তিনি তালাক

সবনম চৌধুৰী ®
তিনি তালাকঃ
উচ্চতম ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ ৰায়- ইচলামৰ তিনি তালাক প্ৰথাত নিষেধাজ্ঞা ৷ দৰাচলতে ইচলামত বিবাহ মানে হ'ল এটা চুক্তি; যি চুক্তিৰ জৰিয়তে গোটেই জীৱন সুখে-দুখে একে লগে থাকিব পাৰি অৰ্থাৎ সংসাৰ কৰিব পাৰি ৷ ইচলামত আটাইতকৈ নিকৃষ্ট কাম ও পন্থা হ'ল তালাক ৷ তালাক মানেই বৈবাহিক চুক্তি ভঙ্গ ৷ ইচলামত তিনি তালাক বুলি একো নাই; ই এক ভ্ৰান্ত ধাৰণা ৷ এক তালক, তিনি তালাক বা এশ তালাক সম পৰ্যায়ৰ বা সমান মূল্যৰ ৷ অকল পুৰুষেই তালাক দিব পাৰে ই এক ভুল ধাৰণা, স্ত্ৰীয়েও তালাক দিব পাৰে ৷ কিন্তু স্ত্ৰীয়ে তালাক দিয়াৰ নজিৰ নাই বুলিবই পাৰি ৷ স্বামী-স্ত্ৰীৰ বিবাদতো দূৰৰে কথা সুস্থ মগজুৰে আলোচনাৰ মাধ্যমেৰে যদি “তালাক" দিয়ে তেন্তে 90 দিন পিছতহে ই কাৰ্যকৰী হয় অৰ্থাৎ বৈবাহিক চুক্তি ভঙ্গ হয় ৷ দৰাচলতে তালাকৰ ক্ষেত্ৰত প্ৰথমে স্বামী-স্ত্ৰীয়ে আলোচনা কৰিব যে আমি একেলগে থাকিব নোৱাৰিম, তাৰ পিছত এই বিষয়ে দুয়ো পক্ষৰ অভিভাৱকৰ আলোচনা মৰ্মেহে তালাক হয় ৷ কিন্তু 15 দিন বেলেগে বেলেগে থাকিলেই তেওঁলোকৰ কাণ্ড জ্ঞান ঘূৰি আহিব যে -স্বামী বিহীন স্ত্ৰী আৰু স্ত্ৰী বিহীন স্বামী থাকিব নোৱাৰে, সংসাৰ চলোৱা অসম্ভৱ ৷ কাজেই ইচ্ছা কৰিলে 90 দিনৰ ভিতৰত আকৌ স্বামী-স্ত্ৰীয়ে সংসাৰ কৰিব বিচাৰিলে কৰিব পাৰিব ৷ ইয়াৰ বাবে কোনো ধৰণৰ চুক্তিৰ প্ৰয়োজন নাই, বা “হেল্লা"ৰ ৷ “হেল্লা" এক পৈচাশিক বে-আইনী, ইচলাম বিৰোধী নিয়ম ৷ ই মাতাব্বৰ বা অজ্ঞলোকৰ সৃষ্টি ৷ ইচলামত তিনি বাৰলৈ তালাক দিব পাৰিব ৷ ধৰা হ'ল স্বামী-স্ত্ৰীৰ কাজিয়া লাগি তালাক হ'ল কিন্তু এমাহ মান পিছত নিজৰ ভুল বুজি তেওঁলোকে আকৌ এক লগহৈ সংসাৰ কৰিব ধৰিলে ৷ কিছুদিন পিছত আকৌ দুয়োৰে মতৰ অমিলহৈ তালাক হ'ল কিন্তু দুমাহ মান পিছত তেওঁলোকে আকৌ একলগহৈ সংসাৰ কৰিব ধৰিলে ৷ কেইমাহ মান পিছত আকৌ বিবাদ লাগি তালাক হ'ল এইবাৰ কিন্তু তেওঁলোকে আকৌ এক লগ হৈ সংসাৰ কৰিব নোৱাৰিব ৷ স্ত্ৰী গৰাকী এই বাৰ অন্য পুৰুষৰ লগত বিবাহ হ'ব লাগিব ৷ তেতিয়াহে তেওঁলোকৰ মাজত থকা ভুল সমূহ উলিয়াব পাৰিব ৷ শাৰীৰিক অসক্ষমতা, আন কিবাদোষ থকা বা চৰিত্ৰহীন লোকৰ মাজতহে তালাক হয় ৷ স্বামী-স্ত্ৰীৰ মাজত যদি ইচলামিক গুণ থাকে তেন্তে বিশ্ব-ব্ৰাহ্মণ্ডৱে তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ আনিব নোৱাৰে ৷ এতিয়া প্ৰশ্ন হয় মহামান্য আদালতে তিনি তালাক ফতোৱা ক'ৰ পৰা উদ্ধাৰ কৰিলে ? তালাকৰ বিষয়ে কিমানখিনি তেওঁলোকে অধ্যায়ন কৰিছে ! কাৰণ বিশ্বৰ ভিতৰত মুছলিম সম্প্ৰদায়ৰ মাজতে বিবাহ বিচ্ছেদ আটাইতকৈ কম হয় ৷ তেন্তে এই নিৰ্দেশ কিয় ? মহামান্য আদালতে মুছলিম নাৰী শিক্ষাৰ বাবে কি আইন প্ৰণয়ন কৰিছে ? ধৰ্ষণৰ বিৰুদ্ধে কিমান কঠোৰ আইন কৰিছে ? ভ্ৰুণ হত্যাৰ বিৰুদ্ধ কিমান কঠোৰ আইন আছে ই কিমান কাৰ্যকৰী হৈছে ? বাল্য বিবাহ বন্ধ কৰিব পাৰিছে নে ? মহিলা সকলক স্বাৱালম্ভি কৰিবলৈ কি পন্থা হাতত লৈছে ? তিনি তালাক দৰাচলতে ইচলামৰ ওপৰত এটা আক্ৰমণ তথা ৰাজনৈতিক অভিসন্ধি ৷ তালাক দিলে যদি তিনি বছৰ কাৰাবাস খাটিব লাগে তেন্তে বিয়া পাতি স্ত্ৰীক স্ত্ৰীৰ মৰ্যাদা নিদিয়া আৰু তালাকো নিদিয়া, আনলৈ বিয়া হ'ব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰা প্ৰায় দুই লাখ ভাৰতীয় অপৰাধীৰ বাবে কি শাস্তিৰ ব্যৱস্থা কৰা হৈছে ? আমাৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়া বাৰু অপৰাধীৰ শাৰীত নপৰেনে ? ৰাজনৈতিক পাকচক্ৰত পৰি বাবৰি মছজিদ ধংস হ'ল ৷ মুছলমানৰ কীৰ্তি চিহ্ন দেশৰ গৌৰৱ তাজমহল, কুতুব মিনাৰো টাৰ্গেটত আছে, এদিন নিশ্চয় এই কীৰ্তি চিহ্ন সমূহ নিঃচিহ্ন কৰা হ'ব ৷ ইতিহাসৰ বুকুৰ পৰা লাহে লাহে টিপু চুলতান,আশফাকুল্লাহ,আতা উল্লাহ, বীৰ আব্দুল হামিদ, ইচমাইল চিদ্দিকিৰ নামো লুপ্ত হ'ব ৷ জন্মদাতা পিতৃ-মাতৃক বৃদ্ধা আশ্ৰম থৈ আহি গো-মাতাৰ বাবে প্ৰাণ দিয়া আৰু প্ৰাণ লোৱাৰ ঠিকা লোৱা দেশ এখনত আৰু কিমান সু-শাসন আশা কৰিব পাৰি ! আটাইতকৈ ডাঙৰ কথাটো হৈছে আদালতৰ ৰায়কলৈ এটা দুষ্ট চক্ৰই হৰ্ষ-উল্লাহ কৰি প্ৰচাৰ কৰিব যে কোৰাণত ভুল আছিল, সেয়া আমি শুধৰণি কৰিলো । ই দেশৰ শান্তি সম্প্ৰীতি ভ্ৰাতৃত্ববোধ যথেষ্ট প্ৰভাৱ পেলাব । প্ৰকৃতাৰ্থত কোৰাণৰ এটা হৰফ পৰিৱৰ্তন কৰাৰ কাৰো ক্ষমতা নাই । কিন্তু পৰম্পৰাগত ভাৱে চলি অহা কিছুমান কু-প্ৰথা ( হেল্লা, পীৰক ছিচদা কৰা, যৌতুক আদি) যিটো কোৰাণ ও ছহি হাদিছৰ বিৰুদ্ধে যায় তেনে প্ৰথা বিলুপ্ত কৰিলে মানৱ সমাজৰ কল্যাণ হ'ব ।

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান