Assamese Comedy story

টেকেলি পিঠা
‘তপিনা বহল চাই ঐ তপিনা বহল চাই’ শীৰ্ষক জনপ্ৰিয় ৰিংটনটো বাজি উঠাৰ লগে লগে চলন্ত গাড়ীৰ সকলো সহযাত্ৰীয়ে উৎসুকতাৰে জীৱনৰ প্ৰায় তিৰিশ টা বসন্ত অতিক্ৰম কৰা ডেকা ল’ৰাজনলৈ চালে ৷ সি লংপেন্টৰ সোঁজেপৰ পৰা ম'বাইলটো উলিয়াই ৰিচিভ কৰিলে—
ঃ হেলোউ, অ’, নাই নাই ঠিকেই আছে ৷ ছয়গাঁও পাওঁ পাওঁ হৈছো ৷ নাই, এতিয়ালৈকে ক’তো চেক কৰা নাই ৷ হ’ব হ’ব চিন্তা কৰিব নালাগে, ছয়গাঁৱত যদি চেকিং কৰে , মই ফোন কৰি জনাম, অ’ ঠিক আছে ৰাখিছোঁ ৷
ল’ৰাজনে ফোনৰ লাইনটো কাটি দিলে ৷ অত পৰে সি টেটু ফালি কথা পাতিলে ৷ ল’ৰাজনৰ বেবেৰিবাং কথা শুনি ক্ৰুইজাৰ গাড়ীখনত থকা সকলো যাত্ৰী তধা লাগি গ’ল ৷ ল’ৰাজনে কি চেকিঙৰ কথা কৈছে ! যিহে দিন-কাল , দিন-দুপৰতে য’তে ত’তে দেৱালী মাৰ্কা বোমা ফুটে ৷ পাবত গজা সংগঠনৰ চেলাই বোম-চোম লৈ অহা নাইতো ? গাড়ীৰ সকলো যাত্ৰীয়ে ল’ৰাজনলৈ জিজ্ঞাসু দৃষ্টিৰে চাইছে ৷ ল’ৰাজনেও উচপিচাইছে ৷ চিন্তা আৰু ভয়ৰ ভাৱ স্পষ্ট হৈ উঠিছে ৷ ল’ৰাজনক সহযাত্ৰী সকলে একো সুধিবলৈয়ো সাহস পোৱা নাই ৷ যদি এ কে— ৪৭ উলিয়াই ধা - ধা - ধা - কৈ কলিজাখন চালনি বনাই দিয়ে ৷
চেন্টু আৰু বিট্টু দুই বন্ধুৱে এই গাড়ীখনেৰে গুৱাহাটীলৈ গৈ আছে ৷ আজি দুয়োৰে সাক্ষাৎকাৰ আছে ৷ চাকৰিৰ বাবে আজিৰ সাক্ষাৎকাৰটো দিব পাৰিলেই দুয়োৰে ফুল ছেঞ্চুৰী হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিব ৷
ল’ৰাজনৰ জেপত আকৌ ম'বাইলৰ ৰিংটনটো বাজি উঠিল ৷ সি ৰিচিভ কৰি কৃত্ৰিম হাঁহি এটা ফুটাই তুলি চিঞৰি চিঞৰি ক’লে—
ঃ অ’, এইমাত্ৰ ছয়গাঁও থানা পাৰ হ'লো ৷ নাই নাই, আজি চেক গেট পতা নাই ৷ এতিয়া বিজয়নগৰ থানাখন পাৰ হ’ব পাৰিলেই মই উশাহ ল’ব পাৰোঁ ৷ সিদিনা বিজয়নগৰ থানাতেই ধৰিছিল ৷ কিবাকৈ গুৱাহাটী পালে আৰু মোক কোনে পায় ! এতিয়া ৰাখো, অলপ পিছত ফোন কৰিবা… ও ও ঠিক আছে চাম বাৰু ৷
সি লাইনটো কাটি দি ম'বাইলটো জেপত ভৰাই থৈ ক’লা বেগৰ চেইনডাল খুলি ক’লা পলিথিনত ভৰাই থোৱা কিবা এটা তৰ্জনি আঙুলিৰে হেঁচা মাৰি চাই থৈ দিলে ৷ ল’ৰাজনৰ কাৰু-কাৰ্যত সহযাত্ৰী সকলৰ বুকু মোচৰ খাই উঠিল ৷ এই মাত্ৰ টাইম বোম একটিভ কৰিলে চাগে ৷ বিট্টুৱে ল’ৰাজনলৈ চাই সেপ গিলিবলৈ চেষ্টা কৰিলে যদিও নোৱাৰিলে ৷ ভয়ত তাৰ অণ্ঠ-কণ্ঠ শুকাই কাঠ হৈ গৈছে ৷ সি যেন আৰু ঘৰলৈ উভতি আহি মালতীৰ মায়ৱী মুখখনি চাব নোৱাৰিব ৷ আজি কিবাকৈ বাচিলে ‘ঘান্টা চাকৰি’ৰ বাবে মগজু তপতাই টিঘিল -ঘিলাই নুফুৰে ৷ ঘৰৰ খেতি মাটি খিনিতে হাতে-কামে লাগি যাব ৷ ঘান্টা শিক্ষাৰ চাৰ্টিফিকেট ধুই ধুই পানী খালে পেট নভৰে না ! গেষ্ট্ৰিকহে বাঢ়িব ৷ ফুটা কপাল ! আজি কিবাকৈ জীউটো লৈ ঘৰ পালেই ৰক্ষা ৷ সি সহায়ৰ আশাৰে চেন্টুলৈ চালে ৷ চেন্টুৰ মুখাবয়ৱত ভয়ৰ ভাৱ স্পষ্ট ভাৱে ফুটি উঠিছে ৷ ল’ৰাজনক দেখি সন্ত্ৰাসবাদী যেন নালাগে, কিন্তু যিহে দিন-কাল হৰিণে চেলেকে বাঘৰ গাল ৷ এই যুগত খৰা বোন্দাকো বিশ্বাস কৰিব নোৱাৰি ৷ কাছভৰ দৰে বিদেশী চিক্না এটাই ভাৰতৰ ৰাজহাঁড় হিলাই দিব পাৰে, তেতিয়াহ’লে এই ডেকা ল’ৰাজননো গুৱাহাটীখনক আলু পিটিকা কৰিবলৈ কিবা গীতা-কোৰাণ মুখস্থ কৰিব লাগিব নেকি !
বিজয়নগৰ আৰক্ষী থানা পাৰ হোৱাৰ লগে লগে ল’ৰাজনে স্বস্তিৰ নিশ্বাস ল'লে ৷ জেপৰ পৰা ম'বাইলটো উলিয়াই ফোন লগালে— হেলোউ, অ’… আচল থানা পাৰ হ’লো ৷ চিন্তা কৰিব নালাগে ৷ এতিয়া ৰাণীগেট আৰু জালুকবাৰীতহে অলপ চিন্তা ৷ আজি মোৰ ভাগ্য ভাল, ক’তো চেকিং কৰা নাই ৷ চিন্তা কৰিব নালাগে, আজি ভালে ভালে পাৰ হ’ব পাৰিম যেন পাইছো ৷ কিবা বিপদ হ’লে ফোন কৰি জনাম ৷ হ’ব হ’ব চাম বাৰু ৷ হ’ব ৰাখিছো ৷
এৰা ! ল’ৰাজন নিশ্চয় সন্ত্ৰাসবাদীয়েই হ’ব ! কমছেকম জেহাদীতো হ'বই হ'ব, নহ’লেনো এনেদৰে দহৰ মুখৰ আগত বুকু ফিন্দাই কথা ক’ব পাৰেনে ? সকলো সহযাত্ৰীয়ে আঁৰ চকুৰে ক’লা বেগখন চাইছে ৷ সেইখনতে যমদূতে ফান্দ পাতি দাঁত নিকটাই বহি আছে , আত্মাবোৰ আজি বোজা বান্ধি লৈ যাব ! গাড়ীৰ পৰা নামি যাবলৈ যেন কোনেও সাহস পোৱা নাই ৷ সকলোৰে মাথোঁ এটাই ভাব— কিবাকৈ আদাবাৰী পালেই সকলোৱে গাড়ীৰ পৰা নামিয়েই পঘা ছিঙা দামুৰিৰ দৰে নেজ দাঙি দুই জাঁপ মাৰি পলাই পত্ৰং দিব ৷
চেন্টুৰ কাষতে বহি থকা আদহীয়া মানুহজনলৈ সি গভীৰ ভাৱে লক্ষ্য কৰিছে, মানুহজন ঘামি অস্থিৰ হৈ গৈছে ৷ মানুহজন তাৰ চিনাকি যেন লাগিছে ৷ কিন্তু ক’ত লগ পাইছিল ! ওঁ ওঁ এয়া আৰক্ষী বিষয়া সদানন্দ চলিহা ৷ চানমাৰি থানাত কাম কৰে ৷ আৰক্ষীৰ মানুহ দেখি তাৰ মুখত পানী আহিল ৷ সি চলিহালৈ চাই চকুৰ ইংগিতেৰে বুজাই দিলে— কিবা এটা কৰক, আমি সন্ত্ৰাসবাদীক সহযাত্ৰী হিচাপে লৈ গৈ আছো মৃত্যুৰ দুৱাৰ ডলিলৈ ৷ আমাৰ মৃত্যু সমাগত ৷ অন্তিম শ্বাস ৷ ইমানপৰে নিজেও যে আৰক্ষীৰে মানুহ সেয়া চলিহায়ো পাহৰিয়ে গৈছিল ৷ এৰা ! তেওঁলোক জনসাধাৰণৰ ৰক্ষক, কাজেই তেওঁ কিবা এটা কৰিবই লাগিব ৷ ৰুমালখনেৰে মুখমণ্ডল মচি ল'লে ৷ চলিহাই কণ্ডাক্টৰ প্লাছ হেণ্ডিমেনজনক মাতি ফুচফুচাই গাড়ীৰ নাম আৰু নম্বৰটো সুধিলে ৷ ল’ৰাজনে নম্বৰকেইটা আৰু গাড়ীৰ নাম ক’লে ৷ চলিহাই ম'বাইলটো উলিয়াই বুটামকেইটা টিপি মেছেজ কৰিলে ৷ এৰা ! ঠিক জেগাত পৰিছে ৷ এওঁ আৰক্ষীৰ মানুহ ৷ নিশ্চয় কোনোবা থানাতে খবৰ কৰিছে ৷
চেন্টুই মনত ভাবিছে—‘ ৰ’ নেগুৰ কটা চিকা, আজি পাবি নহয় মজাপালি ! তোক ঢেঁকীথোৰাৰে থেতেলিম ৷ তহঁতৰ বাবে আমি জীউটো হাতত লৈ ফুৰিব লাগে ৷ চাল্লা ভেঁকুৰে ধৰা পাউৰুটি, পখৰা পুলিচৰ বুট জোতাৰ গচকত তোৰ গুড়া কৃমিৰ বংশ নিপাত হ’ব ৷ চৈধ্য বংশৰ নাম মুখেৰে সৰসৰকৈ ওলাই আহিব দস্তুৰমত ৷ এনেকুৱা লাগে যে চাল্লা ক’লা কচুৰ সঁচৰ টিকাত খেৰ দি জুই লগাই ৰাখী সাৱন্তৰ সয়ম্বৰ পাতি দিওঁ মা কচম ৷'
গুৱাহাটী ইউনিভাৰ্ছিটী পোৱাৰ লগে লগে গাড়ীখন চাৰিওফালৰ পৰা আৰক্ষীয়ে ফিল্মী কায়দাত ঘেৰি পেলালে ৷ যাত্ৰী সকলৰ জীউ উৰি যোৱা যেন লাগিছে ৷ সকলো যাত্ৰীৰে বুকু ধান বনাদি ধপ্ধপাব ধৰিলে ৷ গাড়ীখন ৰাস্তাৰ কাষত ৰখাৰ লগে লগে পখৰা পোছাকৰ পুলিছে কাৰ্গিল যুদ্ধৰ কায়দাত বন্দুকবোৰ যাত্ৰীসকললৈ পোনালে ৷ আৰক্ষী বিষয়া এজনে চিঞৰি উঠিল— ‘ নিজৰ নিজৰ টালি-টোপোলা লৈ ওলাই আহক ৷ এক ইঞ্চি হেৰফেৰ হ’লেই গুলী কৰা হ’ব ৷’ যাত্ৰীসকল কঁপি কঁপি গাড়ীৰ পৰা নামিব ধৰিলে ৷ চলিহাই ডেকা ল’ৰাজনৰ বুকুত খামোচ মাৰি ধৰি ঠেলা মাৰি পেটুৱা অ’ চি বৰুৱাৰ ভৰিৰ কাষত পেলাই দিলে ৷ ডেকা ল’ৰাজনৰ হাতৰ পৰা ক’লা বেগটো ছিটিকি পৰিল ৷ চলিহাই বুকু ফিন্দাই ক’লে— ‘এইজনেই ছাৰ ৷ জনতাৰ জীৱন ৰক্ষাৰ স্বাৰ্থত মই শিৰ নত কৰি জীৱন বাজীত ৰাখি বহুত কৌশল কৰি বুদ্ধিৰে ধৰা পেলাইছো ৷ ছাৰ এয়া মোৰ জীৱনৰ অন্যতম সাফল্য ৷ ছাৰ মোৰ পদোন্নতি....
অ’ চি ছাৰে ল’ৰাজনৰ চুলিত ধৰি থিয় কৰালে ৷ ছাৰে ৰুদ্ৰমূৰ্তি ধৰি ক’লে— ‘ ক’ বেগত কি আনিছ ?’ সি কঁপা কঁপা মাতেৰে ক’লে— ’পি… পি ৷’ ভয়তে তাৰ মাত বন্ধ হৈ গ’ল ৷ তাৰ মূৰৰ চাৰিওফালে বন্দুকৰ নলীবোৰ দেখি কঁপি কঁপি সৰুপানী এৰি দিলে ৷ তপামূৰা সাংবাদিক দুজনে ক্লিক্ ক্লিক্ কৈ ফটো তুলিছে ৷ চলিহাই বেগখনৰ চেইনডাল খুলি পলিথিন এটা উলিয়াই আনি চিঞৰি উঠিল— ‘পাইছো ছাৰ, চাৰিটা বোমা আছে ৷ একোটা আধা কিলোৰ কম নহ’ব ৷ ’ টি ভি সাংবাদিকে ভি ডি অ' আৰম্ভ কৰিলে পোনপটীয়া প্ৰচাৰ বাবে ,সকলোতকৈ সচ্ছ সকলোতকৈ দ্ৰুত বিশুদ্ধ খবৰ৷
প্ৰত্যক্ষ দৰ্শীসকলৰ বুকুখন মোচৰ খাই উঠিল ৷ সঁচাকৈয়ে বোমা ওলাল ৷ অ’ চি ছাৰে ডেকা আৰক্ষী বিনয়ক পলিথিনটো খুলি চাবলৈ নিৰ্দেশ দিলে ৷ সি কেও-মেও কৰিলে যদিও উপায় নাই, অ’ চি ছাৰৰ নিৰ্দেশ , মানিবই লাগিব ৷ সি লাহে লাহে পলিথিনটোৰ কাষত বহি হাত দীঘল কৰি খুলিবলৈ চেষ্টা কৰিছে ৷ টিভি চেনেলৰ বিলাতী মাৰ্কা ছোৱালী এজনীয়ে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য লৈছে ৷ মিডিয়াত ইতিমধ্যে "জেহাদী, জেহাদী" ঢৌ উঠি গৈছে ৷ সকলোৱে মন্ত্ৰমুগ্ধৰ দৰে পলিথিনটোলৈ চাই আছে ৷ পলিথিন খোলাৰ লগে লগে তাৰ চকুহাল বহল হৈ গ’ল ৷ সি হাঁহি হাঁহি অ’ চি ছাৰৰ কাষলৈ আহি পলিথিনটো হাতত দিলে ৷ তেওঁ পলিথিনটোৰ পৰা এটা টেকেলি পিঠা উলিয়াই কিংকৰ্তব্যবিমূঢ় হৈ চাইছে ৷ সকলো স্তব্ধ হৈ বোমা সদৃশ পিঠা চাইছে ৷ অ’ চি ছাৰে ৰুদ্ৰমূৰ্তি ধৰি চলিহালৈ চাই সুধিলে— ‘এইবিলাক বোমা নেকি ? ’ চলিহাই অ’ চি ছাৰৰ প্ৰশ্নৰ উত্তৰ নিদি ল’ৰাজনৰ কাষলৈ গৈ সুধিলে— ‘ তই ইমান পৰে গাড়ীত চিঞৰি চিঞৰি চেকিং নাই, থানা পাৰ হ’লোঁ, আৰু ভয় নাই এইবোৰ কিয় বকি আছিলি ?’
ডেকা ল’ৰাজনে সেপ গিলি সেমেনা-সেমেনি কৰি ক’লে— ‘ছাৰ, যোৱা সপ্তাহত ঘৰৰ পৰা তিনিটা টেকেলি পিঠা বনাই আনিছিলো ৷ কিন্তু দুৰ্ভাগ্য আপোনালোকৰ খাকী পোছাকৰ মানুহে চেকিং কৰি পিঠা তিনিটা বোমা বুলি কৈ ৰাখি দিলে,গৱেষণা কৰিব বোলে ৷ মা বুঢ়ী মানুহ, চাউল খুন্দিব নোৱাৰে, খুব কষ্টৰে পিঠা বনায় ৷ মই গুৱাহাটীত কাম কৰোঁ৷ মোৰ বন্ধু জয়ন্তই জীৱনত হেনু টেকেলি পিঠা খাই পোৱা নাই ৷ সেয়ে তাৰ বাবে আনিছিলো ৷ আজি যাতে পিঠাকেইটা কাৰো হাতত নপৰে সেয়ে মা-দেউতাই বাৰে বাৰে ফোন কৰি খবৰ লৈছে ৷’
তাৰ কথা শুনি আৰক্ষী বিষয়াসকলে তলমূৰ কৰিলে ৷ আকৌ তাৰ ম'বাইলত জনপ্ৰিয় ৰিংটনটো বাজি উঠিল— ‘তপিনা বহল চাই ঐ তপিনা বহল চাই… ৷' **সবনম চৌধুৰী**

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান