অসমৰ মুছলমান

** সবনম চৌধুৰী** 
জ্ঞতাৰ্থে—
অসমৰ লাঞ্চিত বঞ্চিত নিপীড়িত এটা সম্প্ৰদায় হ'ল মুছলমান ৷ সদায় মুছলমানক তুচ্ছ - তাচ্ছিল্য কৰি অতি অসমীয়া হোৱাৰ নিৰ্লজ্জ বীৰত্ব দেখুৱাই আহিছে এদল অন্ধ ৰাজনৈতিক নীলা শিয়াল ৷ মুছলমান দেখিলেই গাত ৰাৱনৰ তেজ প্ৰবাহিত হোৱা ভণ্ড ( ছদ্মবেশী ) তথা উগ্ৰ হিন্দুত্ববাদী অসমীয়া বোৰে বাৰু নেজানে নে -
1/ বিশিষ্ট কবি, লেখক ,ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি চান্দ খাঁ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম শিষ্যৰ কথা ৷
2/ প্ৰথমজন অসমীয়া এম ডি উপাধিকাৰী কৰ্ণেল জালনুৰ আলী আহমেদ কথা ৷
3/ বিদেশী কাপোৰ দাহ কৰা প্ৰধান অসমীয়া ও
অসমৰ প্ৰথম ফাৰ্মাচিষ্ট ডা: আবুবক্কৰ আয়াজ ৷
4/ উচ্চ ন্যায়লয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আব্দুল মজিদ ৷
5/ অসম বিধান পৰিষদৰ প্ৰথম অসমীয়া অধ্যক্ষ ফৈজনুৰ আলী ৷
6/ আলি ওৰিয়েণ্টল কলেজত পঢ়িবলৈ যোৱা প্ৰথম অসমীয়া ৰহিমুদ্দিন আহমদ ৷
7/ বি টি ডিগ্ৰীধাৰী প্ৰথম অসমীয়া চাইফুদ্দিন আহমদ ৷
8/ দ্বিতীয়জন অসমীয়া আই চি এছ বিষয়া ইনামুল মজিদ ৷
9/ অসমৰ প্ৰথম অসমীয়া মুখ্য সচিব আবু নাচেৰ মহম্মদ ছালেহ ৷
10/ প্ৰথম অসমীয়া আৰক্ষী মহা পৰিদৰ্শক আৰু চি আৰ পি এফৰ সঞ্চালক প্ৰধান ইমদাদ আলি ৷
11/ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া অধিবক্তা নুৰুল আমিন ৷
12/ আমেৰিকাৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰা প্ৰথম অসমীয়া মহিলা মেৰী হামিদা খাতুন ৷
13/ পৱিত্ৰ কোৰাণ অসমীয়া ভাষা লৈ অনুবাদ কৰা প্ৰথম অসমীয়া চাদেৰ আলী ৷
14/ অসমৰ প্ৰথম গৰাকী মহিলা সাংসদ বেগম মফিদা আহমদ ৷
15/ অসমৰ প্ৰথম মহিলা আই পি এছ য়ামিন হাজৰিকা ৷
16/ আকাশবাণী মহানিৰ্দেশক পদত প্ৰথম অসমীয়া উবেইদুল লতিফ বৰুৱা ৷
17/ অসমৰ কৃতী গণিত শিক্ষক মুন্সী ছেখাৱত
আলী ৷


18/ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰ ৷
19/ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমদ ৷
20/ ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মেল হকৰ
কথা ৷ বহু অসমীয়া পাহৰিয়ে গ'ল যেন - মফিজুদ্দিন আহমেদ হাজৰিকা, ময়িদুল ইচলাম বৰা, চৈয়দ আব্দুল মালিক, নবাব চেহিদুৰ ৰহমান, চাৰ ছাদুল্লা, আহলায়াৰ খাঁ, ইবনে
বতুতা, কাজিম, চান্দ মহম্মদ চৌধুৰী কামৰূপী, মহম্মদ চুলেমান খাঁ, চৈয়দ মুজতবা আলী, জিকিৰ আলি হাজৰিকা, দানিছ মহম্মদ, নুৰ মহম্মদ, নুৰ শ্বাহ, ফাইজুদ্দিন আহমেদ, ফৰ্মুদ আলি, বাঘ হাজৰিকা, বাহাদুৰ গাওঁবুঢ়া, মনচুৰ খাঁ, মহম্মদ ছালেহ, আব্দুছ ছাত্তাৰ, তৈয়বুল্লা, ৰমণী গাভৰু, এম ইব্ৰাহিম আলি, কেৰামৎ আলী, ইমৰাণ শ্বাহ ,ইছমাইল
হুছেইন আৰু অজস্ৰ মুছলমানৰ অৱদানৰ কথা ৷
অসমৰ মুছলমানক ইতিকিং কৰা সকলে বাৰু অসমৰ ইতিহাস নেজানে নে ! এই অসম আমাৰ অসম ৷ আমি সকলো জাতি জন গোষ্ঠীক লগত লৈ গঢ়িছো এই অসম ৷ ইয়াত মাথোঁ আমাৰ অধিকাৰ ৷ "জয় আই অসম ৷"
** সবনম চৌধুৰী **
( ড' আবেদুৰ ৰহমান চাহাবৰ "অসমৰ মুছলমান সকল"
পুথিখনৰ সহায় লোৱা হৈছে ৷)

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা