ছোৱালী বিয়া

*সবনম চৌধুৰী*
যাৰ ৰাতিপুৱা ভাল তেওঁৰ দিনটোও ভাল ৷ কিন্তু ৰাতিপুৱা বেয়া হ'লে দিনটোও যেন বেয়া হয় ৷ মুছলিম সমাজৰ এটা ডাঙৰ ব্যাধি হ'ল কম বয়সত কন্যা সন্তানৰ বিয়া ৷ ভাৰতীয় সংবিধানক ফাঁকি দি অধিকাংশ ছোৱালী বিয়া দিয়া হয় 15/16 বছৰ বয়সত ৷ যি গৰাকী নাৰীৰ জীৱন আৰম্ভ হয় মিছা কথাৰে তেওঁলোকৰ গৰ্ভত জন্ম লোৱা শিশুটি বাৰু কিমান সবল সুস্থিৰ মানসিকতাৰ হ'ব ৷ প্ৰথম মিছা কথা কয় পিতৃয়ে --15/16 বছৰীয়া কন্যাৰ বয়স 18 বছৰ বুলি কয়, দ্বিতীয় মিছা কয় সাক্ষীয়ে, টকাৰ লোভত পৰি তৃতীয় মিছাৰে কাজীয়ে বিয়া পাতি ছোৱালীজনীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিয়ে । কম বয়সীয়া ছোৱালী বিয়া দি দি জাতিটোৰ ৰাজহাড়ৰ ভাঙি পেলাইছে । নিজৰ ভৰিত নিজে কুঠাৰ মাৰি দুহাতেৰে দুৰ্ভাগ্যক সাৱটি চৰকাৰী চাউল, চৰকাৰী ঘৰ, চৰকাৰী শৌচালয় আশা কৰি লাভ নাই ৷ এশ গৰাকী শিক্ষকতকৈ এগৰাকী শিক্ষিত মাতৃ উৎকৃষ্ট ৷ কিন্তু আমি কি কৰি আছোঁ ! ইছলামত মধ্যম পন্থা অৱলম্বন কৰিবলৈ কৈছে ৷ সেয়ে আধুনিক সমাজৰ লগত খোজত খোজ মিলাই চলিবলৈ হ'লে নাৰীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি উপযুক্ত বয়সত বিয়া দিয়ক ৷ এই ক্ষেত্ৰত যুৱক সকলে মুখ্য ভূমিকা ল'ব লাগিব ৷ প্ৰত্যেক গৰাকী যুৱকে ( ইছলামত যৌতুক হাৰাম ) প্ৰতিজ্ঞা কৰা উচিত যে "আমি যৌতুক বিহীন বিয়া পাতিম ৷" তেতিয়া নিশ্চয় কন্যাৰ পিতৃয়ে কন্যা সন্তানক বোজা হিচাপে নল'
ব আৰু শিক্ষাৰ প্ৰতি গুৰুত্ব দিব ৷

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান