সবনম চৌধুৰী®

আমি আমাৰ ইতিহাস পাহৰি গৈছো, মৃত্যুৰ কাফন মূৰত লৈ ফুৰা জাতি আজি সকলোতে লাঞ্চিত-বঞ্চিত-শোষিত-পীড়িত হ'ব লগা হৈছে ৷ সেয়ে মাত্ৰ অ' আ" বৰ্ণৰ কেইগৰাকীমান মহান বীৰ ছহিদ নাম উল্লেখ কৰিলো, যি 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই শক্তি প্ৰদৰ্শন কৰি ছহিদ হৈছিল- আব্দুল (ফ্ৰেছাৰ নামৰ বৃটিছ অফিচাৰৰ হত্যাৰ অভিযোগত মৃত্যুদণ্ড), আব্দুৰ ৰহিম খান (মুজাফ্ফৰ নগৰ, চিপাহী বিদ্ৰোহত জড়িত), নবাব আব্দুৰ ৰহমান খান (হাৰিয়ানা), আব্দুৰ ৰহমান পাঠান (দিল্লী), আব্দুল্লাহ শ্বেখ (দিল্লী), আব্দুল্লা ( ফাঁচী দি মাৰে), আবিদ আলি খান (মোৰদাবাদৰ আদিবাসী), আবিদুদ্দিন আব্বাছ (দিল্লী) আবু আব্বাছ (দিল্লী), আবু বক্কৰ মিৰ্জা (দিল্লী), আচ্ছান খান (অযোধ্যা), আয়েজাজ শ্বাহ, আফচাৰ ইয়াৰ খান, আগা হুছেইন পাঠান, আহদু খান, আহমদ বক্স, আহমদ ইয়াৰ খান, আহমদুল্লা খান, আহমদুল্লা শ্বাহ, আহমদ আলি খান, আহমদ বক্স শ্বেখ, আহমদ বক্স মোগল, আহমেদ খান (দিল্লী), আহমেদ খান (পঞ্জাৱ) আহমদ মীৰ্জা ( হাৰিয়ানা), আজাইব খান, আজমীৰ খান(ৰাজস্থান), আকবৰ খান (হাৰিয়ানা), আকবৰ খান (গুৰগাঁও), আকবৰ চিকু, আল্লাউদ দৌলা, আলা উদ্দিন শ্বেখ, আলি বাহাদুৰ, আলি বক্স, আলি গৌহৰ, আলি হাইদৰ খান, আলিম খান, আলি মহম্মদ, আল্লা বক্স ইত্যাদি ৷ দেশৰ নামত আত্ম-বলিদান দিয়া হেজাৰ হেজাৰ ছহিদৰ জাতি আজি উৎপেক্ষিত ৷ যিজনে যি পাইছে, যাৰ যি মন গৈছে তেনেকৈয়ে দয়া-মমতাহীন ভাৱে গালি দি গৈছে ! মুছলিম জাতিটো এনেদৰে নেজ পাৰি বহি পৰিছে যে মূৰৰ ওপৰেৰে চুনামি পাৰ হৈ গ'লেও কোনোৱে উঠি থিয় নহ'ব ৷ বীৰ জাতিৰ এই অধঃপতন লজ্জাজনক ৷ বিশেষকৈ লক ডাউনত শিশু সকল ফেৰাউনৰ যুগলৈ ওভতি গৈছে, য'ত শিক্ষা আছিল কিন্তু পৰীক্ষা নাছিল !   মুছলমানৰ হেৰুৱা ইতিহাস ওভতাই পাবলৈ হ'লে হাতৰ পৰা বিড়ি, চাদা, গুটখা, ৰজনী, ড্ৰাগছ আঁতৰাই কলম তুলি দিয়ক, কোনেও আঙুলি তুলি তুচ্ছ-তাচিল্য কৰি ক'ব নোৱাৰিব - শৰাইঘাটৰ শেষ ৰণ জিকাৰ কথা, তোমাৰ ভোট নালাগে, তিনি তালাক কিম্বা ৰাসায়নিক আক্ৰমনৰ কথা !

Comments

Popular posts from this blog

Assamese comedy story

কনকলতা বৰুৱা

অসমৰ মুছলমান