Assamese comedy story ajagar


জগৰ
সবনম চৌধুৰী ®
খঙত টং হৈ খাপলাংকাই ঘৰৰ পৰা ওলাই আহিল ৷ তেওঁৰ কান্ধত বিৰিয়া ৷ বিৰিয়াৰ ইটো মূৰত আঠিয়া কলগছৰ দুই ফুটমান দীঘল টুকুৰা এটা আৰু আনটো মূৰত মুখ বান্ধি লোৱা বস্তা এখন ৷ বস্তাত কুচি-মুচি হৈ শুই আছে প্ৰায় পঁচিশ কিলোগ্ৰাম ওজনৰ সাপ এডাল ৷ সাপডালে প্ৰাণৰ মায়াত লৰচৰ কৰা নাই ৷ তেওঁ ভাৰ বাই গৈ আছে ৷
দুদিন ধৰি তেওঁৰ হাঁহৰ গঁৰালত সোমাই সাপখোৰ সন্যাসীৰ ভাও লৈ শুই আছিল ৷ গঁৰালত থকা দহটা হাঁহৰ যেতিয়া দুটা হাঁহ নোহোৱা হ'ল, তেতিয়াহে হাঁহ বিচাৰি হুৱা-দুৱা লাগে ৷ মালতীয়ে গঁৰালৰ ভিতৰখন চোৱাত তাইৰ চকু কপালত উঠে ৷ গঁৰালৰ ভিতৰত মস্ত অজগৰ সাপডাল আৱিষ্কাৰ কৰি তাই থেকেচকৈ মাটিত বহি পৰি মাটিত আঁচল পাৰি থপৰিয়াই বিলাপ কৰিব ধৰে— "মোৰ হাঁহ দুটা সাপে খালে অ’… ৷ এতিয়া মোৰ কি হ'ব অ'.....৷ অ’ই খাব নোপোৱা ফপৰা সাপ, দাঁতৰ মলি, শুকান গোবৰ, তোৰ বাপেৰৰ মুণ্ডা দুটাহে খাব পাৰিলি, অ’ই আজোককাৰ খেকাৰ, চকুৰ ফেচকুৰি, পচা বন্ধাকবিৰ দ’ম, বিষ-ফোঁহাৰ পচা তেজ, নেগুৰ কটা চিকা ক’ৰবাৰ ৷ নিতৌ কণী দিছিল, এতিয়া কোনে কণী দিব অ’…৷ অ' মোৰ কি হ'ল অ' ......৷"
খাপলাংকাই খঙত ৰঙা-চিঙা পৰি গৈছে ৷ দুমোনীয়া বস্তা এখন আনি সাপৰ মূৰত হেঁচা মাৰি ধৰি টানি চোচোৰাই বাহিৰলৈ আনি বস্তাত ভৰাই, বস্তাৰ মুখখন বান্ধি চোতাললৈ দলিয়াই দিলে ৷ সাপখোৰত যদি নিমখ সানি কঁচাই কেঁচাই চোবাই খায় তথাপি আজি তেওঁৰ খং নকমে ৷
সাপ চাবলৈ চোতালত মানুহ নধৰা হ’ল ৷ খাপলাংকাই মূৰে-কপালে হাত দি বহি ৰ’ল ৷ এনেতে হৰেকৃষ্ণ গাঁওবুঢ়াকায়ে আহি ক’লে— " সাপটো থানাৰ অ’ চি ছাৰৰ ৷ ছাৰক ছমজাই দিলেই তই হাঁহৰ উচিত মূল্য পাবি ৷" —খাপলাংকাইৰ সৰু চকুহাল তিৰবিৰাই উঠিল ৷ তেওঁ বেগা-বেগীকৈ থানা লৈ বুলি যাত্ৰা আৰম্ভ কৰিলে ৷
খাপলাংকাই ভাৰ লৈ থানাত সোমালে ৷ তেওঁক দেখি চকীদাৰ ৰহমানে আগভেটা দি সুধিলে — " এহ ! ৰ'ব ৰ'ব, টালি-টোপোলা লৈ ক’ত সোমায় ?"
—"তই অ' চি বৰুৱা ছাৰ নেকি ? " চকু পিৰিক-পাৰাক কৰি ক'লে খাপলাংকাই ৷
— "নহয় ৷" সেমেনা-সেমেনি কৰি ক'লে ৰহমানে ৷
— "ক’তনো সোমাই অাছে বেলাতাতো ?" 
ৰহমান বুজিছে এওঁৰ গতিবিধি ভাল নহয় ৷ গেলা বিধ খায়ে আহিছে কিজানি ? ভালে ভালে বাট দেখুৱাই দিয়াই ভাল ৷ যিহে জোঙা বিৰিয়া ‘আল্লাগো’৷ বৰুৱা ছাৰৰ কোঠালৈ আঙুলিয়াই দি তেওঁ তাৰ পৰা পলাই পত্ৰং দিলে ৷ খাপলাংকাই বৰুৱা ছাৰৰ কোঠাত সোমালে ৷ ছাৰে দৈনিক বাতৰি কাকতখনত চকু ফুৰাইছে ৷ খাপলাংকায়ে মাত লগালে — "বেলতাতো, মোক দেখি কিনে কাগজৰ তলত মূৰ লুকাইছা ? ওলা ৷"
বৰুৱা ছাৰে চকুৰ আগৰ পৰা কাকতখন নমাই টেবুলৰ ওপৰত থ'লে ৷ "কোন বে মইকা লাল" ভাৱেৰে চালে ৷ বস্তাখন লাহে লাহে লৰচৰ কৰিছে ৷ প্ৰশ্নবোধক দৃষ্টিৰে বৰুৱা ছাৰে খাপলাংকাইৰ মুখলৈ চালে, অৱস্থা ভাল নহয় ,ৰাহাজানি নচলিব ৷ তেওঁ বিৰিয়াডাল কান্ধৰ পৰা নমাই স্বস্তিৰ নিশ্বাস ল'লে ৷
— "ইমান ওজন মৰাতো ৷ তয়ে নেকি বৰুৱা ছাৰ ?"
— "ওঁ ৷" ভয়ে ভয়ে স্বীকাৰ কৰে তেওঁ ৷ কঁকালত ওলমি থকা ডেগাৰ আৰু হাতত লৈ থকা জোঙা
বিৰিয়াডাললৈ চাই সেপ গিলিলে তেওঁ ৷
— "ধিৎতিৰি মৰাতো , ইয়াত বোন্দাপৰ দি বহি আছা ৷ নিজৰ বস্তুতোৰ খবৰ নাই ৷ দে দুইচ টকা ৷"
— "কিহৰ ?"- বৰুৱা ছাৰৰ কঁপা কঁপা মাত ৷ খাপলাংকাইৰ টিঙিচকৈ খঙটো উঠি গ'ল ৷ কঁকালত থকা ডেগাৰখনৰ মুঠি খামুচি ধৰি চিঞৰি উঠিল — "গেন্ধাতো , বস্তু পুহিলে ভালকৈ পুহিব লাগে ৷ লোকৰ অন্যায় কৰিব নালাগে ৷ তোৰ সাপে মোৰ দুটা হাঁহ হজম কৰিছে ,খবৰ আছে ৷ এনেই মোৰ আজি মাথা ভাল নহয়, মাল-চাল পোৱা নাই ৷ কিমান কষ্ট কৰি বস্তাত ভৰাই কিনে আনিছো যত্ন কৰি , কলগছটোও কাটিছো ভাৰ বাই আনিবৰ কাৰণে ৷ আনৰ বস্তু হ’লে গোটেই বাট চোঁচৰাই থেনথেনিয়া কৰি আনিলো হয় দস্তৰমত ৷ দে' দে' টকা দে ৷ দুটাত দুইচ নগদ ৷"
—" বস্তাত লৰিছে কি ?" - উৎসুকতাৰে সুধিলে বৰুৱা ছাৰে ৷
— "ধিৎতিৰি মৰাতো, সাপ ৷ আমাৰ গাওঁবুঢ়াকায়ে তোৰ বুলি কৈছে ৷ তোৰ অজগৰ সাপতো বস্তাত ভৰাই আনিছে ৰ’ যত্ন কৰি ৷ হাঁহ খাই শকত হৈছে বেলতাতো ৷"
— "এইটো মোৰ নহয় বন বিভাগৰহে ৷" ছাৰে ভয়ে ভয়ে বুজাবলৈ চেষ্টা কৰিছে ৷
— "মস্ত হাৰামী তই ৷ দুইচ টকা দিবা লাগে কাৰণে মিছা কৈছা বেলতাতো ৷ টকা দে নগদ নগদ, নহ’লে ইয়াতে দুটুকুৰা কৰি পেটৰ পৰা হাঁহ দুটা লৈ যাম বাপ্পেকে ৷ গম পাই যাবি ৷ মিছা-মিছি টেনচন দিয়ে ইতো মানুহ ৷"
— তেওঁ ডেগাৰখন উলিয়াই টিকাটোত দুই ঘঁহা মাৰিলে ৷ বৰুৱা ছাৰৰ পানী ছোও ছোও লাগি গ'ল ৷ সাপখোৰ তেওঁৰ চকুৰ আগত কাটিলে তেওঁৰ চাকৰি যাব ৷ লাগিলে দুগুন টকা দিব তথাপি সাপ কাটিব নিদিয়ে ৷ ই অসমৰ আপুৰুগীয়া সম্পদ ৷ তেওঁ পিচ পকেটৰ পৰা মানীবেগ উলিয়ালে ৷ মাত্ৰ ডেৰশ টকাহে আছে ৷ থানাত কাম কৰিলে ঘৰৰ পৰা টকা লৈ নাহিলেও চলে কিন্তু আজি বেলেগ পৰিস্থিতি ৷ টেবুলৰ ওপৰত থকা পানীৰ বটলৰ পৰা পানী এঢোক খাই ক'লে — "ডেৰশ টকা লওক ৷"
— "ধিৎতিৰি মৰাতো , পুৰা দুইচ দে ৷ কম নহ'ব ৷ পাইকাৰী দামত দিছো "
খাপলাংকাই আগুৱাই আহিল বৰুৱা ছাৰৰ ফালে ৷ বৰুৱা ছাৰে ‘চলিহা’ বুলি চিঞৰিলে ৷ চলিহাৰ সহাঁৰি নাই ৷ অনুনয়ৰ সুৰত ক'লে- "ৰ'ব না" ৷ প্ৰাণৰ মায়াত কান্দো কান্দো বৰুৱা ছাৰ ৷ এই হাতেৰে কিমান আচামীক পিটি পিটি লেবেজান কৰিছে তেওঁৰ বুকু কঁপা নাই ৷ আজি কিয় তেওঁৰ এনে অৱস্থা হ'ল ৷ কি যে অদ্ভুত মানুহ এইবোৰ ৷ এক কথাৰ মানুহ, এক ইঞ্চি হেৰফেৰ হ’লেই যেন মহাভাৰতখন অশুদ্ধ হ’ব ৷
— "ধিৎতিৰি মৰাতো, মোৰ বহাৰ সময় নাই ৷ আমাৰ আপীতোৱে… ৷"
— "আপীটো ?'’ বৰুৱা ছাৰৰ জিজ্ঞাসু দৃষ্টি ৷
— "ধিৎতিৰিকা, চিনি নাপায় আমাৰ আপীতোক, ৰহিলা, ৰহিলা কলেজত পঢ়ে ৷ তাই দৈমাৰীৰ আপাটোৰ লগত চাদাৰ টেমাৰ সমান কিবা এটাত ফুচুৰ-ফাচাৰ কৰি থাকে ৷ সদায় পহৰা দিব লাগে ৷ তামাম দিকদাৰী হৈছে মোৰ ৷"
— "অ’ ম'বাইল ৷"- বৰুৱা ছাৰ সহজ হ’ব বিচাৰে ৷
— "মবিল নে ফবিল, তাঁৰ-উৰ নাই ৷ দৈমাৰীৰ আপাতোক পালে মই কাতি দুই তুকুৰা কৰিম ৷ হাৰামীতোৱে মোৰ বগা আপীতো পলে নিবা বিচাৰে ৷"
— "আপুনিও দেখোন কলিতা ঘৰৰ ছোৱালী মালতীক পলোৱাই আনি বিয়া পাতিছে ৷"- বৰুৱা ছাৰে লেবেল দি আপোন হোৱাৰ ধান্দা কৰিছে ৷
— " কিনো কয় আৰু এতো মানুহ লাজ-উজ নাই ৷ হেঃ হেঃ তেতিয়া আৰু ডেকা আছিলোতো ৷ মোৰ শশুৰ বুঢ়াতো মস্ত হাৰামী ৷ মোলৈ বিয়া নিদিয়েহে নিদিয়ে ৷ তাই ইমান ঠোগা আছিল ৷" লাজ ভাৱেৰে ক'লে তেওঁ ৷
— "সেই কাৰণেই আপোনোৰ জীয়েকো পলাই যাব বিচাৰে ৷"
— "সেই বুলি দৈমাৰীৰ ধোদাঙডাললৈ বিয়া দিম না ? প্ৰত্যেক দিনাই পুৱাই পুৱাই দৈমাৰীৰ শিয়ালমুৱা দামুৰিতোৰে মোৰ ধান খেতি খোৱায়, মস্ত হাৰামী ৷ ধিৎতিৰি কিনো ফাল্টু কথা সুধি থাকা, ফতাফত টকা দে ৷"
— বৰুৱা ছাৰে ভাবিছে তেওঁৰ লগত অলপ মিহি হৈ কথা ক’লেই পঞ্চাশ টকা কম দিব পাৰিব ৷ নাই নহ’ব ৷ তেনে লক্ষণ নাই ৷ তেওঁ আকৌ ‘চলিহা চলিহা’ বুলি চিঞৰিলে ৷ চলিহা কোঠাত সোমাই আহিল ৷ বৰুৱা ছাৰে চলিহালৈ চাই ক'লে— ‘পঞ্চাশ টকা এটা দিয়ক ৷’
ঘামি জুৰুলি-জুপুৰি হোৱা বৰুৱা ছাৰলৈ লক্ষ্য কৰি চলিহা অবাক হ'ল ৷ বিস্ময় ভাববোধেৰে পঞ্চাশ টকা উলিয়াই দিলে ৷ বৰুৱা ছাৰে দুশ টকা মিলাই কঁপা কঁপা হাতেৰে খাপলাংকাইৰ হাতত তুলি দিলে ৷ তেওঁ টকাখিনি কঁকালৰ গামোচাৰ ভাঁজত থৈ কয়— " বস্তু পুহিলে ভালকে পুহিবি, আকৌ মোৰ গঁৰালত এৰি দি আহিলে, দুতুকুৰা কৰিম ৷ আহোঁ দে, বেয়া-চেয়া নাপাবি ৷"
তেওঁ ওলাই আহিল ৷ চলিহাই বৰুৱা ছাৰক সুধিলে— "কি বস্তু ছাৰ?" ছাৰে একো উত্তৰ নিদি লৰি থকা বস্তাখনলৈ আঙুলিয়াই দিলে ৷ চলিহাৰ চকুহাল বহল হৈ আহিল ৷ বৰুৱা ছাৰে ৰুমালখনেৰে মুখমণ্ডলৰ ঘাম মচি পানীৰ বটলৰ পৰা ঢোক ঢোককৈ পানী পি খাই স্বস্তিৰ নিশ্বাস ল'লে ৷ খাপলাকাই আকৌ কোঠাত সোমাই আহিল ৷
— "ধিৎতিৰিকা, আপীতোৰ চিন্তাত মোৰ মাথাই কাম নকৰা হৈছে ৰ' ৷"- তেওঁ পোনে পোনে বস্তাৰ কাষলৈ গৈ বস্তাৰ বান্ধি থোৱা মুখখন খুলিব ধৰিলে ৷ বৰুৱা ছাৰে চিঞৰি উঠিল — "এহ এহ কি কৰিছে ?"
— "তোৰ সাপটো থৈ কিনে মোৰ বস্তাটো লৈ যাওঁ, নহ’লে তাই ইমান বকিব, তামাম গালি দিব মোক ৷"
— "হা…?" বৰুৱা ছাৰ চিঞৰ মাৰি টেবুলৰ ওপৰত উঠিল ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান