি আঁচোলত ধৰি টানি টানি সোধে -"কোৱা না মা ! মোৰ আব্বা নাই কিয় ? "-- মই চলচলীয়া চকুহালেৰে অসহায় ভাৱে কও --"তোমাৰ আব্বা অচিন দেশলৈ গুচি গৈছে ৷" -- সি সোধে -- "আব্বা ঘৰলৈ নাহে কিয় মা ৷"-- মই লোতক মচি কও- - "তোমাৰ আব্বা কোনো দিন ওভতি নাহে, তেওঁক আল্লাহ তালাই লৈ গৈছে ৷" সি কান্দি কান্দি কয়-" কিয় লৈ গ'ল ! মা তুমি মোক আল্লাৰ ওচৰত লৈ ব'লা মই আল্লাৰ ওচৰত কান্দি কান্দি কম -- হে আল্লা ! তুমি মোৰ আব্বা ওভতাই দিয়া ৷ সকলোৰে ঘৰত আব্বা আছে মোৰহে অকল নাই, মা অকলে বজাৰ কৰিব লাগে, বৰ কষ্ট হয় ৷ হে আল্লা মোৰ আব্বাক ওভতাই দিয়া !"--- মই তাক সাৱটি ধৰি হুকহুকাই উঠোঁ ৷ সি কোমল হাতখনেৰে মোৰ দুগাল মচি দিয়ে আৰু কয়- --"মা তুমি কান্দিলে মোৰ বৰ কষ্ট হয় ! তোমাৰ বাহিৰে মোৰ কোনো নাই! "-- যেতিয়া স্কুলৰ পৰা তাক লৈ আহো ৷ পোনকণৰ মনটো হেতা পৰি থাকে তাৰ চকুৰ আগতে আন শিশুৰ দেউতাই কোলাত তুলি বুকুত সাৱটি লৈ চুমা খাই চকলেট মিঠা আদি দিয়ে ৷ মই তাৰ দেউতা হ'ব নোৱাৰিলোঁ ৷ নিশা হ'লে সি মোৰ বুকুত মূৰ গুজি কয় --"মা তুমিতো দেউতাৰ দৰে মোক এৰি থৈ গুচি নাযাবা !" মই মাথোঁ তাৰ মূৰত হাত বুলাই দিওঁ ৷
অহ ! কুকুৰাই ডাক দিলেই দেখুন ৷ আজি আৰু নিলিখো দিয়া ৷ আমাৰ পোনাকণো মুচৰি আছে, স্কুললৈ যাব লাগিব ৷
ইতি
তোমাৰ অভাগিনী
**সবনম চৌধুৰী**

প্ৰত্যেক গৰাকী বিধৱা মহিলা(মা/ভনী) লৈ উচৰ্গা কৰিলোঁ ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান