পৱিত্ৰ কোৰান আৰু গাণিতিক ধাৰণা‌‌

*সবনম চৌধুৰী*
পৱিত্ৰ কোৰান আৰু গাণিতিক ধাৰণা‌‌:: গোটেই কোৰান জুৰি, পৃথিৱীৰ জীৱনৰ বিষয়ে উল্লেখ আছে 115 বাৰ আৰু মৃত্যুৰ পিছৰ জীৱনৰ বিষয়ে উল্লেখ আছে 115 বাৰ । শাস্তিৰ বিষয়ে উল্লেখ আছে 117 বাৰ আৰু ক্ষমাৰ বিষয়ে উল্লেখ আছে 234 বাৰ(117×2=234) । ( পৰম দয়ালু আল্লাহ তালাই শাস্তিতকৈ দুগুণ বেছি ক্ষমা কৰি ভাল পায় ।) চয়তানৰ বিষয়ে উল্লেখ আছে 88 বাৰ আৰু ফিৰিস্তাৰ বিষয়ে উল্লেখ আছে 88 বাৰ । বেহেস্তৰ(স্বৰ্গ) কথা উল্লেখ আছে 77 বাৰ আৰু দোজোখৰ (নৰক) বিষয়ে উল্লেখ আছে 77 বাৰ । জাকাতৰ বিষয়ে উল্লেখ আছে 32 বাৰ আৰু জাকাতৰ মঙ্গল বিষয়ে উল্লেখ আছে 32 বাৰ । গৰমৰ বিষয়ে উল্লেখ আছে 5 বাৰ আৰু ঠাণ্ডাৰ বিষয়ে উল্লেখ আছে 5 বাৰ । সচ্ছলতাৰ (ধনী) সকলৰ বিষয়ে উল্লেখ আছে 26 বাৰ আৰু দৰিদ্ৰ সকলৰ বিষয়ে উল্লেখ আছে 13 বাৰ ।( কিয়ামতৰ দিনাখন দৰিদ্ৰ সকলৰ হিচাপ-নিকাচ অতি সহজ হ'ব ) । নাৰীৰ বিষয়ে পৱিত্ৰ কোৰানত উল্লেখ আছে 23 বাৰ আৰু পুৰুষৰ বিষয়ে উল্লেখ 23 বাৰ । 23+23= 46 । আচৰিত কথা টো হ'ল মানৱ দেহ গঠিত হয় 46 টা বেলেগ বেলেগ ক্ৰমজমেৰে । আধুনিক বিজ্ঞানৰ মতে 23 টা ক্ৰমজম পুৰুষৰ আৰু 23 টা ক্ৰমজম নাৰীৰ সংমিশ্ৰণ হৈ প্ৰথমে আলাকা(জোকৰ দৰে আকৃতি) পিছতহে মানৱ দেহৰ সৃষ্টি হয় । পৱিত্ৰ কোৰানত স্থল ভাগৰ বিষয়ে উল্লেখ আছে 13 বাৰ আৰু জল ( সাগৰ) ভাগৰ বিষয়ে উল্লেখ আছে 32 বাৰ । 13+32= 45 । এতিয়া আমি যদি 45%, হিচাপে অংক কৰো তেতিয়া স্থল ভাগ হ'ব 13×100÷45=28.88 শতাংশ আৰু জল ভাগ হ'ব 32×100÷45= 77.11 শতাংশ । আজিৰ বিজ্ঞান মতে পৃথিৱীৰ স্থল ভাগ 28.88 শতাংশ আৰু পানী(সাগৰ) ভাগ 71.11 শতাংশ । অসম্ভৱ মিল । কোনো মানুহৰ দ্বাৰা এনে কিতাপ লিখা সম্ভৱ নে !!!

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান