ডিটেনশন কেম্পত মৃত্যু

ৰাজনৈতিক কলমৰ মেৰপাকত অৱশেষত ৰৌতাৰ জব্বৰ আলীৰ ডিটেনশন কেম্পত মৃত্যু হ'ল ৷ প্ৰকৃততে এয়া জানো মৃত্যু ?? না না না এয়া নিৰ্মম হত্যা ৷ এতিয়া জব্বৰ আলীৰ আত্মাক বন্দী কৰা হওক আৰু প্ৰশ্ন সুধা হওক তেওঁ স্বদেশী নে বাংলাদেশী !! জব্বৰ আলীৰ নিথৰ দেহটি পৰিয়ালক চমজাই অতি নিৰ্লজ্জ ভাৱে হাৰ মানিলে আপোনালোকে! লৰ্ড উলজলিয়ে কৈছে-“ সত্যতাই সৰ্বশ্ৰেষ্ঠ নীতি আৰু শেষত ইয়াৰে জয় হয় ৷" শেষত জব্বৰ আলীৰ জয়ী হ'ল ৷ হে জাতীয় নায়ক তথা অসমৰ অভিভাৱক, আপোনাৰ পৰিয়ালৰ লোক এগৰাকী বলিৰ পঠাই হ'ল ৷ আপুনি কিন্তু নীৰৱ ? মহাত্মা গান্ধীয়ে কৈছে-“ চকুৰে নেদেখাজন অন্ধ নহয়, নিজৰ দোষবোৰ নেদেখাজনহে প্ৰকৃত অন্ধ ৷" পাশাখেলৰ ৰাজনীতিয়ে সন্দেহ যুক্ত বিদেশী সজাই হেজাৰজনক মানসিক আৰু আৰ্থিক দিশত হত্যা কৰিছে ৷ মামনি ৰয়ছম গোস্বামীয়ে কৈছে -“মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে ৷" কিন্তু আপোনালোকে কৰিছে কি? আন্ধাৰত মমবাতি জ্বলোৱাতকৈ অন্ধকাৰক অভিশাপহে দিছে ৷ এই চিৰন্তন সমস্যাৰ সমাধান কৰক ৷ এয়া অসমৰ প্ৰথম ঘটনা নহয় ৷ মনত ৰখা উচিত এদিন সকলোৱে সাঙীত উঠিব লাগিব আৰু বিধাতাৰ সন্মুখত জবাবদিহি হ'ব লাগিব ৷ ৰাজনৈতিক নেতা সকলৰ চৰিত্ৰ চাই মাইক কিনছেলে কৈছিল-“ ৰাজনীতিবিদ সকলৰ বাবে সত্যৰ সংজ্ঞা বেলেগ ৷" স্বদেশীৰ ওপৰত পৈশাচিক অত্যাচাৰ বন্ধ কৰা হওক ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান