প্ৰাণ-প্ৰিয় জন্মভূমি !

সবনম চৌধুৰী®

হে মোৰ প্ৰাণ-প্ৰিয় জন্মভূমি ! স্বাধীন ভাৰতৰ স্বপ্ন প্ৰথমে আমিয়েই দেখিছিলো ৷ তথাপি কিয় আজি আমাক সন্ত্ৰাসবাদীয়ে দেশপ্ৰেমৰ ছাৰ্টিফিকেট দিব বিচাৰে ৷ 1857 চনত আমিয়ে প্ৰথম আজীম উল্লাহৰ ৰূপত কৈছিলো - “মাদাৰে ওয়াতান", “ভাৰত কী জয়" ৷ আমিয়েই প্ৰথম শ্লো-গান দিছিলো আবিদ হাচান হৈ-“জয় হিন্দ" ৷ মৌলানা হজৰত মোহানী হৈ আমিয়ে প্ৰথম কৈছিলো- “ইনক্লাৱ জিন্দাবাদ" ৷ হে মোৰ প্ৰাণ-প্ৰিয় জন্মভূমি ! প্ৰথমে আমিয়ে ইউচুপ মেহেৰ আলী হৈ কৈছিলো -“ ভাৰত ছোৰো" আৰু “চাইমন গো বেক ৷" 1
921 চনত বিসমিল আজীম হৈ আমিয়ে প্ৰথম গাইছিলো -“ছাৰফৰছি কি তামান্না আব হামাৰে দিল মে হ্যায় ৷" আল্লামা ইকবাল হৈ আমি গাইছিলো-“ছাৰে জাহাছে আচ্ছা হিন্দুস্থান হামাৰা" ৷ সুৰাইয়া তৈয়ব হৈ আমিয়ে নিৰ্বাচিত কৰিছিলো গেৰুৱা, শুকুলা আৰু শ্যামল ৰঙৰ তিনিবৰণীয়া জাতীয় পতাকা ৷ হে মোৰ স্নেহৰ জনম ভূমি ! কিয় আমি বাৰে বাৰে দেশপ্ৰেমৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ? হে মোৰ প্ৰাণ-প্ৰিয় জন্মভুমি যি সকলে তোমাৰ স্বাধীনতাৰ বাবে এটোপাল ঘাম বলিদান দিব নোৱাৰিলে ওলটাই বগা বনিকৰ ভৰি চেলেকিলে তোমাৰ সতীত্ব নিলাম কৰিলে তেওঁলোকৰ আজি আমালৈ আঙুলি টোৱাই দেশপ্ৰেমৰ প্ৰমান পত্ৰ বিলাই ফুৰিছে ! হে মোৰ প্ৰাণ-প্ৰিয় জন্মভুমি— তুমি লাঠি-তৰোৱাল-বন্দুক হাতত তুলি লোৱা হঁতক কৈ দিয়া ! তোমাক ভাল পাবলৈ আমাক কোনো ছাৰ্টিফিকেট নালাগে, মাথোঁ তোমাৰ সংকট কালত আমাৰ শুধি কলিজা চেপি নিজৰা বোৱাই দিয়া ভালপোৱা গ্ৰহণ কৰিব লাগে ৷ (https://choudhuryshabnam.wooplr.com/s/GAPZCBz6A…)

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান