Posts

  মাখন চুৰি কৰি খাইছিল ৷ কাজেই তোমালোক দুজনে মিলি মুছলিম চোৰজনৰ হাত কাটি দিয়া ৷" হিন্দু আৰু শিখ চোৰ দুয়োজনে সন্তুষ্ট হৈ মুছলিম চোৰ বন্ধুজনৰ হাত এখন কাটি দিলে ৷ গৃহস্থই এইবাৰ হিন্দু চোৰজন লৈ চাই ক'লে- “চোৱা শিখ সকল হ'ল হিষ্ট-পুষ্ট, শক্তিশালী আৰু তেওঁলোকৰ ধৰ্ম গ্ৰন্থ মতে চুৰি কৰা হ'ল মহাপাপ ৷ আমি দুয়ো মিলি কুলঙ্গাৰৰ ভৰি ভাঙি দিও ৷" কথা মতে কাম ৷ দুয়ো মিলি শিখ চোৰ গৰাকীৰ ভৰি ভাঙি দিলে ৷ এইবাৰ খ্ৰীষ্টান গৃহস্থই ক'লেঃ “চুৰিৰ অপৰাধত যদি মা যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক উৰালত বান্ধি থ'ব পাৰে তেন্তে তই কোন কুটা বে !"
 সবনম চৌধুৰী® আমি আমাৰ ইতিহাস পাহৰি গৈছো, মৃত্যুৰ কাফন মূৰত লৈ ফুৰা জাতি আজি সকলোতে লাঞ্চিত-বঞ্চিত-শোষিত-পীড়িত হ'ব লগা হৈছে ৷ সেয়ে মাত্ৰ অ' আ" বৰ্ণৰ কেইগৰাকীমান মহান বীৰ ছহিদ নাম উল্লেখ কৰিলো, যি 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই শক্তি প্ৰদৰ্শন কৰি ছহিদ হৈছিল- আব্দুল (ফ্ৰেছাৰ নামৰ বৃটিছ অফিচাৰৰ হত্যাৰ অভিযোগত মৃত্যুদণ্ড), আব্দুৰ ৰহিম খান (মুজাফ্ফৰ নগৰ, চিপাহী বিদ্ৰোহত জড়িত), নবাব আব্দুৰ ৰহমান খান (হাৰিয়ানা), আব্দুৰ ৰহমান পাঠান (দিল্লী), আব্দুল্লাহ শ্বেখ (দিল্লী), আব্দুল্লা ( ফাঁচী দি মাৰে), আবিদ আলি খান (মোৰদাবাদৰ আদিবাসী), আবিদুদ্দিন আব্বাছ (দিল্লী) আবু আব্বাছ (দিল্লী), আবু বক্কৰ মিৰ্জা (দিল্লী), আচ্ছান খান (অযোধ্যা), আয়েজাজ শ্বাহ, আফচাৰ ইয়াৰ খান, আগা হুছেইন পাঠান, আহদু খান, আহমদ বক্স, আহমদ ইয়াৰ খান, আহমদুল্লা খান, আহমদুল্লা শ্বাহ, আহমদ আলি খান, আহমদ বক্স শ্বেখ, আহমদ বক্স মোগল, আহমেদ খান (দিল্লী), আহমেদ খান (পঞ্জাৱ) আহমদ মীৰ্জা ( হাৰিয়ানা), আজাইব খান, আজমীৰ খান(ৰাজস্থান), আকবৰ খান (হাৰিয়ানা), আকবৰ খান (গুৰগাঁও), আকবৰ চিকু, আল্লাউদ দৌলা, আলা উদ্দিন শ্বেখ, আলি বাহাদুৰ, আলি বক

Assamese comedy story ajagar

Image
অ জগৰ সবনম চৌধুৰী ® খঙত টং হৈ খাপলাংকাই ঘৰৰ পৰা ওলাই আহিল ৷ তেওঁৰ কান্ধত বিৰিয়া ৷ বিৰিয়াৰ ইটো মূৰত আঠিয়া কলগছৰ দুই ফুটমান দীঘল টুকুৰা এটা আৰু আনটো মূৰত মুখ বান্ধি লোৱা বস্তা এখন ৷ বস্তাত কুচি-মুচি হৈ শুই আছে প্ৰায় পঁচিশ কিলোগ্ৰাম ওজনৰ সাপ এডাল ৷ সাপডালে প্ৰাণৰ মায়াত লৰচৰ কৰা নাই ৷ তেওঁ ভাৰ বাই গৈ আছে ৷ দুদিন ধৰি তেওঁৰ হাঁহৰ গঁৰালত সোমাই সাপখোৰ সন্যাসীৰ ভাও লৈ শুই আছিল ৷ গঁৰালত থকা দহ টা হাঁহৰ যেতিয়া দুটা হাঁহ নোহোৱা হ'ল, তেতিয়াহে হাঁহ বিচাৰি হুৱা-দুৱা লাগে ৷ মালতীয়ে গঁৰালৰ ভিতৰখন চোৱাত তাইৰ চকু কপালত উঠে ৷ গঁৰালৰ ভিতৰত মস্ত অজগৰ সাপডাল আৱিষ্কাৰ কৰি তাই থেকেচকৈ মাটিত বহি পৰি মাটিত আঁচল পাৰি থপৰিয়াই বিলাপ কৰিব ধৰে— "মোৰ হাঁহ দুটা সাপে খালে অ’… ৷ এতিয়া মোৰ কি হ'ব অ'.....৷ অ’ই খাব নোপোৱা ফপৰা সাপ, দাঁতৰ মলি, শুকান গোবৰ, তোৰ বাপেৰৰ মুণ্ডা দুটাহে খাব পাৰিলি, অ’ই আজোককাৰ খেকাৰ, চকুৰ ফেচকুৰি, পচা বন্ধাকবিৰ দ’ম, বিষ-ফোঁহাৰ পচা তেজ, নেগুৰ কটা চিকা ক’ৰবাৰ ৷ নিতৌ কণী দিছিল, এতিয়া কোনে কণী দিব অ’…৷ অ' মোৰ কি হ'ল অ' ......৷" খাপলাংকাই খঙত ৰঙা-চিঙা পৰি গৈছে ৷ দুম

Assamese comedy story

Image
    চোৰক মোৰে পালে         কনিষ্টবল বিনয় চলিহাৰ মনত চিন্তা এটাই দোলা দি উগুল-থুগুল লগাইছে ৷ কিছুদিনৰ পৰা পত্নী কেতেকীয়ে খেচখেচাই কাণ ঘোলা কৰিছে ৷ পাটৰ শাড়ী এখন লাগে ৷ সিদিনা অ' চি চাৰৰ ঘৈণীয়েকে পিন্ধি আহিছিল, বৰ ধুনীয়া লাগিছিল, যেন অসমীয়া ছবিৰ খাটি নায়িকা ৷ তাইও যদি তেনে সাজ পিন্ধে নিশ্চয় ধুনীয়া লাগিব ৷     এৰা ! সেয়াতো হয় ৷ পৃথিৱীৰ কোনজন মানুহেনো নিজৰ লগৰীজনীক ভালকৈ খোৱাই-পিন্ধাই ৰম্ভা-মেনকাৰ দৰে হোৱাটো নিবিচাৰে  !  পিছে আয় চাই ব্যয় কৰিবলৈ যাওতে লাগে কৰুক্ষেত্ৰখন ৷ সাত নমস্কাৰ একেলগে জনাই টালি-টোপোলা বান্ধি যাবলৈ ওলায় মাকৰ ঘৰলৈ সস্তীয়া বাহাদুৰী ৷ বছৰেকীয়া উৎসৱ সমূহত বিচৰা মতে কাপোৰ-কানি দিব নোৱাৰিলে তেতিয়া কথাই বেলেগ— " উৎসৱৰ দিনতো যদি কাপোৰ এযোৰকে দিব নোৱাৰে তেন্তে বিয়া পাতিছে কিয়  ! বিয়াৰ আগত বোলে হেন  আছে তেন আছে, অমুক দিম তমুক দিম এতিয়াহে ... ঘটি-বটি-লটি-ঘোটা ৷ ইপিনে টানিলে সিপিনে উদং,  সিপিনে টানিলে ইপিনে উদং হুঁ ৷" কেতেকীয়ে আজি কৈ পঠিয়াইছে  শাড়ী এখন আনিব নোৱাৰিলে চৌকাত জুই নজ্বলে, ঘৰৰ দুৱাৰ মেল নাখায় ৷     কনিষ্টবল বিনয় চলিহাৰ ডিউটি আজি যিহেতু মেইন ৰাস্তাতে প

Assamese Comedy story

Image
টেকেলি পিঠা ‘তপিনা বহল চাই ঐ তপিনা বহল চাই’ শীৰ্ষক জনপ্ৰিয় ৰিংটনটো বাজি উঠাৰ লগে লগে চলন্ত গাড়ীৰ সকলো সহযাত্ৰীয়ে উৎসুকতাৰে জীৱনৰ প্ৰায় তিৰিশ টা বসন্ত অতিক্ৰম কৰা ডেকা ল’ৰাজনলৈ চালে ৷ সি লংপেন্টৰ সোঁজেপৰ পৰা ম'বাইলটো উলিয়াই ৰিচিভ কৰিলে— ঃ হেলোউ, অ’, নাই নাই ঠিকেই আছে ৷ ছয়গাঁও পাওঁ পাওঁ হৈছো ৷ নাই, এতিয়ালৈকে ক’তো চেক কৰা নাই ৷ হ’ব হ’ব চিন্তা কৰিব নালাগে, ছয়গাঁৱত যদি চেকিং কৰে , মই ফোন কৰি জনাম, অ’ ঠিক আছে ৰাখিছোঁ ৷ ল’ৰাজনে ফোনৰ লাইনটো কাটি দিলে ৷ অত পৰে সি টেটু ফালি কথা পাতিলে ৷ ল’ৰাজনৰ বেবেৰিবাং কথা শুনি ক্ৰুইজাৰ গাড়ীখনত থকা সকলো যাত্ৰী তধা লাগি গ’ল ৷ ল’ৰাজনে কি চেকিঙৰ কথা কৈছে ! যিহে দিন-কাল , দিন-দুপৰতে য’তে ত’তে দেৱালী মাৰ্কা বোমা ফুটে ৷ পাবত গজা সংগঠনৰ চেলাই বোম-চোম লৈ অহা নাইতো ? গাড়ীৰ সকলো যাত্ৰীয়ে ল’ৰাজনলৈ জিজ্ঞাসু দৃষ্টিৰে চাইছে ৷ ল’ৰাজনেও উচপিচাইছে ৷ চিন্তা আৰু ভয়ৰ ভাৱ স্পষ্ট হৈ উঠিছে ৷ ল’ৰাজনক সহযাত্ৰী সকলে একো সুধিবলৈয়ো সাহস পোৱা নাই ৷ যদি এ কে— ৪৭ উলিয়াই ধা - ধা - ধা - কৈ কলিজাখন চালনি বনাই দিয়ে ৷ চেন্টু আৰু বিট্টু দুই বন্ধুৱে এই গাড়ীখনেৰে গুৱাহাটীলৈ গৈ আছে ৷

তিনি তালাক

Image
সবনম চৌধুৰী ® তিনি তালাকঃ উচ্চতম ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ ৰায়- ইচলামৰ তিনি তালাক প্ৰথাত নিষেধাজ্ঞা ৷ দৰাচলতে ইচলামত বিবাহ মানে হ'ল এটা চুক্তি; যি চুক্তিৰ জৰ িয়তে গোটেই জীৱন সুখে-দুখে একে লগে থাকিব পাৰি অৰ্থাৎ সংসাৰ কৰিব পাৰি ৷ ইচলামত আটাইতকৈ নিকৃষ্ট কাম ও পন্থা হ'ল তালাক ৷ তালাক মানেই বৈবাহিক চুক্তি ভঙ্গ ৷ ইচলামত তিনি তালাক বুলি একো নাই; ই এক ভ্ৰান্ত ধাৰণা ৷ এক তালক, তিনি তালাক বা এশ তালাক সম পৰ্যায়ৰ বা সমান মূল্যৰ ৷ অকল পুৰুষেই তালাক দিব পাৰে ই এক ভুল ধাৰণা, স্ত্ৰীয়েও তালাক দিব পাৰে ৷ কিন্তু স্ত্ৰীয়ে তালাক দিয়াৰ নজিৰ নাই বুলিবই পাৰি ৷ স্বামী-স্ত্ৰীৰ বিবাদতো দূৰৰে কথা সুস্থ মগজুৰে আলোচনাৰ মাধ্যমেৰে যদি “তালাক" দিয়ে তেন্তে 90 দিন পিছতহে ই কাৰ্যকৰী হয় অৰ্থাৎ বৈবাহিক চুক্তি ভঙ্গ হয় ৷ দৰাচলতে তালাকৰ ক্ষেত্ৰত প্ৰথমে স্বামী-স্ত্ৰীয়ে আলোচনা কৰিব যে আমি একেলগে থাকিব নোৱাৰিম, তাৰ পিছত এই বিষয়ে দুয়ো পক্ষৰ অভিভাৱকৰ আলোচনা মৰ্মেহে তালাক হয় ৷ কিন্তু 15 দিন বেলেগে বেলেগে থাকিলেই তেওঁলোকৰ কাণ্ড জ্ঞান ঘূৰি আহিব যে -স্বামী বিহীন স্ত্ৰী আৰু স্ত্ৰী বিহীন স্বামী থাকিব নোৱাৰে, সংসাৰ চলোৱা অসম্

বেশ্যা কোন !

Image
সবনম চৌধুৰী® বেশ্যা কোন ! মোৰ বয়স তেতিয়া চৈধ্য বছৰ ৷ মায়া ভৰা দুচকুত সাতৰঙী অযুত সপোন ৷ স্পেইনৰ পখিলাৰ দৰে উৰা ফুৰাৰ মন ৷ হালধীয়া সৰিয়হডৰাত ওমলাৰ হাবিয়াস ৷  আকাশখনো যেন হাতৰ কাষতে আছিল ৷ এদিন নীলাকাশৰ ছাঁৰ তলত সোণালী কিৰণক সাক্ষী কৰি মোৰ দুচকুত চকু থৈ তুমি প্ৰেমৰ প্ৰস্তাৱ দিছিলা, মোৰ অবিহনে তোমাৰ জীৱন অৰ্থহীন ! অবুজ ভয়-শংকাত ভূঁইকঁপৰ সৈতে মই মাথোঁ কান্দিছিলো ৷ মোৰ খোজ বোৰ একা-বেঁকাকৈ পৰিছিল ৷ ঘাত-মাউৰাৰ দৰে তুমি মোৰ বাবে চাৰিআলি মুৰত মোৰ বাবে অপেক্ষা কৰিছিলা ! স্বৰস্বতী পূজাৰ দিনা মই মেখেলা শাৰী পিন্ধি বৰ বিমোৰত পৰিছিলো ৷ খোজ কাঢ়িব পৰা নাছিলো সেয়ে সকলোৱে মোক এৰি থৈ আহিছিল ৷ কাল সন্ধিয়া নামি আহিছিল মোৰ জীৱনলৈ ৷ মুখত হোপা দি অচিনাকি গাড়ী এখন টানি-হেচুকি উঠাই লোৱা হৈছিল ৷ অচেতন হৈ পৰিছিলো, যেতিয়া মোৰ জ্ঞান ঘূৰি আহিছিল তেতিয়া মোৰ শৰীৰত কোনো বস্ত্ৰ নাছিল ৷ লাজ-শংকাত মই কুচিমুচি খাই গৈছিলো ৷ হঠাৎ মনত পৰিল তিনি যোৰ চকুত তেজ ওপঙি থকা দৃশ্য ৷ দেহাৰ প্ৰতিটো অংগ-প্ৰতংগত তেজ লাগি আছিল ৷ চিকিৎসালয়তো মোৰ প্ৰতিটো অংগ-প্ৰতংগ লিৰিকি-বিদাৰি চাইছিল ৷ ঘৰৰ সকলো সদস্যই মোক ঘীণ কৰিছিল ধৰ্ষিতা বুলি ৷ ঠা