আৱেগ গাঁথা একলম

সবনম চৌধুৰী®
 স্বাধীনতা দিৱসৰ হিয়াভৰা শুভেচ্ছা জনাই লগতে ক্ষমা বিচাৰি আৱেগ গাঁথা একলম লেখিলো ....ইংৰাজৰ কু-শাসন তথা নিৰ্মম অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি খিলাফৎ আন্দোলন, খোদায়ে খিৎমতগাৰ আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন কৰিব লগা হৈছিল ৷ ইতিহাসৰ পাতত সশস্ত্ৰ বিপ্লৱী হিচাপে সাধাৰণতে পোৱা যায় সুভাস চন্দ্ৰ বসু, ক্ষুদিৰাম, সূৰ্যসেন, ভগত সিং আদিৰ নাম ৷ দুখৰ বিষয় ইংৰাজৰ ভৰি চেলেকি দাসত্ব স্বীকাৰ কৰা কিছুমানে ইতিহাসৰ পাতৰ কিছুমান নাম সহ্য কৰিব পৰা নাই ৷ স্বাধীন ভাৰতৰ স্বপ্ন দেখা মানুহৰ ভিতৰত মুছলামনৰ কেঁচা তেজৰ অৱদান আছিল আটাইতকৈ বেছি আৰু সেই বিপ্লৱী জাতিটোকে ইংৰাজৰ চুৱা-পাতনি চেলেকা সকলে কয়- “দেসকে সৰ বাচ্ছা ছিয়া ৰাম কহেগা, ইচ দেৱ ভূমি পৰ না ইচলাম ৰহেগা "৷ ইতিহাস সাক্ষী 1 কোটি মুছলমানৰ আত্ম-বলিদান ও জেললৈ যোৱা আৰু 5 লাখ মুছলিম ছহীদৰ তেজৰ বিনিময়ত আজি আমি স্বাধীন ৷ ইতিহাসে চেঁপি ৰখা অথবা কিছুমান ব্যক্তিৰ নাম মচি পেলোৱাৰ ক্ষড়যন্ত্ৰ চলিছে অহৰহ ৷ মৌলানা কাসেম চাহাবৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী পৰিকল্পনা সমূহ কৰা হৈছিল উত্তৰ প্ৰদেশৰ দেওবন্দ মাদ্ৰাছাৰ পৰা সেয়েহে আজিও ইংৰাজৰ ভক্তগনে কয় “মাদ্ৰাছা সমূহ সন্ত্ৰাসবাদৰ ঘাটি" ৷ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰুৰ দৰে দীৰ্ঘ দিন কাৰাবাস খাটে আতা উল্লাহ বুখাৰী, মৌলানা হুছেইন আহমদ, মৌলানা গোলাম হুছেইন, মৌলানা মাহমুদুল হাচান আদি নেতাই ৷ ইংৰাজ বিৰোধী কাৰ্য-কলাপৰ বাবে সকলো সময়তে যাৰ নামত অৱাৰেন্ট আছিল তেখেতৰ নাম তাবাৰক হুছেইন, কিন্তু তেখেতৰ নামো আজি ইতিহাসৰ পাতত লুপ্তপ্ৰায় ৷ এসময়ৰ কংগ্ৰেছৰ সভাপতি, যাৰ সংস্পৰ্শত হিন্দু-মুছলিম সকলো জাতি ধৰ্মৰ মানুহ একত্ৰিত হৈছিল তেখেত হাকিম আজমল খাঁ ৷ মহাত্মা গান্ধীৰ সহযোগী মৌলানা আজাদ নাথাকিলে মহাত্মা উপাধিটো নাপালেহেঁতেন, আজি আজাদ পৰিত্যাক্ত ৷ “কম ৰেড" আৰু "হামদৰ্দ" ইংৰাজ বিৰোধী আলোচনী দুখনৰ সম্পাদক মৌলানা মহম্মদ আলী আৰু শৌকত আলীৰ নামো ইতিহাসৰ পাতৰ পৰা লুপ্ত হ'ব ধৰিছে ৷ বিলাত ফিৰত বেৰিষ্টাৰ খাজা আব্দুল মজিদ আৰু তেখেতৰ পত্নীয়ে প্ৰচণ্ড ইংৰাজ বিৰোধী কাৰ্য-কলাপৰ বাবে কাৰাবাস খাটিব লগীয়া হয় ৷ 1962 চনত তেখেৰ মৃত্যু হয় এতিয়া ইতিহাসৰ পাতৰ পৰাও যেন তেখেতৰ মৃত্যু হৈছে ৷ ডাবুল এম এ, পি এইচ ডি ডিগ্ৰীধাৰী প্ৰবল প্ৰতাপী ছাইফুদ্দিন কিচলু আজি পৰিত্যাক্ত ৷ বিপ্লৱী মীৰ কাচিম, টিপু চুলতান, মজনু শ্বাহ, ইউচুপ এওঁলোক ইংৰাজৰ বন্দুকৰ গুলীত নিহত হ'ল এতিয়া ইতিহাসৰ পাতৰ পৰাও নিচিহ্ন হ'ব ধৰিছে লাহে লাহে ! সৰ্ব ভাৰতীয় নেতা আহমাদুল্লাহ চাহাবৰ শিৰ মূল্য 50 হেজাৰ ৰূপী ধাৰ্য্য কৰিছিল ইংৰাজ সকলে আৰু জমিদাৰ জগন্নাথে প্ৰতাৰণা কৰি তেখেতক বিষ খোৱাই হত্যা কৰি ইংৰাজৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰে ৷ মৌলানা ৰছিদ আহমদক ফাঁচী দি মাৰিলে ইংৰাজে আৰু ইতিহাসেও তেওঁক কবৰ দিলে ৷ কাৰাবাস খাটি জীৱন নষ্ট কৰা ইউচুপ, নাছিম খান, গাজি বাবা, ইয়াচিন ওমৰ খান, জেলৰ ভিতৰতে মৃত্যু হোৱা কুদৰতুল্লাহ খান আজি লুপ্তপ্ৰায়! নেতাজীৰ সোঁহাত স্বৰূপ আবিদ হাচান, শাহনাৱাজ খান,আজিজ আহমদ, ডি এম খান, আব্দুল কৰিম গণি, লেফটেন্ট কৰ্ণেল জেট কিলানি, কৰ্ণেল জ্বিলানিৰ অৱদানৰ কথা ইতিহাসে পাহৰি গ'ল ৷ বিদ্ৰোহী নেতা গোলাম ৰাব্বানী, সদ্দাৰ, হাইদৰ, মৌলানা আক্ৰাম খাঁ, গিয়াছ উদ্দিন আনছাৰ আদি ছহীদ সকলৰ তেজৰ মূল্য অস্বীকাৰ কৰিব কেনেকৈ ! বিখ্যাত নেতা জেহেৰুল ইচলামৰ হত্যাই দেশ স্বাধীন কৰাত সহায় কৰা নাই নে ? ইংৰাজ মুক্ত ভাৰত বিচৰা প্ৰথম গৰাকী ব্যক্তি হজৰত মোহানী ৷ জেলতে গলি পচি মৃত্যু হ'ল মৌলানা ওবাইদুল্লাৰ পৱিত্ৰ দেহা ৷ ইংৰাজে হাফিজ নিছাৰ আলী আৰু সেনাপতি গোলাম মাচুমক বাশঁৰ কেল্লাসহ ধ্বংস কৰে ৷ কিংছফোৰ্ডক হত্যা কৰিবলৈ গৈ ব্যৰ্থ হোৱা ক্ষুদিৰামৰ বিষয়ে আমি সকলোৱে জানো কিন্তু কিংছফোৰ্ডক হত্যা কৰিবলৈ সক্ষম হোৱা সেৰ আলীক ইতিহাসত লুপ্তপ্ৰায় কৰিলে ৷ অত্যাচাৰী সিংস্ৰ বিচাৰক জৰ্জ নৰম্যানক হত্যা কৰা আব্দুলাৰ নামো লুপ্তপ্ৰায় ৷ বিখ্যাত নেতা আসফাকুল্লাহ, ভাৰত ত্যাগ আন্দোলনৰ বীৰ আব্দুছ শুকুৰ, আব্দুল্লাহ মীৰৰ বিপ্লৱৰ কথা ইতিহাসৰ পাতত মলিন হ'ব ধৰিছে ৷ প্ৰকৃত দেশ প্ৰেমিকৰ অন্তৰৰ পৰা কদাপি এই সংগ্ৰামী সকলৰ নাম মলিন নহয় ৷ হাজাৰ বাধাৰে কৰিব বিচাৰিলে আমাক ম্লান, তথাপিও ভাৰত আমাৰ স্ব-ভিমান, এৰি নাযাওঁ হিন্দুস্থান, দেশক ভালপোৱা আমাৰ ঈমান ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান