সবনম চৌধুৰী¤¤¤
1969 চনৰ 20 জুলাই : যি সময়ত নীল আৰ্মস্ট্ৰং চন্দ্ৰত মানৱৰ প্ৰথম খোজ আঁকিছিল , সেই সময়ত আমি ভাৰতবাসীয়ে কণ্যা সন্তানক অভিশাপ বুলি ভাৱি ডিঙি চেপি হত্যা কৰিছিলোঁ ৷
2004 চনৰ 4 ফেব্ৰুৱাৰীত Google ৰ শুভাৰম্ভ কৰা হৈছিল কেনিৰ্ফনীয়াত, ঠিক সেই সময়ত আমি ভাৰতবাসী ব্যস্ত আছিলোঁ দলিত শ্ৰেণীৰ সৈতে ব্ৰাহ্মণৰ বিয়া হ'ব পাৰিব নে নাই তাৰে গৱেষণাত !
2006 চনৰ 21 মাৰ্চত Twitter ৰ শুভাৰম্ভ কৰা হৈছিল , সেই সময়ত আমি ব্যস্ত আছিলোঁ হিন্দুৱে মুছলিমক মাৰিবলৈ আৰু মুছলিমে সন্ত্ৰাসবাদী হ'বলৈ ৷
2010 চনত শুভাৰম্ভ হৈছিল Whatsapp ৰ সেই সময়ত আমি ব্যস্ত আছিলোঁ সংৰক্ষণৰ অজুহাতত আনৰ ঘৰ-দুৱাৰ, দোকান জ্বলোৱাত ৷
2012 চনৰ 12 জুনত Mr.Bean game য়ে বিশ্বত আলোড়ন সৃষ্টি কৰিছিল, সেই সময়ত আমি নিৰ্লজ্জ ভাৱে ধৰ্মৰ নামত ৰাজনৈতিক খেল খেলিছিলোঁ ৷
2014 চনত ডলাৰ শক্তিশালী হৈছিল ঠিক সেই সময়ত আমি ব্যস্ত আছিলোঁ কিমান মানুহ পাকিস্তান লৈ যাব আৰু কিমান মানুহ ভাৰতত থাকিব তাৰেই গণনাত ৷
যি সময়ত মানুহে মঙ্গল গ্ৰহত ঘৰ সজাৰ পৰিকল্পনা কৰিছে আৰু আমি কাৰ ঘৰত কিহৰ মাংস ৰান্ধিছে তাৰেই ঘ্ৰাণ লৈ হাহাকাৰ কৰি চাহৰ কাপত ভূঁইকঁপৰ জোকাৰনি তুলিছোঁ৷
শুনি আচৰিত লাগে যে Google ৰ CEO গৰাকী ভাৰতীয় সুসন্তান মাননীয় সুন্দৰ প্ৰেচয় ৷ Microsoft ৰ CEO গৰাকী ভাৰতীয় সুসন্তান মিষ্টাৰ নেডেলা ৷ Pepsico ৰ CEO ভাৰতৰ সুসন্তান ইন্দ্ৰা কৃষ্ণা মূৰ্তি ৷ Credit card ৰ CEO ভাৰতৰ সুসন্তান অজয় পাল সিং বাঙ্গা ৷
চিন্তা কৰক এই বোৰ যদি আমাৰ দেশৰ CEO হ'ল হেতেন তেন্তে আজি আমি ক'ত থাকিলো হেতেন ৷


যেতিয়া আমি ভাৰতত থাকো তেতিয়াই জাতি ধৰ্ম লৈ ব্যস্ত থাকোঁ, কিন্তু বিদেশলৈ গ'লেহে আমাৰ জ্ঞানৰ বিকাশ হয় ৷ এবাৰ যদি আমি ৰাজনৈতিক নেতাৰ চতুৰালিৰ জাল ফালি ওলাই আহি মানুহ হিচাপে জীয়াই থাকিব পাৰো তেন্তে ভাৰতৰ প্ৰত্যেক চুবুৰীতে একোজনকৈ নেলচন মেণ্ডেলা, নিউটন, গেলিলিও, চক্ৰেটিছৰ জন্ম হ'ব ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান