মঙ্গল গ্ৰহত মাটি দখল


সবনম চৌধুৰী®
আমি এনে এখন সমাজৰ অংশীদাৰ যে যিখন সমাজৰ অধিকাংশ লোকে আকাশলৈ চাই গননা কৰে এই বছৰটোত কিমান শস্য উৎপাদন হ'ব, কিমান দিন লঘোনে থাকিব লাগিব ! ৷ চাবোন এটা শেষ হোৱাৰ পিছতহে আন এটা চাবোন কিনো তথাপিও দুটুকুৰা কৰো যাতে অপচয় কম হয় ৷ চোলা যোৰ চিঙা চালনি হোৱাৰ পিছত আন এযোৰ চোলা কিনাৰ পৰিকল্পনা কৰো ৷ বিভিন্ন পাৰফিউম বা কলগেট শেষ হোৱাৰ পিছতো আঙুলিৰে কুঁহিয়াৰ পেৰা দি পেৰি অৱশেষত অপাৰেশ্যান কৰি হ'লেও কেমিকেলখিনি উলিয়াই ব্যৱহাৰ কৰো ৷ তেল শেষ হোৱাৰ পিছত বাৰে বাৰে নিৰীক্ষন কৰে অলপ ৰৈ গ'ল নেকি ! অলপ পানী সোমাই জোকাৰি মিহলাই লওঁ ৷ ব্ৰাছ পাত যেতিয়া লৈ মহাৰাজৰ জোতাৰ লেখিয়া নহয় তেতিয়ালৈ দাঁতৰ ওপৰত অত্যাচাৰ চলায়ে থাকো ৷ ৰৈ যোৱা ভাতখিনি মছলাৰে ভাঁজিভাত বনাই, নতুবা কৰ্কৰা, নতুবা পন্তা ভাত কৰি খাও ৷ চেণ্ডেল পাতত পাঁচ আঙুলিৰ মানচিত্ৰই মাটি নোপোৱা লৈ ব্যৱহাৰ কৰিয়ে থাকো ৷ মাহেকীয়া হ'লে পুৰনা কাপোৰ চিঙি পট্টি বনাই একেটা কাপোৰ বাৰে বাৰে ধুই ব্যৱহাৰ কৰো ৷ চাকি জ্বলাই মিঠাতেল সানি কেঁচুৱাৰ কপালত ক'লা টিকা দিও ৷ সামগ্ৰী কিনোতে দহ টকা কম দাম পোৱাৰ আশাত দহ দোকান চলাথ কৰো ৷ ভগৱানক চেনিচম্পা কল দিও, মন্দিৰ-মছজিদৰ দানপাত্ৰত অন্তিম শ্বাস লোৱা নোটখনহে দান কৰো , আমি এনেকুৱা সমাজৰ বাসিন্দা সেয়েহে “নমামী ব্ৰহ্মপুত্ৰ বা এডভান্টেজ আসাম" দৰে সুন্দৰ উৎসৱ বোৰত আকাশত উৰি ফুৰো,মঙ্গল গ্ৰহত মাটি দখলৰ চেষ্টা কৰো ৷ শেষত এনেকুৱা নহ'লেই ৰক্ষা
-“আশা কৰিছো মুলুক জুৰি, মালিকে থৈছে বেঙেনা পুৰি ৷"

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান