অভিশপ্ত অবোধ মাংস পিণ্ড

মৰমৰ মা/দেউতাঃ—
বিধাতাৰ কৃপাত তোমালোকে চাগে ভালেই আছা ! মা/দেউতা মোৰ কি ভুলৰ বাবে মায়াময় পৃথিৱীৰ প্ৰথম আলোক পায়েই কুকুৰৰ খাদ্য হ'ব লগা হ'ল ? তোমালোকৰ দহ মিনিটৰ দৈহিক শান্তিৰ বাবে মোক দহ মাহ আবদ্ধ কোঠাত ৰাখি শেষত ক'লা পলিথিনক ধাত্ৰী সজাই কেনেকৈ ডাষ্টবিনলৈ পেলাই দিলা মা ! নৰ্মানে কৈছিলঃ" মৃত্যুৱেই জীৱনৰ বৃহৎ ক্ষতি নহয়, জীয়াই থাকোতেই যিটো ভিতৰতে মৰি শেষ হয় সেইটোৱেই বৃহৎ ক্ষতি ৷" মা/দেউতা বুকুত হাত থৈ ক'ব পাৰিবা নে তোমালোকৰ কোনো ক্ষতি
হোৱা নাই ! দেউতাৰ মন্ত্ৰণাত তোমাত এটুকুৰা মাংস পিণ্ডৰ আধাৰশিলা স্থাপন কৰি আঁতৰি গ'ল ! মা ! তুমিতো দহ মাহ মোক তোমাৰ দেহৰ তেজ-পানীৰে জীয়াই ৰাখিলা,তোমাৰ কিয় দয়া-মমতা নহ'ল মা ! গান্ধীজীয়ে কৈছে— "মৰিবা কিন্তু নামাৰিবা ৷" গান্ধীৰ দেশৰ মানুহ হৈ কেনেকৈ মোক পেলাই দিলা মা ! সমাজৰ ভয়ত ? পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থান হ'ল মাতৃৰ কোলা; কিন্তু মোৰ স্থান ক'ত মা ! তুমি জানো ফুলনদেৱীতকৈয়ো ভয়ানক ? জানানে ভূমিষ্ঠ হৈয়ে মই বৰ ঠাণ্ডা অনুভৱ কৰিছিলো মা, তোমাৰ উমাল বুকুত মূৰ গুজি সুখ নিদ্ৰাত নিমজ্জিত হ'বৰ মন আছিল, কান্দি কান্দি মোৰ
ডিঙি শুকাই কাঠ হৈ গৈছিল, বৰ কৈ পিয়াহ লাগিছিল, তোমাৰ বুকুৰ এটোপাল গাখীৰৰ যোগ্যও মই নহ'লো মা ! কিন্তু কিয় ? এবাৰো মোৰ অসহায় মুখনি লৈ নাচালা কিয় ?
তোমাৰ মৰমৰ আঁচোলেৰে মোৰ ভিজা দুগাল মচি নিজ হাতে হত্যা নকৰিলা কিয় ! হাবাৰ্টে কৈছিলঃ" এশ শিক্ষকতকৈ এগৰাকী আদৰ্শ মাতৃ শ্ৰেষ্ট " ৷ মা তুমি অঢ্যৱন্ত ঘৰৰ তনয়া বাবে আদৰ্শ কি বুজি নাপালা ন ? মা !
সঁচাকৈয়ে মই অবৈধ সন্তান নে ? নে দুটা সঁচা হৃদয়ৰ ভালপোৱাৰ সো-উচ্চ পৱিত্ৰ গম্ভুজ ৷ মৰমে মৰমৰ জন্ম দিয়ে মই কেনেকৈ
অবৈধ হ'লো মা, মোৰ দোষ কোনখিনিত ! মা/ দেউতা তোমালোক বাৰু বৈধ নে ! দুটা মান শ্লোক/ আয়াত মাতিলেই সন্তান বৈধ হৈ যায় নে ? নেপ'লিয়নে কৈছিলঃ" মোক এগৰাকী ভাল মাতৃ দিয়া মই এটা ভাল জাতি
উপহাৰ দিম ৷" তুমি কি জাতিৰ উপহাৰ দিবা মা ? কেইবাৰো মোক হত্যা কৰিবলৈ চেষ্টা কৰিছিলা, মই ভয়তে কঁপি আছিলো, কাৰণ মই তোমাৰ কথা শুনিবলৈ পাইছিলো মা ! দেশৰ আইনৰ বাবে মই ৰক্ষা পৰিছিলো যদিও
আইনে মোক বহু দিন সুৰক্ষা নিদিলে ৷ মা ! মোৰ বাবে তুমি বহু কষ্ট পাইছিলা, ভাল কৈ খাব নোৱাৰি বমি কৰিছিলা, অনবৰতে মূৰ ঘূৰাইছিল ; তেতিয়া মই মনত বেজাৰ পাইছিলো ৷ কেতিয়াবা আকৌ আনন্দতে তোমাক লথিয়াইছিলো, খুব ঠেক ঠাই হোৱা বাবে তুমি চাগে বৰ কষ্ট পাইছিলা ৷ পোন্ধৰ শ বছৰ আগত আৰব দেশত দাহিয়া কালবিয়ে
নিজৰ ফুল কোমলীয়া আধাফুটা মাতৰ জামিলাক কিদৰে হত্যা কৰিছিল দেউতা মনত আছেনে তোমাৰ ? জামিলা
খুব ধুনীয়া আছিল ৷ কিন্তু কন্যা সন্তানক ঘীণ কৰিছিল তেওঁ ৷ এদিন তাইক ধুনীয়া পোছাক পিন্ধাই বজাৰলৈ বুলি ওলাই গ'ল ৷ তাই স্নেহৰ পিতৃৰ আঙুলিত ধৰি নানা প্ৰশ্ন সুধি নাচি নাচি গৈ আছিল ৷ কিছু সময় গৈ সৰু হাবি এখনৰ মাজত সোমালে দুয়ো ৷ জামিলাক কাষত থিয় কৰাই গাত খান্দিবলৈ ধৰিলে পিতৃয়ে ৷ জামিলাই সোধে: "আব্বা তুমি ইমান কষ্ট কৰি গাত খান্দা কিয় ?" তেওঁ মনে মনে থাকে ৷ অবোজ তাই; একো বুজি নাপায় ৷ গাত খান্দি খান্দি দেউতাৰ কপালত জমা হোৱা ঘাম তাই কোমল হাতখনেৰে মচি দিয়ে, দাঢ়িকোচাত মাটি লাগি ধৰাত তাই সৰু হাতখনেৰে দাঢ়ি পৰিস্কাৰ কৰি কয়: " আব্বা তোমাৰ বৰ কষ্ট হৈছে ন !" - তেওঁ একো উত্তৰ নিদিয়ে ৷ গাত খন্দা হোৱাৰ পিছত তাইৰ হাত ভৰি বান্ধি গাতত পেলাই দিয়ে ৷ তাই চিঞৰি উঠে: - "আব্বা তুমি কি কৰিবা ? আব্বা মোৰ বৰ কষ্ট হৈছে ! আব্বা তুমি মোক মা ৰ ওচৰলৈ লৈ ব'লা ৷ "-- তেওঁ কোনো কথা নুশুনে আৰু এটা ডাঙৰ শিলৰ টুকুৰাৰে তাইৰ বুকুলৈ দলিয়াই দিয়ে ৷ তাইৰ বুকুৰ পৰা তেজ ওপঙি উঠে তথাপিও তাই চিঞৰি উঠে :" আব্বা.....হ ! আব্বা..... হ ! আব্বা..." তাই লাহে লাহে নিস্তেজ হৈ যায় ৷ দেউতা তুমিতো দাহিয়া কালবি নহয় তেন্তে কিয় মোক জামিলা সজালা ! দাহিয়া কালবিয়ে গোটেই জীৱন জামিলাৰ শেষ মাত "আব্ব হ" পাহৰিব পৰা নাছিল ৷ তাৰ পিছৰে পৰা কণ্যা সন্তান হত্যা কৰা বন্ধ
হৈছিল ৷ মৰমৰ দেউতা মোলৈ বাৰু তোমাৰ মনত পৰেনে ! মা/দেউতা তোমালোকৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই ৷ আকৌ যদি মই আহিব লগা হয় তেন্তে মালালা নতুবা কল্পনা চাওলা হৈ তোমালোকৰ কোলাতে ওমলিব পাৰো যেন ৷
ইতি
তোমালোকৰ অভিশপ্ত
প্ৰেমৰ সাক্ষৰ ( অবোধ মাংস পিণ্ড)

*****************
****সবনম চৌধুৰী****

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান