ৰোজাৰ উপকাৰিতাঃ


*সবনম চৌধুৰী*
মস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পিটাৰ ভেনিয়ামিনভে ৰোজা সম্ভন্ধে কৈছে যে- “ৰোজা ৰাখিলে পৰিপাকতন্ত্ৰই নিৰ্দিষ্ট সময়ৰ বাবে বিশ্ৰাম লাভ কৰে ফলত পৰিপাকতন্ত্ৰ অধিক কাৰ্যক্ষম হৈ উঠে ৷" ডাঃ পি জি স্পাসকাৰৰ মতে- "ৰোজাৰ জৰিয়তে কলাজ্বৰ আৰু কিছুমান পুৰণি ৰোগ আপোনা-আপুনি ভাল হয় ৷" ইংৰাজ ডাক্টৰ তাশিনে কয়-“প্ৰষ্টেন্টাইন খ্ৰীষ্টান সকলে অধিক আহাৰ গ্ৰহণ কৰে সেয়ে বহু ৰোগীক মই ৰোজাৰ দ্বাৰা চিকিৎসা কৰো ৷" জাৰ্মান ডাক্টৰ ফেডাৰিক হ্যানিমেনে কয়- “ৰোজাৰ জড়িয়তে মৃগী ৰোগ, আলছাৰৰ চিকিৎসা কৰা হয় লগতে পেটৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ ৰোজা ৰখা অতি জৰুৰী ৷" ইটালীৰ বিখ্যাত শিল্পী মাইকেল এঞ্জেলোৱে 90 বছৰৰো অধিক কাল কাৰ্যক্ষম আৰু শক্তিশালী হৈ থকাৰ ৰহস্যৰ বিষয়ে কয়- “মই প্ৰতি বছৰৰ একমাহ আৰু প্ৰতি মাহত এক সপ্তাহ ৰোজা ৰাখি আহিছো ৷" আমেৰিকাৰ চিন্তাবিধ গ্ৰেগৰিয়ে কয় যে - "ৰোজাৰ দ্বাৰা শৰীৰ পৱিত্ৰ হয় লগতে শৰীৰৰ ক্ষতি কৰিব পৰা বীজানু সমূহ ধ্বংস হয় ৷" মস্কোৰ মানসিক ৰোগ ইনিষ্টিটিউডৰ এম ডি নিকোলাইডে কয়- "মই বিগত 50 বছৰ ধৰি ৰোজা ৰাখি আছো ৷ ৰোজাই মানুহক দীৰ্ঘ জীৱি কৰে ৷" ওপৰোক্ত ব্যক্তি সকলোৰ আটাইকেইজন অমুছলিম হৈয়ো ৰোজাৰ বৈজ্ঞানিক উপকাৰিতাৰ বিষয়ে সুন্দৰ মন্তব্য আগবঢ়াইছে ৷ মুছলমান সকলে বৈজ্ঞানিক উপকাৰিতাৰ বাবে ৰোজা নাৰাখে ই আল্লাহ তালাৰ নিৰ্দেশ সেয়ে ৰোজা গুৰুত্ব সহকাৰে পালন কৰে ৷ সকলো ধৰ্মতে ৰোজা বা ব্ৰত ৰখাৰ নিয়ম আছে ৷ ভাল স্বামী লাভ কৰিবৰ বাবে অম্বুবাচীৰ সময়ত ব্ৰত, স্বামীৰ দীৰ্ঘ আয়ুৰ বাবে ব্ৰত, পিতৃ-মাতৃৰ আত্মাৰ শান্তিৰ বাবে ব্ৰত, সুস্বাস্থ্যৰ বাবে সপ্তাহিক ব্ৰত ৷ সকলো ধৰ্মতে ৰোজা বা ব্ৰত ৰখাৰ দস্তৰ আছে ৷ যিহেতু এতিয়া আৰবী পৱিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে সেয়ে হোটেলৰ পৰ্দাৰ আঁৰত লুকাই উদৰ পূৰাই খোৱা মুছলমান সকলে অন্তত ৰোজাৰ হেজাৰটা উপকাৰৰ কথা চিন্তা কৰি পৰ্দাৰ আঁৰৰ পৰা ওলাই আহক ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান