মনত ৰাখিব

SHABNAM CHOUDHURY
বগা চেহেৰা থাকিলে ধুনীয়া নুবুজায় , আৰু ক'লা চেহেৰাই কুৎসিত নহয় ।
মৃত্যুৰ কাপোৰ খন বগা কিন্তু ভয়ানক,
Black bord খন ক'লা কিন্তু গুণ অপৰিসীম ।
মানুহৰ সৌন্দৰ্য বাহ্যিক দৃশ্য নহয় , চৰিত্ৰৰ দ্বাৰা মানুহ এজন সুন্দৰ হয়
____________________________
৮ কথা মনত ৰাখিব
=======================
1. ডাঙৰ গছ লৰে কম।
2. ডাঙৰ মাছৰ কাঁইট কম।
3. জ্ঞানী মানুহৰ কথা কম।
4. সৎ মানুহৰ সংখ্যা কম।
5. খঙাল মানুহৰ ধৈৰ্য কম।
6. সুস্থ মানুহে খায় কম।
7. শিশুৰ হিংসা কম।
8. সৎ মানুহৰ বন্ধু কম ৷
___________________________
* টকাৰে বিচনা কিনিব পাৰি ---- টোপনি কিনিব নোৱাৰি ।
* টকাৰে ঘড়ী কিনিব পাৰি ---- সময় কিনিব নোৱাৰি ।* টকাৰে কিতাপ কিনিব পাৰি --- জ্ঞান কিনিব নোৱাৰি ।
* টকাৰে ৰক্ত কিনিব পাৰি --- প্ৰাণ কিনিব নোৱাৰি ।
* এৰাতিৰ সুখ কিনিব পাৰি --- সঁচা প্ৰেম কিনিব নোৱাৰি ।
-------------------------------------------------

1. ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে কিন্তু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে, সেইদৰে আত্মবিশ্বাসে সফল হোৱাটো নিশ্চিত নকৰে কিন্তু জীৱন যুঁজত যুঁজাৰ প্ৰেৰণা দিয়ে ।
2. পোহৰে একোৱেই নকয় কিন্তু তাৰ উজ্জ্বলতাই পৰিচয় দিয়ে , সেয়ে আপুনিও একোকে নকওঁক ভাল কাম কৰক সেয়াই আপোনাৰ পৰিচয় ।
3. যাৰ নীতি ভাল তেওঁৰ সদায় উন্নতি হ'ব।
4. মই শ্ৰেষ্ঠ সেইটো আত্মবিশ্বাস , কেৱল মইয়ে শ্ৰেষ্ঠ সেইটো অহংকাৰ ।
5. দুই হাতেৰে 50 জন মানুহ মাৰিব নোৱাৰি কিন্তু দুই হাত যোৰ কৰি 1 লাখ মানুহৰ মন জিনিব পাৰি ।
6. জীৱনত খালী পেটে আৰু খালী জেপে যিমানখিনি শিকায় সেয়া কোনো বিশ্ববিদ্যালয়ৰ শিক্ষকে শিকাব নোৱাৰে ।
7. ইমান বোৰ জীৱৰ ভিতৰত কেৱল মানুহে ধন উপাৰ্জন কৰে কিন্তু কোনো জীৱ ভোকত নমৰে আৰু মানুহৰ কেতিয়াও পেট নভৰে ।
8. দৌৰত দৌৰা ঘোঁৰাই এইটো নাজানে জিতা কাক কয় , সি কেৱল মালিকে দিয়া কষ্টৰ ফলতহে দৌৰে। তেনেদৰে আপোনাৰ জীৱনত যদি কষ্ট আহে তেতিয়া ভাবি ল'ব যে ভগৱানে মোক জিতাব খুজিছে ।
9. যিখিনিৰ পৰা আমাৰ স্বাৰ্থ শেষ হয় তাৰ পৰা আমাৰ মানৱতা আৰম্ভ হয়।
10. প্ৰত্যেকৰে পৰা শুনক আৰু প্ৰত্যেকৰে পৰা শিকক, কিয়নো প্ৰত্যেকে সকলো নাজানে কিন্তু প্ৰত্যেকে কিবা নহয় কিবা জানে।
11. সম্পৰ্ক যদি মনৰ মিলনৰ হয় তেতিয়া চিঙা অসম্ভৱ কিন্তু যদি স্বাৰ্থত হয় সেয়া দীৰ্ঘ হোৱাটো অসম্ভৱ ।
+++++++++++++++++++++++
গীতাৰ সাৰাংশা
যি হৈ গ'ল ভালেই হৈ গ'ল,
যি হৈ আছে ভালেই হৈ আছে,
যি হ'ব ভালে হ'ব,
তুমি কি লৈ আহিছিলা যি তুমি হেৰুৱাইছা।
তোমাৰ কি হেৰাইছে যে তুমি কান্দিছা।
তুমি কি সৃষ্টি কৰিছা যি নষ্ট হৈ গ'ল।
তুমি যি লৈছা ইয়াৰ পৰাই লৈছা , যি দিছা ইয়াতেই দিছা।
আজি তোমাৰ যি আছে কালিলৈ আন কাৰোবাৰ হ'ব গৈ ।
পৰিৱৰ্তনেই সংসাৰৰ নিয়ম ॥

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান