ধৰ্ষণ

**সবনম চৌধুৰী**®
মহাশয়, বিৰক্ত নহ'ব দুটামান কথা কওঁ- আপোনাৰ ভন্টিয়ে পাতল নাইটি নতুবা মিনি স্কাৰ্ট পিন্ধি নাইট ক্লাবলৈ বা বন্ধুৰ সৈতে সন্ধিয়া পাৰ্কত যাবৰ বাবে আপোনাৰ পৰা অনুমতি বিচাৰিলে কি কৰিব? নিশ্চয় কাণতলিয়া চৰ এটা সোধাবলৈ ইচ্ছা হ'ব কিন্তু হাত তুলিব নোৱাৰিব কাৰণ হাজাৰ হওক নাৰী হ'লেও তাই আপোনাৰ মৰমৰ ভন্টি ! কিমান দিন আপোনাৰ মা' প্ৰচণ্ড গৰমত গামি জুৰুলি-জুপুৰি হৈ বুকুৰ পৰা আঁচল আঁতৰাই থৈছে নতুবা ক্লান্ত হৈ বিছনাত বাগৰি পৰিছে আৰু শাৰীখন আঁঠুৰ ওপৰলৈ উঠিছে ৷ কি ভাৱিছে মা' নিৰ্লজ্জা, অসভ্য,বৰ্বৰ ৷ ওহো, এবাৰো মনলৈ অহা নাই কাৰণ হাজাৰ হওক নাৰী হ'লেও তেখেত আপোনাৰ মা'৷ নিজৰ সদ্যজাত নাঙঠ কণ্যা সন্তানক কোলাত তুলি কপালত চুমা আঁকি দিছে, কিমান দিন-ৰাতি হাগিছ/পেম্পাৰছ সলনি কৰি দিছে ! গালত, কপালত, পেটত, বুকুত চুমা খাইছে, বুকুত সাৱটি চেঁপি ধৰিছে ৷ আপোনাৰ কিন্তু কোনা বিলাতী নীলা ছবিৰ কথা মনলৈ অহা নাই ৷ সেয়া কোনো মাংস পিণ্ড নহয়, আপোনাৰ কলিজাৰ টুকুৰা ৷ কাৰণ নাৰী হ'লেও তাই আপোনাৰ হৃদয়ৰ স্পন্দন ৷ আপোনাৰ স্ত্ৰীয়ে বৰষুণত তিতি-বুৰি নতুবা ছাৱাৰত,পুখুৰীত গা ধুই তিতা কাপোৰত শৰীৰৰ প্ৰতিটো অংগ-প্ৰতংগ ওখ-চাপৰ জ্যোতিষ্মান হৈ দুচকুত ধৰা দিয়া ৷ আপুনি নিশ্চয় মানি নল'ব বা সহ্য নকৰিব আপোনাৰ স্ত্ৰীৰ এনে লোভনীয় দৃশ্য আন পুৰুষে উপভোগ কৰক কিম্বা তাই ৰাজহুৱা সম্পত্তি হৈ ৰাইজে কামুৰি খাওক ৷ কাৰণ হাজাৰ হওক নাৰী হ'লেও তাই আপোনাৰ স্ত্ৰী/অৰ্ধাঙ্গীনি ৷ বিছনাত পৰি থকা আপোনাৰ আশী বছৰীয়া বৃদ্ধা আইতাৰ গাৰ বিষ,শৰীৰৰ খুঁজৱতী, জ্বলা-পুৰনি সহ্য কৰিব নোৱাৰি গাৰ সমস্ত কাপোৰ দলিয়াই দিয়ে, আলহীৰ আগমনত আপুনি নিজ হাতে নাঙঠ ঠৰঙা দেহ ঢাকি দিছে ৷ মল-মুত্ৰ ছাফা কৰি কাপোৰ পিন্ধাই দিছে, উৎসৱ-পাৰ্ৱনত নিজ হাতে গা ধোৱাই নতুন সাজ পিন্ধাইছে ৷ বৃদ্ধা হলে নাৰীৰ শৰীৰ, ইচ্ছা কৰিলেই জপিয়াই পৰিব পাৰিলেহেঁন ৷ কিন্তু নোৱাৰে কাৰণ হাজাৰ হওক তেখেত নাৰী হ'লেও আপোনাৰ আইতা ৷
এতিয়া কথা হ'ল ৰাস্তা-ঘাট বা ফেচবুকত লগ পোৱা ধুনীয়া ছোৱালী দেখি Hot/Sexy বুলি কওঁতে এবাৰো নিজৰ ভন্টিজনীলৈ মনত পৰা নাই? গাড়ী-ৰিস্কাত উঠোতে বুকুৰ পৰা শাৰী পৰি যোৱা দৃশ্য দেখি বা খোজ কাঢ়োতে কঁকালৰ ভাঁজ দেখি লকলকাই থকা জিভা, মনত নপৰে কিয় মা' ভনী কিম্বা স্ত্ৰী লৈ ৷ ফুলকোমলীয়া শিশুটিৰ ওপৰত জপিয়াই পৰাৰ সময়ত আপোনাৰ হৃদয়ৰ স্পন্দন,কলিজাৰ টুকুৰাৰ কথা এবাৰো মনত পৰা নাই কিয়? কাৰণ !!! তেওঁলোক আপোনাৰ একো নহয় ! এবাৰ চিন্তা কৰক আপোনাৰ ভন্টি, মা; স্ত্ৰী, কণ্যা কিম্বা আইতা আনকাৰোবাৰো কিন্তু একো নহয়! আপোনাৰ আত্মীয়জনৰ লগত যদি আনে আপোনাৰ দৰেই ব্যৱহাৰ কৰে তেন্তে সহ্য কৰিব পাৰিব ? আপোনাৰ প্ৰিয়জন কিন্তু আনৰ একো নহয় !!!

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান