বেশ্যা কোন !

সবনম চৌধুৰী®

বেশ্যা কোন !
মোৰ বয়স তেতিয়া চৈধ্য বছৰ ৷ মায়া ভৰা দুচকুত সাতৰঙী অযুত সপোন ৷ স্পেইনৰ পখিলাৰ দৰে উৰা ফুৰাৰ মন ৷ হালধীয়া সৰিয়হডৰাত ওমলাৰ হাবিয়াস ৷ আকাশখনো যেন হাতৰ কাষতে আছিল ৷ এদিন নীলাকাশৰ ছাঁৰ তলত সোণালী কিৰণক সাক্ষী কৰি মোৰ দুচকুত চকু থৈ তুমি প্ৰেমৰ প্ৰস্তাৱ দিছিলা, মোৰ অবিহনে তোমাৰ জীৱন অৰ্থহীন ! অবুজ ভয়-শংকাত ভূঁইকঁপৰ সৈতে মই মাথোঁ কান্দিছিলো ৷ মোৰ খোজ বোৰ একা-বেঁকাকৈ পৰিছিল ৷ ঘাত-মাউৰাৰ দৰে তুমি মোৰ বাবে চাৰিআলি মুৰত মোৰ বাবে অপেক্ষা কৰিছিলা ! স্বৰস্বতী পূজাৰ দিনা মই মেখেলা শাৰী পিন্ধি বৰ বিমোৰত পৰিছিলো ৷ খোজ কাঢ়িব পৰা নাছিলো সেয়ে সকলোৱে মোক এৰি থৈ আহিছিল ৷ কাল সন্ধিয়া নামি আহিছিল মোৰ জীৱনলৈ ৷ মুখত হোপা দি অচিনাকি গাড়ী এখন টানি-হেচুকি উঠাই লোৱা হৈছিল ৷ অচেতন হৈ পৰিছিলো, যেতিয়া মোৰ জ্ঞান ঘূৰি আহিছিল তেতিয়া মোৰ শৰীৰত কোনো বস্ত্ৰ নাছিল ৷ লাজ-শংকাত মই কুচিমুচি খাই গৈছিলো ৷ হঠাৎ মনত পৰিল তিনি যোৰ চকুত তেজ ওপঙি থকা দৃশ্য ৷ দেহাৰ প্ৰতিটো অংগ-প্ৰতংগত তেজ লাগি আছিল ৷ চিকিৎসালয়তো মোৰ প্ৰতিটো অংগ-প্ৰতংগ লিৰিকি-বিদাৰি চাইছিল ৷ ঘৰৰ সকলো সদস্যই মোক ঘীণ কৰিছিল ধৰ্ষিতা বুলি ৷ ঠাট্টা-মস্কৰা-তিৰস্কাৰ-গঞ্জনা-অভিশাপ কি পোৱা নাছিলো ! মোৰ বাবে প্ৰাণ দিব পৰাজনো ওভতি চোৱা নাছিল ৷ চিঞৰি চিঞৰি সুধিবৰ মন গৈছিল মোৰ অপৰাধ কি ? জীৱনৰ নতুন দিগন্ত বিচাৰি মই ঘৰৰ পৰা ওলাই আহিছিলো চহৰলৈ ৷ কিন্তু ক'তো একো কাম যোগাৰ কৰিব পৰা নাছিলো ৷ সকলোৱে দেখুন মোৰ দেহাৰ ফালেহে গুৰুত্ব দিয়ে, সকলোকে ফোন নাম্বাৰ লাগে ৷ অৱশেষত দেহাটোকে মূলধন হিচাপে লৈ ব্যৱসায়ত নামি পৰিলো ৷ গ্ৰাহকৰ ভীৰ ৷ কেতিয়াবা গনেশগুৰি, পল্টনবাজাৰ, কেতিয়াবা যোৰহাট,শিৱসাগৰ, নগাওঁ, মৰিগাওঁ, তেজপুৰ, বৰপেটা, ধুবুৰী সকলোতে মই বিদ্যমান ৷ মোৰ বৰ হাঁহি উঠে যেতিয়া মোৰ প্ৰিয় গ্ৰাহক বোৰে টিভিৰ পৰ্দাত, বিভিন্ন মাধ্যমৰ জৰিয়তে নাৰী সুৰক্ষাৰ শ্লোগান-ধৰ্ণা দিয়ে, নাৰীক সন্মান কৰাৰ উপদেশৰ অমৃতবাণীৰ সোঁত বোৱাই মোৰ ছালৰ সুগন্ধী বিচাৰি পিতপিতাই ফুৰে ৷ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি ডাক্টৰ,ইঞ্জিনিয়াৰ,উকিল, বিভিন্ন বিভাগৰ উচ্চ পদস্ত বিষয়া, ব্যৱসায়ী, সাংবাদিক, লেখক সকলো মোৰ শয্যাসঙ্গী ৷ নিতৌ মই পালন কৰো মাদকতাহীন ফুলশয্যা ৷ নানাজনে মোৰ বুকুৰ ওম লৈ পৰম শান্তি লোভে আৰু মই আঁৰ চকুৰে দুগাল তিয়াই পেলাও ৷ মোৰ বোবা বুকুৰ চুনামী কোনেও বুজি নেপায় ! সভ্য সমাজৰ বাবে মই বেশ্যা কিন্তু এই সভ্য সমাজৰ প্ৰকৃত চৰিত্ৰ দৰ্পনত কদাপি দেখে নে ! মই চিঞৰি চিঞৰি সুধিব বিচাৰো প্ৰকৃততে বেশ্যা কোন ! বেশ্যা কোন !( লিখনি সম্পূৰ্ণ কাল্পনিক)

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান