স্মৃতি শক্তি বৃদ্ধি কৰাৰ সহজ উপায়

সবনম চৌধুৰী®
স্মৃতি শক্তি বৃদ্ধি কৰাৰ সহজ উপায়ঃ
বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ স্মৃতি শক্তি কমি আহে, কিছুমান শিশুৰ স্মৃতি শক্তি কম দেখা যায় ৷ মানসিক চাপ, খং, উদ্বেগ, বিভিন্ন ৰোগ নতুবা যথোপযুক্ত খাদ্যপ্ৰণালীৰ অভাৱত পৰিও স্মৃতি শক্তি কমি যায় ৷ স্মৃতি শক্তি বৃদ্ধি কৰা সম্ভৱ ৷ 
1/ নিয়মিত ভাৱে কিছু সময় ব্যায়াম কৰক ৷ মুছলিম সকলে নামাজ পঢ়িলেও স্মৃতি শক্তি বৃদ্ধি পায় ৷
2/ অতিৰিক্ত আহাৰ গ্ৰহণৰ পৰা বিৰত থাকক ৷ মেদবহুলতা অৰ্থাৎ শৰীৰৰ ওজন বয়স অনুযায়ে ৰাখক ৷
3/ নিয়মিত ভাৱে আঠ ঘন্টাকৈ নিদ্ৰা যাওক ৷ যাৰ জীৱনৰ পৰা নিদ্ৰা হেৰাই গৈছে তেওঁহে উপলব্ধি কৰিব পাৰে নিদ্ৰা সৃষ্টিকৰ্তাৰ কিমান ডাঙৰ বৰদান !
4/ গান,গজল,ভজন আদি নিৰ্ধাৰিত সময়ত শুনক ৷
5/ কোলাহল পূৰ্ণ ঠাই পৰিত্যাগ কৰক ৷
6/ লেচু,আঙুৰ, কলাজাম,ষ্ট্ৰেবেৰি,ব্লুবেৰি আদি ফল খাওক ৷
7/ নিতৌ দুই তিনিবাৰ কফি খাওক ৷
8/ যিকোনো ৰাগিয়াল দ্ৰব্যৰ পৰা বিৰত থাকক ৷
9/ দৈ গাখীৰৰ টেঙা পানী পান কৰক ৷
10/ খাদ্য তালিকাত মাছৰ ব্যঞ্জন তৈয়াৰ কৰি খাওক ৷
11/ সদায় আনন্দত থাকিবলৈ চেষ্টা কৰক ৷
12/ নিতৌ অনন্ত আঠ গিলাছ বিশুদ্ধ পানী পান কৰক ৷
13/ নিতৌ নিৰ্দিষ্ট সময়ত একান্ত মনে প্ৰাৰ্থনা কৰক ৷
14/ নিতৌ বেলগছৰ কোমল পাত তিয়াই খাওক ৷
15/ আটাইতকৈ ভাল উপকৰণ হ'ল খাদ্য তালিকাত ভেজাল মুক্ত সেউজীয়া শাক-পাচলিৰ ব্যৱহাৰ ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান