Assamese comedy story ajagar
অ জগৰ সবনম চৌধুৰী ® খঙত টং হৈ খাপলাংকাই ঘৰৰ পৰা ওলাই আহিল ৷ তেওঁৰ কান্ধত বিৰিয়া ৷ বিৰিয়াৰ ইটো মূৰত আঠিয়া কলগছৰ দুই ফুটমান দীঘল টুকুৰা এটা আৰু আনটো মূৰত মুখ বান্ধি লোৱা বস্তা এখন ৷ বস্তাত কুচি-মুচি হৈ শুই আছে প্ৰায় পঁচিশ কিলোগ্ৰাম ওজনৰ সাপ এডাল ৷ সাপডালে প্ৰাণৰ মায়াত লৰচৰ কৰা নাই ৷ তেওঁ ভাৰ বাই গৈ আছে ৷ দুদিন ধৰি তেওঁৰ হাঁহৰ গঁৰালত সোমাই সাপখোৰ সন্যাসীৰ ভাও লৈ শুই আছিল ৷ গঁৰালত থকা দহ টা হাঁহৰ যেতিয়া দুটা হাঁহ নোহোৱা হ'ল, তেতিয়াহে হাঁহ বিচাৰি হুৱা-দুৱা লাগে ৷ মালতীয়ে গঁৰালৰ ভিতৰখন চোৱাত তাইৰ চকু কপালত উঠে ৷ গঁৰালৰ ভিতৰত মস্ত অজগৰ সাপডাল আৱিষ্কাৰ কৰি তাই থেকেচকৈ মাটিত বহি পৰি মাটিত আঁচল পাৰি থপৰিয়াই বিলাপ কৰিব ধৰে— "মোৰ হাঁহ দুটা সাপে খালে অ’… ৷ এতিয়া মোৰ কি হ'ব অ'.....৷ অ’ই খাব নোপোৱা ফপৰা সাপ, দাঁতৰ মলি, শুকান গোবৰ, তোৰ বাপেৰৰ মুণ্ডা দুটাহে খাব পাৰিলি, অ’ই আজোককাৰ খেকাৰ, চকুৰ ফেচকুৰি, পচা বন্ধাকবিৰ দ’ম, বিষ-ফোঁহাৰ পচা তেজ, নেগুৰ কটা চিকা ক’ৰবাৰ ৷ নিতৌ কণী দিছিল, এতিয়া কোনে কণী দিব অ’…৷ অ' মোৰ কি হ'ল অ' ......৷" খাপলাংকাই খঙত ৰঙা-চিঙা পৰি গৈছে ৷ দুম...