অব্যক্তঃ


*সবনম চৌধুৰী*

নীলাকাশৰ চোতালত সাত ৰঙী ৰামধেনুৱে বিহাৰ কৰিছে ৷ মনটো ফৰকাল বাবেই স্পেইনৰ পখিলাবোৰে চৌপাশে মলয়া বা দি উৰিছে ৷ আজি তোমালৈ বৰকৈ মনত পৰিছে জানা নে ! তুমি যেতিয়া মোৰ চকুত চকু থৈ প্ৰেমৰ চিৰন্তন প্ৰশ্নটি কৰিছিলা---" তুমি মোক ভাল পোৱা নে ? " ৷ মই বাক্-ৰুদ্ধ হৈ গৈছিলো ৷ অহংকাৰি হৈ ভাৱিছিলো --- "ভালপোৱা মনোহাৰি দোকানৰ পন্য সামগ্ৰী নহয় যে দুটকাৰ বিনিময়ত যাৰ তাৰ হাতত তুলি দিব পাৰি ৷" মোৰ নীৰৱ উত্তৰত তুমি হতাশ হৈ আঁতৰি গৈছিলা ৷ চাৰিআলি পাৰ হওঁতে মোৰ জানা বৰ ভয় হৈছিল, খোজ বোৰ একে-বেঁকাকৈ পৰিছিল ৷ তুমি বাৰু মোৰ অমাবস্যাৰ নিশাৰ দৰে ঘন চুলিটাৰি লৈ কিয় ৰ লাগি চাই আছিলা, ধেনুভিৰীয়া চেলাউৰি, সজল চকু, আৰু লাহি ওঁঠ যোৰিও ভয়তে কঁপি উঠিছিল ৷ তোমাৰ ছাঁৰ ভয়ত মই কুচি-মুচি খাই গৈছিলো ৷ কিজানিবা তোমাৰ নিশ্বাস বোৰে মোক ব্যাকুল কৰি তুলে আৰু মই নীড় ভঙা পক্ষীৰ দৰে কামিহাড় ওলোৱা নদীৰ তীৰৰ বাসিন্দা হৈ ক্ষত টাইটানিকৰ অপেক্ষাত থাকিব লগা হয় ৷ মোৰ অভিমান ভাঙিবলৈ তুমি আনৰ লগত প্ৰেমৰ আখৰা কৰিছিলা ৷ মৰমে মৰমৰ জন্ম দিয়ে ৷ মোৰ জানা বৰ দুখ লাগিছিল মই ভাৱিছিলো --- " তুমি মানসিক ৰোগৰ চিকিৎসালয়ত ভৰ্তি হ'বা আৰু মই তোমাৰ নাৰ্চ হৈ সদায় কাষে কাষে থাকিম ৷" কিন্তু মোৰ বাবে তুমি বেছি দিন অপেক্ষা কৰিব নোৱাৰিলা ? তুমি আখৰাৰ বাস্তৱ ৰূপ দিলা ৷ প্ৰেম বাৰু সাগৰ তীৰৰ বালি ঘৰ নে! যে সাধাৰণ ঢৌৱতে ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় ৷ কেতিয়াবা আঁৰ চকুৰে তোমাৰ ফুলকোমল পোনাকণ লৈ চাওঁ, সি ঠিক তোমাৰ দৰেই হৈছে ৷ জানানে ! মৰম আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া ৷ প্ৰকৃত প্ৰেম হ'ল গলি গলি শেষ হোৱা, শেষলৈ এখন বোৱতি নৈ লৈ পৰিৱৰ্তিত হোৱা --- যি নিশাৰ বুকুত তোলে সুমধুৰ গুঞ্জন ৷ প্ৰেমৰ সুকোমল বুকুত উঠে- বেদনাৰ, যতনাৰ অজস্ৰ লহৰ ৷ প্ৰেমৰ নুবুজা ভাষাৰে হিয়াখনি হ'ব লাগিব ক্ষত-বিক্ষত, কলিজাৰ তেজ নিগৰাব লাগিব আনন্দৰে ৷ উপজি পুৱাতে উঠিব লাগিব আৰু নেদেখাজনক জনাব লাগিব অন্তৰ নিগৰা ধন্যবাদ, এটা প্ৰেমৰ দিন উপহাৰ দিয়াৰ বাবে ৷ হৃদয় সিক্ত সুন্দৰৰ আৰাধনাৰে নিমজ নিশা প্ৰেমৰ কল্যাণ ও প্ৰাৰ্থনাৰে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিব লাগিব ৷ তুমি বাৰু মোৰ বাবে কি কৰিছিলা ? ঋতু বিহীন পৃথিৱী ? আচল প্ৰেম হ'ব লাগে ৰবীন্দ্রনাথ ঠাকুৰৰ ভাৱত ---" সীমাৰ মাজে অসীম তুমি বাজাও আপোন সুৰ, তোমাৰ মাজে আমাৰ প্ৰকাশ তাই এতো মধুৰ ৷৷"
*** সবনম চৌধুৰী ***

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান